গোলাঘাটত নতুনকৈ ৬১জন লোক কৰ’নাত আক্ৰান্ত; সক্ৰিয় ৰোগীৰ সংখ্যা ২০৫ লৈ বৃদ্ধি

মাস্ক নিপিন্ধা লোকৰ বিৰুদ্ধে গোলাঘাট পৌৰসভা এলেকাত তিনি দিনত ৩৯,৯০০টকাৰ জৰিমনা সংগ্ৰহ

COVID19-image-credit-Odishatv-750x375

প্ৰতিনিধিত্বমূলক ফটো।

গোলাঘাট জিলাত বৃহস্পতিবাৰে নতুনকৈ ৬১জন লোকৰ দেহত ক’ভিড-১৯ৰ সংক্ৰমণ ধৰা পৰিছে। ইয়াকে লৈ জিলাখনত বৰ্তমান সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা ২০৫ লৈ বৃদ্ধি পাইছে।

ইয়াৰে ১৩৯জন ঘৰতে আছুতীয়াকৈ থকাৰ বিপৰীতে ৬১জন লোক গোলাঘাট ক’ভিড চিকিৎসালয়, ৩জন যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পাতাল আৰু দুজন গুৱাহাটীত চিকিৎসাধীন হৈ আছে ।

বৃহস্পতিবাৰে ২,০৯১জন লোকৰ ৰেপিড এন্টিজেন টেষ্ট আৰু ১০৯জনৰ আৰ টি পি চি আৰ পৰীক্ষা কৰা হয়। ৰেপিড টেষ্টতে ৬১জন লোকৰ দেহত সংক্ৰমণ ধৰা পৰে।

উল্লেখযোগ্য যে গোলাঘাট জিলাত পহিলা এপ্ৰিলৰ পৰা এতিয়ালৈকে ২৬,০৭২ টা ৰেপিড এন্টিজেন টেষ্ট কৰা হৈছে। এই সময়ছোৱাত জিলাখনত ২৭০ জন লোক এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হয়। অৱশ্যে বৰ্তমান ইয়াৰে ২০৫ জনহে সক্ৰিয় ক’ভিড ৰোগী ।

জিলাখনত এই সময়ছোৱাত দুজন লোকৰ ক’ভিডত মৃত্যু হৈছে। গোলাঘাটত কৰ’না ভাইৰাছৰ সংক্ৰমণ ক্ৰমাৎ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে  সতৰ্কতামূলক ব্যৱস্থাসমূহ অধিক কঠোৰভাৱে পালনত গুৰুত্ব আৰোপ কৰিছে।

কালি তৃতীয় দিনাও জিলাখনত ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰা লোকৰ বিৰুদ্ধে কৰ্মবাহিনীসমূহে ব্যাপক অভিযান চলায়। অৱশ্যে ৰাইজৰ মাজত মাস্ক পৰিধানক লৈ সজাগতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

বৃহস্পতিবাৰে গোলাঘাট পৌৰসভা এলেকাত মাস্ক পৰিধান নকৰা লোকৰ পৰা ৬,৪০০টকাৰ জৰিমনা আদায় কৰা হয়। ইয়াকে লৈ যোৱা তিনিটা দিনত গোলাঘাট নগৰত  মুঠ ৩৯,৯০০টকাৰ জৰিমনা বিহা হৈছে।

ক’ভিডৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে জিলাখনৰ বিভিন্ন ৰাজহুৱা স্থান, দোকান -বজাৰ আদিত ক’ভিড বিধিসমূহ পালন কৰাত জিলা উপায়ুক্তই গুৰুত্ব আৰোপ কৰিছে।

তেওঁ সঠিকভাৱে মাস্ক পৰিধান কৰাৰ লগতে স্বাস্থ্য বিধিসমূহ মানি এই ৰোগ প্ৰতিৰোধত স্বাস্থ্য বিভাগ আৰু প্ৰশাসনক সহায় কৰিবলৈ পুনৰ এবাৰ ৰাইজৰ প্ৰতি আহ্বান জনাইছে।

ইপিনে গোলাঘাট নগৰত কালি জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্য্যালয়ৰ উদ্যোগত স্থায়ী অনুভাষ যন্ত্ৰৰ সহায়ত ক’ভিড বিধিসমূহ মানি চলাৰ বাবে সজাগতা সৃষ্টিৰ প্ৰয়াস চলোৱা হয়।

গোলাঘাট জিলাত ক’ভিড-১৯ৰ প্ৰতিষেধক প্ৰদান কার্যসূচীও অব্যাহত আছে।  জিলাখনত যোৱা ১৬ জানুৱাৰীৰ পৰা কালিৰ দিনটোলৈকে ৬০,৮৬৮ পালি ক’ভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে।

ফ্ৰণ্টলাইন কৰ্মীক এতিয়ালৈকে ১১,২৮২টা প্ৰথম পালি আৰু ৭,০৬৪টা দ্বিতীয় পালি প্ৰতিষেধক দিয়া হৈছে।

আনহাতে, স্বাস্থ্যসেৱা কৰ্মীক ৫,৩৪৩ টা প্ৰথম পালি আৰু ৩,৮৪৬ টা দ্বিতীয় পালি দিয়া হৈছে। একেদৰে ৪৫ বছৰ বয়সৰ উৰ্ধৰ লোকক ৩০,১৫২ টা প্ৰথম পালি আৰু ৩,১৮১ টা দ্বিতীয় পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে।

জিলাখনত এতিয়ালৈকে ৩১৮ ভায়েল কোভাক্সিন আৰু ৫,৭৮৬ ভায়েল কোভিশ্বিল্ড প্ৰতিষেধক প্ৰদান কৰা হৈছে।