নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত খহনীয়া অব্যাহত; গোলাঘাটত কংগ্ৰেছ নেতা প্ৰাঞ্জল শইকীয়াৰ বিজেপিত যোগদান

BJP Join

কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰা প্ৰাঞ্জল শইকীয়া।

লোকসভা নিৰ্বাচনৰ পূৰ্বে অসমত কংগ্ৰেছ দলৰ খহনীয়া অব্যাহত আছে। এজন এজনকৈ কংগ্ৰেছ নেতাই দল ত্যাগ কৰি বিজেপিত যোগদান কৰিছে। আজি গোলাঘাটত কংগ্ৰেছ নেতা প্ৰাঞ্জল শইকীয়াই বিজেপি দলত যোগদান কৰে। বিজেপিত যোগদানৰ পূৰ্বে শইকীয়াই গোলাঘাট জিলা যুৱ কংগ্ৰেছৰ সভাপতি হিচাপে কাৰ্য্যনিৰ্বাহ কৰি আছিল।

আজি কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত সৰুপথাৰ বিধানসভা সমষ্টিৰ ছেৱাগুৰিত অনুষ্ঠিত হোৱা বিজেপিত যোগদান কাৰ্য্যসূচীত সমৰ্থকৰ সৈতে গেৰুৱা বসন পৰিধান কৰে কংগ্ৰেছী নেতাগৰাকীয়ে।

লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বে যুৱ কংগ্ৰেছৰ নেতাগৰাকীৰ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাৰ ফলত কলিয়াবৰ সমষ্টিত কিছু পৰিমাণে হ’লেও লাভান্বিত হ’ব মিত্ৰজোটৰ প্ৰাৰ্থী মনিমাধৱ মহন্ত।

উল্লেখযোগ্য যে, চলিত মাহৰ এক তাৰিখে অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ সম্পাদক তথা লোকসভা নিৰ্বাচনৰ বাবে নিখিল ভাৰত কংগ্ৰেছ কমিতিয়ে গঠন কৰি দিয়া মিডিয়া কোষৰ সমন্বয়ৰক্ষী কমিতিৰ সম্পাদক বিভূতি ভূষণ বৰঠাকুৰেও কংগ্ৰেছ আৰু এ আই য়ু ডি এফৰ মিত্ৰতাৰ অভিযোগ তুলি কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল।

অধিক খবৰৰ বাবে পঢ়ক :https://assam.nenow.in/ex-assam-pradesh-congress-committee-secretary-bibhuti-bhusan-barthakur-joins-bjp-ahed-of-loksabha-poll/