• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গোলাঘাট জিমখানাত জুবিনক দুৰ্ব্যৱহাৰ : কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ গৰিহণা

ঋতুপল্লৱ শইকীয়া by ঋতুপল্লৱ শইকীয়া
May 4, 2019 9:18 pm
03-05-19 Golaghat- Zubeen Garg performing Rangali Bihu (1)

গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ বিহুত গীত পৰিৱেশনৰ সময়ত জুবিন গাৰ্গ। ফটো : য়ু বি

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত অনুষ্ঠান পৰিৱেশন কৰিবলৈ আহি জুবিন গাৰ্গে গোলাঘাট জিমখানা ৰিজৰ্ট কৰ্তৃপক্ষৰ দুৰ্ব্যৱহাৰৰ সন্মুখীন হোৱা ঘটনাকলৈ গোলাঘাটত এতিয়া তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

সমাজে এখনে নিমন্ত্ৰণ কৰি আনি আপ্যায়ন কৰা এগৰাকী অতিথিক ৰিজৰ্ট কৰ্তৃপক্ষই বলপূৰ্বক উলিয়াই পঠিওৱা কাৰ্যক গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ উদযাপন সমিতিয়ে তীব্ৰ গৰিহণা দিয়ে আৰু ভৱিষ্যতে কোনো শিল্পী,কলা-কুশলীক উক্ত হোটেলত থাকিবলৈ নিদিয়ে বুলি মন্তব্য কৰিছে।

Apply Now

উল্লেখযোগ্য যে এইবাৰ জিমখানা ৰিজৰ্টৰ স্বত্বাধিকাৰী বিজয়লক্ষ্মী বৰুৱা আৰু দেৱশ্যাম বৰুৱাই সন্মিলনৰ উদ্যোক্তাসকলক সন্মিলনলৈ আমন্ত্ৰণ জনোৱা শিল্পীগৰাকীক তেওঁলোকৰ ৰিজৰ্টত সম্পূৰ্ণ বিনামূলীয়াকৈ ৰখাৰ প্ৰস্তাৱ দিছিল আৰু সেই অনুযায়ী জুবিন গাৰ্গ উক্ত ৰিজৰ্টত আছিল। কিন্তু অনুষ্ঠানৰ অন্তত পিছদিনা জিৰণি লৈ থকা শিল্পীগৰাকীক তেওঁ নিজে ওলাই অহাৰ পূৰ্বেই জোৰকৈ কোঠা খালি কৰি ওলাই আহিবলৈ কৰ্তৃপক্ষই বাধ্য কৰে।

উক্ত কাৰ্যৰ বিৰুদ্ধে শুকুৰবাৰে নিশা শিল্পী গৰাকীয়ে সোণাৰীত অনুষ্ঠিত বিহু সন্মিলনত ক্ষোভ প্ৰকাশ কৰে। উল্লেখযোগ্য যে আজি শিল্পী গৰাকীৰ উক্ত বক্তব্য সম্বলিত ভিডিও আৰু বাতৰি সম্প্ৰচাৰ হোৱাৰ লগে লগে গোলাঘাটৰ অন্যান্য দল- সংগঠন আৰু সুধী সমাজেও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

আনকি দুই-এক সংগঠনে ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ অনুজ্ঞাপত্ৰ বাতিলৰ দাবী জনাইছে। মনকৰিবলগীয়া যে শিল্পী গৰাকীৰ কোঠাটোক লৈ সৃষ্টি হোৱা অসুবিধা সম্পৰ্কে ৰিজৰ্ট কৰ্তৃপক্ষই বিহু কমিটিক অৱগত কৰা নাছিল।

ইপিনে এই সমগ্র ঘটনা সম্পৰ্কত জিমখানাৰ তৰফৰ পৰা দেৱশ্যাম বৰুৱাই জনোৱা মতে তেওঁলোকে এটা দিনৰ বাবে শিল্পী গৰাকীৰ থকা-খোৱাৰ সকলো দায়িত্ব লৈছিল আৰু সেই অনুসৰি সকলো সুবিধা প্ৰদান কৰিছিল। কিন্তু দ্বিতীয় দিনা অৰ্থাৎ ৩ মে’ত শিল্পী গৰাকীক দিয়া কোঠাটো গোলাঘাটত অনুষ্ঠিত হৈ থকা টেবুল টেনিছ প্ৰতিযোগিতাত যোগদান কৰিবলৈ অহা ডিব্ৰুগড়ৰ এটা পৰিয়ালে বুক কৰি থৈছিল। গতিকে উক্তদিনা প্ৰায় ২.৩০ বজাত উক্ত পৰিয়ালটোৱে আহি কোঠাটো বিচাৰে।

যিহেতু ৰিজৰ্টখনত মাত্ৰ চাৰিটা থকা কোঠাৰ ব্যৱস্থা আছে,গতিকে তেনেস্থলত উক্ত পৰিয়ালটোক ৰাখিবলৈ পৃথক কোঠা নথকাত শিল্পীগৰাকীক কোঠাটো আজৰি কৰি দিবলৈ অনুৰোধ জনোৱা হয় বুলি বৰুৱাই উল্লেখ কৰে। কিন্তু বিয়লি ৪.৩০ বজা পৰ্য্যন্ত জুবিনে কোঠাতো আজৰি কৰি দিয়াৰ বাবে কোনোধৰণৰ সঁহাৰি নজনোৱাত তেওঁক জোৰ কৰি কোঠা খালি কৰিবলৈ কোৱা হয় অন্যথা প্ৰশাসনৰ সহায় ল’ব বুলি কৰ্তৃপক্ষই উল্লেখ কৰে।

পিচে, হোটেল কৰ্তৃপক্ষই যিমানেই স্পষ্টীকৰণ নিদিয়ক কিয় অসমৰ আটাইতকৈ জনপ্ৰিয় শিল্পী গৰাকীক কৰা দুৰ্ব্যৱহাৰৰ বাবে জিমখানা কৰ্তৃপক্ষক গোলাঘাটৰ ৰাইজে সদায় গৰিহণা দিব আৰু জগৰীয়া কৰিব।

ঋতুপল্লৱ শইকীয়া

ঋতুপল্লৱ শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd