নিৰ্বাচনৰ বাবে সাজু গোলাঘাট মহকুমা : ৩৮৬৮৪১ ভোটাৰে নিৰ্ণয় কৰিব ৩৫৬ গৰাকী প্ৰাৰ্থীৰ ভাগ্য

Panchayat-Raj-in-India

অৱশেষত অসমৰ গ্ৰামঞ্চলৰ ৰাইজৰ বহু প্ৰতীক্ষিত নিৰ্বাচনী ক্ষণ সমাগত।এখন গণতান্ত্ৰিক ৰাষ্ট্ৰৰ নাগৰিক আৰু পঞ্চায়তীৰাজ ব্যৱস্থাৰ একোগৰাকী সিদ্ধান্ত নিৰ্ণয়কাৰী ভোটাৰ হিচাবে কালিলৈ হাজাৰ হাজাৰ লোকৰ লগতে গোলাঘাট মহকুমাৰ  গ্ৰামাঞ্চলৰ ৰাইজেও ভোটদান কৰিব। মন কৰিবলগীয়া যে মোডীৰ ডিজিটেল ভাৰতৰ অংগ ৰাজ্য হিচাবে এইবাৰ অসমৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযানত বিশেষ ভূমিকা লৈছে মোবাইল আৰু ছ’চিয়েল মেডিয়াই।

অৰ্থাৎ প্ৰতিটো দলৰ প্ৰতি গৰাকী প্ৰাৰ্থীৰ প্ৰচাৰত মোবাইলে বিশেষ ভূমিকা লৈছে। নিৰ্বাচনী সমদল, প্ৰচাৰ সভা, পোষ্টাৰিং আদিৰ সমান্তৰালভাৱে হোৱাতছএপ, ফেচবুকৰ জৰিয়তে হোৱা প্ৰচাৰ আৰু সমালোচনাই পঞ্চায়ত গঠন প্ৰক্ৰিয়াত এইবাৰ বাৰুকৈয়ে প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে।

ইফালে  প্রথম পয্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’বলৈ মাজত  মাত্ৰ কেইঘণ্টামান সময় বাকী থকা অৱস্থাত গোলাঘাট মহকুমাৰ প্ৰাৰ্থীসকলো উকণ্ঠিত হৈ পৰিছে। মহকুমাটোত সফল আৰু শান্তিপূৰ্ণ নিৰ্বাচন অনুষ্ঠিত কৰিবৰ বাবে ইতিমধ্যে জিলা প্ৰশাসনে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। দূৰণিবটীয়া ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈ ইতিমধ্যে পোলিং বিষয়াসকল ৰাওনা হৈছে।

জিলা প্ৰশাসনৰ পৰা পোৱা তথ্য অনুসৰি মহকুমাটোত কালিলৈ পুৱা ৭-০০বজাৰ পৰা  ৩-০০ বজালৈকে মুঠ ৬৩২টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ কৰা হ’ব। অৱশ্যে ইয়াৰে ১৬৬ টা স্পৰ্শকাতৰ আৰু ৩৮ টা ভোটকেন্দ্ৰক অতি স্পৰ্শকাতৰ হিচাবে চিনাক্ত কৰি নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে।

উল্লেখযোগ্য যে মহকুমাটোত ১০ খন জিলা পৰিষদ সমষ্টিৰ আসন, ৬১খন আঞ্চলিক পঞ্চায়ত সমষ্টিৰ আসন, ৬১ খন গাঁও পঞ্চায়ত সভাপতিৰ আসন আৰু ৬১০খন গাঁও  পঞ্চায়ত সদস্যৰ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব। মহকুমাটোত মুঠ ভোটাৰৰ সংখ্যা হৈছে ৩৮৬৮৪১, ইয়াৰে ১৯৭৭৬৫ গৰাকী পুৰুষ ভোটাৰ আৰু ১৮৯০৭৬ গৰাকী মহিলা ভোটাৰ। উক্ত নিৰ্বাচনত ৬১ খন গাঁও পঞ্চায়ত সভাপতি আসনৰ বাবে অগপ, বিজেপি আৰু কংগ্ৰেছৰ ১৮২ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। অৱশ্যে ৪নং সীমান্ত গাঁও পঞ্চায়ত আৰু ১০ নং ৰঙাজান গাওঁ পঞ্চায়তত অগপই প্ৰাৰ্থিত্ব প্ৰদান কৰা নাই। ইয়াৰে  ৫ নং পূব ব্ৰহ্মপুত্ৰ গাঁও পঞ্চায়তত ডালিমী দাস, ১নং পুলিবৰ গাঁও পঞ্চায়তত লাচিত ফুকন, ১ নং কমাৰবন্ধা গাঁও পঞ্চায়তত ঘনকান্ত বৰা, ১নং পূব মৰঙী গাঁও পঞ্চায়তত দিপাঞ্জলি সাগৰ, ২নং ৰংদৈ গাঁও পঞ্চায়তত তিনিগৰাকীকৈ ক্ৰমে মনোজ শইকীয়া, ৰাজু দাস আৰু যমুনা ফুকন আৰু ৪নং ফলঙণি গাঁও পঞ্চায়তত জাফেট কুলুৱে নিৰ্দলীয় প্ৰাৰ্থিত্ব আগবঢ়াইছে।

আনহাতে, চি পি আই দলৰ একমাত্র প্ৰাৰ্থীগৰাকী হ’ল  ৪নং ফৰকাটিং গাঁও পঞ্চায়তৰ দিগন্ত হাজৰিকা(পাপু)। তেনেদৰে আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ বাবে অগপ, বিজেপি আৰু কংগ্ৰেছ দলৰ পৰা সৰ্বমুঠ ১৪৪ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। অৱশ্যে ইয়াৰে ৬নং গমাৰিগুৰি আঞ্চলিক পঞ্চয়ত আৰু ৪নং মৰঙী আঞ্চলিক পঞ্চায়তত অগপই প্ৰাৰ্থিত্ব প্ৰদানৰ পৰা বিৰত থাকে।

চাৰিগৰাকী নিৰ্দলীয় প্ৰাৰ্থী হল ক্ৰমে ২ নং কাকডোঙা আঞ্চলিক পঞ্চায়ত সমষ্টিত বিশ্ব পেগু, গোলাঘাট পূব আঞ্চলিক পঞ্চায়ত (২নং গোলাঘাট গাঁও পঞ্চায়ত )পদুমণিত ৰমেশ বৰা(ধন), গোলাঘাট পূব আঞ্চলিক পঞ্চয়তত, পদুমণি(৪নং ফৰকাটিং গাঁও )জানমণি বৰা আৰু ৪নং মৰঙী আঞ্চলিক গাঁও পঞ্চায়ত, মৰঙীত ৰাজীৱ ভেংৰাই প্ৰতিদ্বন্দ্বিতা কৰিছে। জিলা পৰিষদৰ দহখন আসনৰ বাবে তিনিওটা দলৰ ৩০গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছে যত ১৭ গৰাকী হৈছে মহিলা প্ৰাৰ্থী। গতিকে এই সকলৰ মাজত ভোটাৰ ৰাইজে কাৰ কাৰ ভাগ্য নিৰ্ণয় কৰিব তাৰ বাবে সকলোৱে আগ্ৰহেৰে বাট চাইছে।