NORTHEAST NOW (Assamese)

এইবাৰ থাইলেণ্ডত উজলিল গোলাপ ৰাভা; আজুৰিলে ‘মিষ্টাৰ য়ুনিভাৰ্ছ’ আৰু ‘মিষ্টাৰ এছিয়াৰ’ সন্মান

November 26, 2018 7:44 am · এন ই নাও নিউজ

অলপতে য়ুৰোপৰ লিথুৱানিয়াত অনুষ্ঠিত হোৱা শৰীৰ চৰ্চা প্ৰতিযোগিতাত তিনিটাকৈ সোণৰ পদক অৰ্জন কৰি অসমবাসীক গৌৰৱান্বিত কৰা শৰীৰ চৰ্চাবিদ গোলাপ ৰাভাই পুনৰ আজুৰিছে আন এক সফলতা। এইগৰাকী বকোৰ শৰীৰ চৰ্চাবিদ গোলাপ ৰাভাই এইবাৰ সক্ষম হৈছে ‘মিষ্টাৰ য়ুনিভাৰ্ছ’ খিতাপ দখল কৰিবলৈ।

ডব্লিউ এফ এফ-ডব্লিউ বি বি এফৰ উদ্যোগত যোৱা ২৪ আৰু ২৫ নৱেম্বৰত থাইলেণ্ডৰ পাট্টায়াত অনুষ্ঠিত হোৱা ‘মিষ্টাৰ য়ুনিভাৰ্ছ’ চেম্পিয়নশ্বিপত অংশ লৈ গোলাপ ৰাভাই এই কৃতিত্বৰ অধিকাৰী হ’বলৈ সক্ষম হয়।

উল্লেখ্য যে প্ৰতিযোগিতাখনত অসমৰ শৰীৰ চৰ্চাবিদগৰাকীয়ে আশী কিলোগ্ৰামৰ দুটা ইভেণ্টত অংশগ্ৰহণ কৰি সফলতাৰে দুয়োটা ইভেণ্টতে সোণৰ পদক অৰ্জনেৰে মিষ্টাৰ য়ুনিভাৰ্ছ আৰু মিষ্টাৰ এছিয়াৰ সন্মানৰ অধিকাৰী হয়।

উল্লেখ্য যে বকোৰ কলিয়াবৰীৰ নিবাসী গোলাপ ৰাভাই ইয়াৰ পূৰ্বেও ২০১৭ আৰু ১৮ বৰ্ষত মিষ্টাৰ ইণ্ডিয়া আৰু ২০১৮ বৰ্ষতে মিষ্টাৰ এছিয়া খিতাপ দখল কৰি অসমবাসীক গৌৰৱান্বিত কৰিছিল।

Related News