NORTHEAST NOW (Assamese)

গোলাঘাটত বিশেষভাৱে সক্ষম যুৱতীক ধৰ্ষণ; এজনক আটক

May 24, 2019 10:04 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ছবি

গোলাঘাট জিলাৰ অকা তিনিআলিত সংঘটিত বিশেষভাৱে সক্ষম এগৰাকী যুৱতীক ধৰ্ষণ কৰা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ঘটনাৰ বিৱৰণি মতে বিশেষভাৱে সক্ষম যুৱতী গৰাকীক ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি শেনছোৱা গাঁৱৰ নিত্যানন্দ গগৈয়ে ধৰ্ষণ কৰা বুলি অভিযোগ উত্থাপন হৈছে।

পিছত স্থানীয় ৰাইজে নিত্যানন্দক স্থানীয় ৰাইজে হাতে-লোটে কৰায়ত্ত কৰি উত্তম-মধ্যম শোধাই আৰক্ষীক চমজাই দিয়ে। উল্লেখযোগ্য যে স্থানীয় অঞ্চলৰে এটা পৰিয়ালত কাঠ মিস্ত্ৰী হিচাপে কাম কৰি আছিল অভিযুক্ত নিত্যানন্দ গগৈয়ে।

আৰু যুৱতীগৰাকীৰ পিতৃ-মাতৃ দিন-হাজিৰা কৰাৰ উদ্দেশ্যে ঘৰৰ পৰা ওলাই যোৱাৰ সুযোগ গ্ৰহণ কৰিয়ে অভিযুক্ত নিত্যানন্দই এই কাণ্ড সংঘটিত কৰে বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে।

Related News