• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

৭৮ সংখ্যক গ’ল্ডেন গ্ল’ব বঁটা ২০২১ : উজলিল ‘নমাডলেণ্ড’ আৰু ‘বৰাত’

এন ই নাও নিউজ by এন ই নাও নিউজ
March 1, 2021 7:57 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হলিউড ফৰে’ন প্ৰেছ এচ’ছিয়েচনে চিনেমা আৰু টিভি চিৰিজসমূহক বছৰি প্ৰদান কৰা গ’ল্ডেন গ্ল’ব বঁটাৰ ২০২০-২১ বৰ্ষৰ বিজয়ীসকলক দেওবাৰে ৰাতি বঁটাসমূহ প্ৰদান কৰা হয়।

হলিউদৰ বেভাৰ্লী হিলছ আৰু নিউয়ৰ্কৰ ৰেইনব’ ৰুমৰ পৰা যুটীয়াভাৱে সম্প্ৰচাৰ কৰা ৭৮সংখ্যক গ’ল্ডেন গ্ল’ব বঁটাৰ অনুষ্ঠানটো পৰিচালনা কৰে ক্ৰমে অভিনেত্ৰী এমী পহলে’ৰ আৰু টিনা ফ্ৰে’য়ে।

Apply Now

উল্লেখযোগ্য যে বঁটাৰ বাবে মনোনীত চিনেমা আৰু শিল্পীসকলৰ তালিকাখন ৩ ফেব্ৰুৱাৰীত ঘোষণা কৰা হৈছিল।

আমেৰিকাৰ ‘নমাডলেণ্ড’ নামৰ চিনেমাখনে বৰ্ষটোৰ শ্ৰেষ্ঠ ড্ৰামা চিনেমা হিচাপে পৰিগণিত হয়। আনহাতে ‘বৰাত’ নামৰ চিনেমাখনে শ্ৰেষ্ঠ কমেডি-মিউজিকেল চিনেমা হিচাপে বিজয়ী ঘোষিত হয়।

ড্ৰামা ছৱিৰ শ্ৰেষ্ঠ অভিনেতা হিচাপে বিবেচিত হয় ‘মা ৰেইনী’জ ব্লেক বটম’ নামৰ চিনেমাখনত মুখ্য অভিনেতা চাদৱিক ব’ছমেনে। আনহাতে কমেডি-মিউজিকেল ছৱিৰ শিতানত ‘বৰাত’ত কৰা অভিনয়ৰ বাবে চাচা বেৰন ক’হেনে শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ অৰ্জন কৰে।

শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে আমেৰিকান সংগীতশিল্পী বিলী হলিডেৰ জীৱনভিত্তীক ছৱি ‘দ্যা ইউনাইটেড ষ্টেটছ ভাৰ্চেছ বিলী হলিডে’ৰ মুখ্য চৰিত্ৰত অভিনয় কৰা আন্দ্ৰা ডে’ক ড্ৰামা ছৱিৰ শিতানত শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে বিবেচিত হয়। আনহাতে কমেডি-মিউজিকেল ছৱিৰ শিতানত এই সন্মান লাভ কৰিছে ‘আই কেয়াৰ এ লট’ শীৰ্ষক ছৱিৰ বাবে ৰ’ছামুন্দ পাইকে।

শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ খিতাপ অৰ্জন কৰে ব্লেক আমেৰিকান বাওঁপন্থী নেতা ফ্ৰেড হাম্পটনৰ জীৱনভিত্তিক ছৱি ‘জুদাচ এণ্ড দ্যা ব্লেক মেচিয়াহ’ৰ সহযোগী অভিনেতা ডেনিয়েল কালুয়াই। আনহাতে শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী হিচাপে বিবেচিত হয় ‘দ্যা ম’ৰিটানিয়ান’ চিনেমাৰ বাবে জুদী ফ’ষ্টাৰে।

শ্ৰেষ্ঠ পৰিচালক হিচাপে ঘোষিত হয় ‘নমাডলেণ্ড’ৰ পৰিচালক ক্ল’ ঝাও। শ্ৰেষ্ঠ চিত্ৰনাট্যকাৰ হয় ‘দ্যা ট্ৰায়েল অৱ চিকাগ’ চেভেন’ৰ বাবে আৰন চ’ৰকিনে।

চিনেমাৰ সংগীতৰ শিতানত ‘চ’ল’ চিনেমাৰ সংগীতজ্ঞত্ৰয় ট্ৰেণ্ট ৰেজন’ৰ, এট্টিকাছ ৰ’চ্চ আৰু জন বাটিষ্টেই শ্ৰেষ্ঠ অ’ৰিজিনেল স্ক’ৰৰ বিজয়ী ঘোষিত হয়। আনহাতে শ্ৰেষ্ঠ অৰিজিনেল গানৰ শিতানত বিজয়ী ঘোষিত হয়  ‘দ্যা লাইফ এহেড’ নামৰ চিনেমাখনৰ ‘ল’ চী’ শীৰ্ষক গানটোৰ শিল্পীসকল।

শ্ৰেষ্ঠ এনিমেচন চিনেমা হিচাপে ‘চিন’ শীৰ্ষক চিনেমাখন বিবেচিত হোৱাৰ বিপৰীতে শ্ৰেষ্ঠ বিদেশী ভাষাৰ চিনেমা হিচাপে পৰিগণিত হয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ ‘মিনাৰি’।

উল্লেখযোগ্য যে ক্ল’ ঝাও শ্ৰেষ্ঠ পৰিচালক হিচাপে ঘোষণা হোৱাৰ পাছতে গ’ল্ডেন গ্ল’ৱ বঁটাৰ ইতিহাসত দ্বিতীয়বাৰৰ বাবে এগৰাকী মহিলা পৰিচালকে এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পূৰ্বে ১৯৮৩ চনত বাৰবাৰা ষ্টেইচেণ্ডে এই সন্মান লাভ কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

July 1, 2026 8:03 am
এমাহতে ওজন কমাব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই বিশেষ খাদ্য

এমাহতে ওজন কমাব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই বিশেষ খাদ্য

July 1, 2026 7:13 am
ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

July 1, 2026 8:03 am
এমাহতে ওজন কমাব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই বিশেষ খাদ্য

এমাহতে ওজন কমাব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই বিশেষ খাদ্য

July 1, 2026 7:13 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd