NORTHEAST NOW (Assamese)

ডুবাইৰ যাত্ৰীৰ পৰা বিমানবন্দৰত জব্দ ২.৮ কিলোগ্ৰাম সোণ: ১৪ লাখ টকাৰ বৈদ্যুতিক সামগ্ৰীও জব্দ

October 14, 2022 6:59 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: October 14, 2022 8:53 am

দেশৰ বিভিন্ন প্ৰান্তৰ বিমান বন্দৰসমূহত বিগত কিছুদিন ধৰি ধাৰাবাহিকভাৱে ধৰা পৰিছে অবৈধ বেহা চক্ৰ। ড্ৰাগছৰ পৰা আৰম্ভ কৰি অবৈধভাৱে সৰবৰাহ কৰা সোণ বা অন্য কোনো সম্পদ তথা জীৱ-জন্তুও কিছুদিন ধৰি দেশৰ বহু বিমানবন্দৰত জব্দ হৈছে।

বিশেষকৈ চেন্নাই বিমানবন্দৰত শেহতীয়াকৈ এনে ঘটনা যথেষ্ট বৃদ্ধি পাছে। বিমানবন্দৰটোত মঙলাৰে পুনৰ শুল্ক বিষয়াসকলে উদ্ধাৰ কৰিছে ২.৮ কিলোগ্ৰাম সোণৰ লগতে অবৈধভাৱে সৰবৰাহ কৰা বিভিন্ন বৈদ্যুতিক সামগ্ৰী।

বুধবাৰে শুল্ক বিভাগে এক বিবৃতি যোগে এই সাফল্যৰ বিষয়ে সদৰী কৰে। বিবৃতিটোত উল্লেখ কৰা মতে গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ আধাৰত শুল্ক বিষয়াসকলে যোৱা ১১ অক্টোবৰত ডুবাইৰ পৰা অহা তিনিগৰাকী লোকক আটক কৰিছিল।

পৰীক্ষণৰ সময়ত বিভাগীয় বিষয়াসকলে প্ৰতিজন ব্যক্তিৰ পৰা এটাকৈ, মুঠ তিনিটা সোণৰ কটা টুকুৰা উদ্ধাৰ কৰিছিল। তদুপৰি তেওঁলোকৰ পেণ্টৰ পকেটৰ ভিতৰত লুকুৱাই অনা ২৪০ গ্ৰামকৈ ওজনৰ সোণো উদ্ধাৰ কৰে বিভাগে।

ইয়াৰ পাছতে তেওঁলোকৰ বেগৰ পৰীক্ষা কৰাত প্ৰতিটো বেগৰ পৰা ২২ টাকৈ মুঠ ৬৬ টা সোণৰ টুকুৰা উদ্ধাৰ কৰা হৈছিল। মুঠ ২.৬ কিলোগ্ৰাম ওজনৰ এই সোণৰ টুকুৰাসমূহ বিলাসী এপ’ল এয়াৰপডছ্ প্ৰ’ত লুকুৱাই অনা হৈছিল।

এই সোণখিনিৰ উপৰিও ১৪ লাখ টকাৰ বিভিন্ন বৈদ্যুতিক সামগ্ৰীও বেগত উদ্ধাৰ কৰে বিভাগে। জব্দ সোৱা সোণখিনিৰ মূল্য প্ৰায় ১.২৫ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে।

অবৈধভাৱে সৰবৰাহ কৰা এই সোণ আৰু বৈদ্যুতিক সামগ্ৰী সমূহ বিভাগে শুল্ক আইন, ১৯৬২-ৰ অধীনত জব্দ কৰে। ঘটনা সন্দৰ্ভত অধিক তথ্য লাভৰ বাবে তদন্ত চলাই থকা হৈছে বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে।

Related News