NORTHEAST NOW (Assamese)

গোলাঘাটত ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান; নিশা ড্ৰাগছ সহ গ্ৰেপ্তাৰ ড্ৰাগছ ব্যৱসায়ী

May 29, 2021 10:44 am · মীনাক্ষী ফুকন
ফটো: নৰ্থইষ্ট নাও।

ৰাজ্যজুৰি আৰক্ষী-প্ৰশাসনৰ ৰদ-বদলৰ পিছতেই সমগ্র ৰাজ্যত চলিছে ড্ৰাগছ ব্যৱসায়ৰ উৎখাত অভিযান। এইক্ষেত্ৰত পিছ পৰি ৰোৱা নাই গোলাঘাট আৰক্ষীও।

দীৰ্ঘদিন ধৰি জিলাখনত ড্ৰাগছৰ কৱলত পৰি বহু প্ৰতিভাৱান যুৱক-যুৱতী ধ্বংসৰ গৰাহলৈ গতি কৰিছে।

যদিও আৰক্ষীৰ ধাৰাবাহিক অভিযানত বহু ড্ৰাগছ আসক্ত যুৱক-যুৱতী সহ  ড্ৰাগছ ব্যৱসায়ী আটক হৈছিল, তথাপি আৰক্ষীৰ চকুত ধুলি দি অন্য একাংশ  ড্ৰাগছ মাফিয়াই চলাই নিছিল ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়।

পুনৰ কালি নিশাৰ ভাগত গোলাঘাটত ড্ৰাগছৰ  বিৰুদ্ধে কঠোৰ অভিযান চলালে গোলাঘাট আৰক্ষীয়ে l অভিযানত ২.৫ গ্ৰাম ড্ৰাগছ সহ এখন স্কুটী কৰায়ত্ত কৰিবলৈ সক্ষম হয় গোলাঘাট আৰক্ষী।

গোলাঘাট সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক বৰা নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে গোলাঘাট নগৰস্থিত কুমাৰপট্টীৰ পৰা অভিষেক দাস নামৰ এটা ড্ৰাগছ ব্যৱসায়ীকো ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে l

উল্লেখযোগ্য যে, নগালেণ্ড সীমাত অৱস্থিত জিলাখনত দিনক দিনে ড্ৰাগছে ছানি ধৰাত এক  বিভীষিকাময় পৰিবেশৰ সৃষ্টি হৈছে।

প্ৰতিজন পিতৃ-মাতৃৰ চিন্তাৰ বিশেষ কাৰণ হৈ পৰা এই ড্ৰাগছৰ পৰা যুৱ প্ৰজন্মক উদ্ধাৰ কৰিবলৈ লোৱা আৰক্ষীৰ এই ধাৰাবাহিক আৰু জোৰদাৰ অভিযানক  সকলোৱে একেমুখে শলাগ লৈছে।

Related News