• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অলিম্পিকত জয়ী হৈ অহাৰ পিছত সকলো চেনেললৈ নিজেই সাক্ষাৎকাৰ দিবলৈ যাম : হিমা

এন ই নাও নিউজ by এন ই নাও নিউজ
September 8, 2018 1:57 pm
88854886-785f-4960-bd08-afc6fe99b8de

শনিবাৰে সৰুসজাই ষ্টেডিয়ামৰ প্ৰেক্ষাগৃহত সংবাদমেল সম্বোধন কৰাৰ মুহূৰ্তত স্বৰ্ণকন্যা হিমা দাস। ফটো :

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এছিয়ান গেইমছত অভূতপূৰ্ব সাফল্য লাভ কৰি নিজ ৰাজ্যলৈ উভতি অহাৰ পিছত শুকুৰবাৰে ৰাজ্য চৰকাৰৰ উদ্যোগত আয়োজন কৰা বৃহৎ অভিনন্দন অনুষ্ঠানৰ পিছত শনিবাৰে সৰুসজাই  ষ্টেডিয়ামৰ প্ৰেক্ষাগৃহত এখন সংবাদমেল সম্বোধন কৰে স্বৰ্ণকন্যা হিমা দাসে।

হিমাই প্ৰথমতে অসমবাসীক ধন্যবাদ জনায়। অসম চৰকাৰক বিশেষভাৱে ধন্যবাদ জনোৱাৰ লগতে, জুবিন গাৰ্গ, অসমৰ ক্ৰীড়া বিভাগ,সৰুসজাই ষ্টেডিয়ামৰ কৰ্মকৰ্তা আৰু তেওঁক বিভিন্ন ধৰণে সহায় কৰা সকলোকে হিমাই ধন্যবাদ জ্ঞাপন কৰে।

হিমাই কয়, ‘’ৰ’দত দৌৰিব লাগিব তেতিয়াহে নতুন খেলুৱৈ ওলাব। আঘাত পাইছো, কিন্তু আঘাত নোপোৱাকৈ কেতিয়াও খেলিব নোৱাৰি।‘’

‘সময় আৰু ভাল কৰিব লাগিব মই,’ বুলি ব্যক্ত কৰি হিমাই কয়, ‘’মই সময়ৰ পিছত দৌৰো, কোনো মেডেলৰ পিছত নদৌৰো।‘’

হিমাই লগতে কয়, ‘’ ৪০০ মিটাৰ দৌৰত বেছিকৈ গুৰুত্ব দিয়া হয় যদিও ২০০ মিটাৰতো গুৰুত্ব দিওঁ।‘’

ইপিনে, চাকৰিৰ বিষয়টো এতিয়া চিন্তা কৰা নাই বুলি জানিব দি ধিং এক্সপ্ৰেছ খ্যাত হিমাই কয়, ‘’অলপ দিন ভাবো, তাৰ পিছত চৰকাৰে দিয়া অ’ফাৰৰ বিষয়ে সিদ্ধান্ত ল’ম।‘’

অসমৰ খেলুৱৈসকলক চৰকাৰে আৰ্থিকভাৱে সহায় কৰা প্ৰয়োজন বুলি মত প্ৰকাশ কৰে এছিয়ান গেইমছত স্বৰ্ণ পদক অৰ্জন কৰা খেলুৱৈগৰাকীয়ে।

সংবাদমেলত দেউতাকৰ পৰা বহু অনুপ্ৰেৰণা লাভ কৰিছিল বুলি উল্লেখ কৰি হিমাই জানিব দিয়ে যে ‘’দেউতাই ভাল ফুটবল খেলিছিল।‘’ ঘৰৰ পৰা ওলাই সৰুসজাই নহাহেঁতেন ইমানখিনি সফলতা অৰ্জন কৰিব নোৱাৰিলেহেঁতেন বুলিও হিমাই অকপটে স্বীকাৰ কৰে।

আনহাতে, জুবিনক বহুত ভাল লাগে বুলি ব্যক্ত কৰি হিমাই কয়,’’ জাকাৰ্টাত জুবিন গাৰ্গ, লক্ষজ্যোতি কোঁৱৰ আৰু অন্য বহুকেইগৰাকী অসমীয়াই উদগনি যোগোৱাৰ বাবে সফল হ’ব পাৰিলো।‘’

প্ৰৱল আত্মবিশ্বাস আৰু দৃঢ় প্ৰত্যয়েৰে হিমাই কয়, ‘’অসমবাসীয়ে  কেৱল আশীৰ্বাদ দিয়ক বাকী মই কেনেকৈ মেডেল আনিব লাগে আনিম।‘’

কনটিনেনটেল কাপত ভৰিত আঘাত পোৱাৰ বাবে অংশগ্ৰহণ কৰিব নোৱাৰা হিমা ৪০০ মিটাৰ দৌৰত বৰ্তমান বিশ্বৰ ৫২ নম্বৰ স্থানত আছে। আগৰ ৫১ গৰাকীক পিছ পেলোৱাৰ বাবে চেষ্টা অব্যাহত ৰাখিব বুলি দৃঢ়তা প্ৰকাশ কৰে হিমাই।

খেলুৱৈৰ ভিতৰত শচীন তেণ্ডুলকাৰ আৰু লিঅ’নেল মেচিক বহুত ভাল পায়  হিমাই।

আনহাতে আই অ’ এছ কোম্পানীয়ে স্প’ন্সৰ কৰাৰ কথা জানিব দি খেলুৱৈগৰাকীয়ে ইতিমধ্যে ২ বছৰৰ বাবে চুক্তিবদ্ধ হৈছে বুলি সদৰী কৰে।

তাৎপৰ্যপূৰ্ণভাৱে অতি কৌশলেৰে আজি হিমাই সংবাদমেলত ব্যক্ত কৰে যে অলিম্পিকত জয়ী হৈ অহাৰ পিছত সকলো চেনেললৈ তেওঁ নিজে সাক্ষাৎকাৰ দিবলৈ যাব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm
হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

September 18, 2025 7:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd