NORTHEAST NOW (Assamese)

গোলাঘাট চুলাই মদ কাণ্ড; মাৰ্ঘেৰিটাত পৰিমল শুক্ল বৈদ্যৰ পুত্তলিকা দাহ

February 23, 2019 5:02 pm · মানস প্ৰতিম গগৈ
Updated: February 23, 2019 5:14 pm
মাৰ্ঘেৰিটাত যুৱ ছাত্ৰ পৰিষদৰ দ্বাৰা আবকাৰী মন্ত্ৰী পৰিমল শুক্ল বৈদ্যৰ পুত্তলিকা দাহ

বিষাক্ত সুৰাপান কৰি গোলাঘাট জিলাত প্ৰায় শতাধিক লোকৰ মৃত্যুৰ ঘটনাই সমগ্ৰ ৰাজ্য জোকাৰি যোৱা সময়তে আজি তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আবকাৰী মন্ত্ৰী পৰিমল শুক্ল বৈদ্যৰ পুত্তলিকা দাহেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

আবকাৰী মন্ত্ৰী আৰু আবকাৰী বিভাগৰ চূড়ান্ত গাফিলতিৰ বাবেই অসমৰ ইতিহাসত এনে মৰ্মান্তিক এক ভয়ংকৰ ঘটনা সংঘটিত হ’বলৈ পালে বুলি অভিযোগ আনি যুৱ-ছাত্ৰ পৰিষদৰ সদস্য সকলে বিভিন্ন শ’গানেৰে লিডুৰ কলেজ তিনিআলিৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ উত্তাল কৰি তোলে।

সংগঠনটোৰ তিনিচুকীয়া জিলা সমিতিৰ উপদেষ্টা সঞ্জীৱ ওলুপ আৰু ভাৰপ্ৰাপ্ত সম্পাদক কাঞ্চন বৰাৰ নেতৃত্বত অৰ্ধ শতাধিক প্ৰতিবাদকাৰীয়ে মাৰ্ঘেৰিটা মহকুমাতো গঢ় লৈ উঠা অবৈধ মদৰ ঘাটি আৰু চুলাই মদৰ ভাটি সমূহ উচ্ছেদ কৰা লগতে সমগ্ৰ অসমতে লালী গুৰুৰ অবৈধ বেহা আৰু চুলাই মদৰ বিক্ৰীৰ নিষিদ্ধ কৰিবলৈ দাবী জনায়।

বগাহাতীত পৰিণত হোৱা আবকাৰী বিভাগে লালি গুৰুৰ বেহা আৰু চুলাই মদৰ বেহা অনতিপলমে বন্ধ নকৰিলে ইয়াৰ বিৰুদ্ধে জংগী আন্দোলনৰ হুংকাৰ দি সংগঠনটোৱে লগতে নিহত তথা অসুস্থ হৈ পৰা প্ৰতিজন ব্যক্তিৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে অসম চৰকাৰৰ ফালৰ পৰা তেওঁলোকক উচিত ক্ষতিপূৰণ দিয়াৰ দাবী জনায়।

Related News