কোভিডৰ ভেকচিন ল’লেই প্ৰতি গৰাকী মহিলা- যুৱতীয়ে লাভ কৰিব একোটিকৈ সোণৰ নাকফুলি, ক’ত?

a gold

দেশত এতিয়া কোভিডে পুনৰ মাৰাত্মক ৰূপ ধাৰণ কৰিছে।

যোৱা বছৰৰো ঠিক এনে সময়তে কোভিডে দেশবাসীক জুৰুলা কৰিছিল।

কোভিডৰ দ্বিতীয় ঢৌ অহাৰ সময়তে দেশত চৰকাৰে আৰম্ভ কৰিছে কোভিডৰ তৃতীয় পৰ্যায়ৰ ভেকচিন প্ৰদানৰ কাম।

৪৫ বছৰৰ ওপৰৰ সকলো লোককে ভেকচিন প্ৰদান কৰাৰ প্ৰক্ৰিয়া চলি আছে যদিও বহুতে নানান ভীতিৰ বাবে ভেকচিন গ্ৰহণৰ পৰা আঁতৰি আছে।

এনে পৰিস্থিতিত সাধাৰণ জনতাক ভেকচিন গ্ৰহণৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ গুজৰাটৰ ৰাজকোটতত গ্ৰহণ কৰা হৈছে এক অভিনৱ ব্যৱস্থা।

ভেকচিন গ্ৰহণ কৰা প্ৰতিগৰাকী মহিলা-যুৱতীকে ৰাজকোটত উপহাৰ হিচাবে আগবঢ়োৱা হৈছে একোটিকৈ সোণৰ কাণফুলি।

ৰাজকোটৰ স্বৰ্ণ ব্যৱসায়ীসকলে প্ৰশাসনৰ সৈতে আলোচনা কৰি এনেদৰে কাণফুলি দিয়াৰ বাবে সাজু হৈছে।

সেই মৰ্মে এতিয়ালৈকে সেই অঞ্চলত যিমান সংখ্যক মহিল-যুৱতীয়ে কোভিডৰ ভেকচিন গ্ৰহণ কৰিছে তেওঁলোকৰ প্ৰত্যেককে দিয়া হৈছে একোটিকৈ সোণৰ কাণফুলি।

কেৱল ভেকচিন গ্ৰহণ কৰা মহিলা-যুৱতীসকলকেই উপহাৰ দিয়াৰ ব্যৱস্থা ৰখা হোৱা নাই পুৰুষ সকলকো আগবঢ়োৱা হৈছে একোটিকৈ হেণ্ড ব্ৰেণ্ডাৰ।

উপহাৰ লাভৰ আশাতে এতিয়া গুজৰাটৰ ৰাজকোটত বহুতে কোভিডৰ ভেকচিন ল’বলৈ আগ্ৰহী হৈ পৰা পৰিলক্ষিত হৈছে।