• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৭৮ সংখ্যক গ’ল্ডেন গ্ল’ব বঁটা ২০২১ : উজলিল ‘নমাডলেণ্ড’ আৰু ‘বৰাত’

এন ই নাও নিউজ by এন ই নাও নিউজ
March 1, 2021 7:57 pm
255
VIEWS
Share on FacebookShare on Twitter

হলিউড ফৰে’ন প্ৰেছ এচ’ছিয়েচনে চিনেমা আৰু টিভি চিৰিজসমূহক বছৰি প্ৰদান কৰা গ’ল্ডেন গ্ল’ব বঁটাৰ ২০২০-২১ বৰ্ষৰ বিজয়ীসকলক দেওবাৰে ৰাতি বঁটাসমূহ প্ৰদান কৰা হয়।

হলিউদৰ বেভাৰ্লী হিলছ আৰু নিউয়ৰ্কৰ ৰেইনব’ ৰুমৰ পৰা যুটীয়াভাৱে সম্প্ৰচাৰ কৰা ৭৮সংখ্যক গ’ল্ডেন গ্ল’ব বঁটাৰ অনুষ্ঠানটো পৰিচালনা কৰে ক্ৰমে অভিনেত্ৰী এমী পহলে’ৰ আৰু টিনা ফ্ৰে’য়ে।

উল্লেখযোগ্য যে বঁটাৰ বাবে মনোনীত চিনেমা আৰু শিল্পীসকলৰ তালিকাখন ৩ ফেব্ৰুৱাৰীত ঘোষণা কৰা হৈছিল।

আমেৰিকাৰ ‘নমাডলেণ্ড’ নামৰ চিনেমাখনে বৰ্ষটোৰ শ্ৰেষ্ঠ ড্ৰামা চিনেমা হিচাপে পৰিগণিত হয়। আনহাতে ‘বৰাত’ নামৰ চিনেমাখনে শ্ৰেষ্ঠ কমেডি-মিউজিকেল চিনেমা হিচাপে বিজয়ী ঘোষিত হয়।

ড্ৰামা ছৱিৰ শ্ৰেষ্ঠ অভিনেতা হিচাপে বিবেচিত হয় ‘মা ৰেইনী’জ ব্লেক বটম’ নামৰ চিনেমাখনত মুখ্য অভিনেতা চাদৱিক ব’ছমেনে। আনহাতে কমেডি-মিউজিকেল ছৱিৰ শিতানত ‘বৰাত’ত কৰা অভিনয়ৰ বাবে চাচা বেৰন ক’হেনে শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ অৰ্জন কৰে।

শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে আমেৰিকান সংগীতশিল্পী বিলী হলিডেৰ জীৱনভিত্তীক ছৱি ‘দ্যা ইউনাইটেড ষ্টেটছ ভাৰ্চেছ বিলী হলিডে’ৰ মুখ্য চৰিত্ৰত অভিনয় কৰা আন্দ্ৰা ডে’ক ড্ৰামা ছৱিৰ শিতানত শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে বিবেচিত হয়। আনহাতে কমেডি-মিউজিকেল ছৱিৰ শিতানত এই সন্মান লাভ কৰিছে ‘আই কেয়াৰ এ লট’ শীৰ্ষক ছৱিৰ বাবে ৰ’ছামুন্দ পাইকে।

শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ খিতাপ অৰ্জন কৰে ব্লেক আমেৰিকান বাওঁপন্থী নেতা ফ্ৰেড হাম্পটনৰ জীৱনভিত্তিক ছৱি ‘জুদাচ এণ্ড দ্যা ব্লেক মেচিয়াহ’ৰ সহযোগী অভিনেতা ডেনিয়েল কালুয়াই। আনহাতে শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী হিচাপে বিবেচিত হয় ‘দ্যা ম’ৰিটানিয়ান’ চিনেমাৰ বাবে জুদী ফ’ষ্টাৰে।

শ্ৰেষ্ঠ পৰিচালক হিচাপে ঘোষিত হয় ‘নমাডলেণ্ড’ৰ পৰিচালক ক্ল’ ঝাও। শ্ৰেষ্ঠ চিত্ৰনাট্যকাৰ হয় ‘দ্যা ট্ৰায়েল অৱ চিকাগ’ চেভেন’ৰ বাবে আৰন চ’ৰকিনে।

চিনেমাৰ সংগীতৰ শিতানত ‘চ’ল’ চিনেমাৰ সংগীতজ্ঞত্ৰয় ট্ৰেণ্ট ৰেজন’ৰ, এট্টিকাছ ৰ’চ্চ আৰু জন বাটিষ্টেই শ্ৰেষ্ঠ অ’ৰিজিনেল স্ক’ৰৰ বিজয়ী ঘোষিত হয়। আনহাতে শ্ৰেষ্ঠ অৰিজিনেল গানৰ শিতানত বিজয়ী ঘোষিত হয়  ‘দ্যা লাইফ এহেড’ নামৰ চিনেমাখনৰ ‘ল’ চী’ শীৰ্ষক গানটোৰ শিল্পীসকল।

শ্ৰেষ্ঠ এনিমেচন চিনেমা হিচাপে ‘চিন’ শীৰ্ষক চিনেমাখন বিবেচিত হোৱাৰ বিপৰীতে শ্ৰেষ্ঠ বিদেশী ভাষাৰ চিনেমা হিচাপে পৰিগণিত হয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ ‘মিনাৰি’।

উল্লেখযোগ্য যে ক্ল’ ঝাও শ্ৰেষ্ঠ পৰিচালক হিচাপে ঘোষণা হোৱাৰ পাছতে গ’ল্ডেন গ্ল’ৱ বঁটাৰ ইতিহাসত দ্বিতীয়বাৰৰ বাবে এগৰাকী মহিলা পৰিচালকে এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পূৰ্বে ১৯৮৩ চনত বাৰবাৰা ষ্টেইচেণ্ডে এই সন্মান লাভ কৰিছিল।

Recent News

কাটা তাঁৰ পাৰ হৈ অহা বাংলাদেশীক খেদি পঠিওৱাৰ বাবে ক্ষোভ বাংলাদেশ চৰকাৰৰ

কাটা তাঁৰ পাৰ হৈ অহা বাংলাদেশীক খেদি পঠিওৱাৰ বাবে ক্ষোভ বাংলাদেশ চৰকাৰৰ

‘যদি ন্যায়াধীশসকলে প্ৰট’কল ভংগ কৰিলেহেঁতেন’; মহাৰাষ্ট্ৰ ভ্ৰমণ কালত কি ক’লে মুখ্য ন্যায়াধীশগৰাকীয়ে?

‘যদি ন্যায়াধীশসকলে প্ৰট’কল ভংগ কৰিলেহেঁতেন’; মহাৰাষ্ট্ৰ ভ্ৰমণ কালত কি ক’লে মুখ্য ন্যায়াধীশগৰাকীয়ে?

পাকিস্তানত নিহত ভাৰতত একাধিক আক্ৰমণৰ মাষ্টাৰমাইণ্ড লস্কৰৰ সন্ত্ৰাসবাদী ছইফুল্লাহ খালিদ

পাকিস্তানত নিহত ভাৰতত একাধিক আক্ৰমণৰ মাষ্টাৰমাইণ্ড লস্কৰৰ সন্ত্ৰাসবাদী ছইফুল্লাহ খালিদ

১০০ দিনৰ কামত ৭৫ কোটি টকাৰ দুৰ্নীতি! গুজৰাটত গ্ৰেপ্তাৰ বিজেপি মন্ত্ৰীৰ পুত্ৰ

১০০ দিনৰ কামত ৭৫ কোটি টকাৰ দুৰ্নীতি! গুজৰাটত গ্ৰেপ্তাৰ বিজেপি মন্ত্ৰীৰ পুত্ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd