ধনশিৰিমুখৰ গাঁও পঞ্চায়তৰ সভাপতিৰ পদপ্ৰাৰ্থী এজন দুৰ্ধৰ্ষ চোৰাং চিকাৰী

poacher

ভাৰতীয় গণতন্ত্ৰত যে সকলোৰে বাবে সমান অধিকাৰ আছে সেই কথা বাৰে বাৰে প্ৰমাণ কৰাত স্বাধীনোত্তৰ ভাৰতৰ ৰাজনৈতিক দলসমূহে কেতিয়াও পিছ হোঁহোকা দিয়া দেখা পোৱা নাই। অসমতো সেই পৰম্পৰাক ৰক্ষা কৰি ৰাজনৈতিক দলসমূহে সময়ে সময়ে বিভিন্ন বিতৰ্কিত ব্যক্তিক টিকট দিয়া দিয়া আৰু ক্ষমতাত আসীন কৰাৰ নজিৰ আছে।

এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ সময়তো এই প্ৰথাৰ ব্যতিক্ৰম হ’বলৈ দিয়া নহ’ল। এইবাৰ গোলাঘাট জিলাৰ ধনশিৰিমুখৰ আগন্তুক পঞ্চায়ত নিৰ্বাচনত এইবাৰ গাঁও পঞ্চায়তৰ প্ৰাৰ্থী হিচাপে অগপ দলৰ টিকটত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব গণেশ দলে নামৰ এজন দুৰ্ধৰ্ষ চোৰাং চিকাৰীয়ে।

উল্লেখ্য যে শ্ৰী  গণেশ দলেৰ বিৰুদ্ধে কাৰ্বি আংলঙৰ ৰংমংৱি আৰক্ষী থানাত এটা গোচৰ (৭/১২) পঞ্জীয়নভুক্ত হৈ আছে। এখন আৰক্ষী থানাত চোৰাং চিকাৰৰ অভিযোগত শ্ৰী দলেৰ বিৰুদ্ধে এটা গোচৰ পঞ্জীয়নভুক্ত হৈ থকা সত্তেও আঞ্চলিক দলটোৰ টিকটত শ্ৰী দলেই পঞ্চায়ত সভাপতিৰ দৰে এটা পদৱীৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাটোৱে অপৰাধক প্ৰত্যক্ষভাৱে সহায় কৰিছে সেয়াই প্ৰতীয়মান হৈছে।

ভাৰতত শেহতীয়াকৈ ট্ৰফি হাণ্টিঙৰ আদিৰ এটা অসুস্থ পৰম্পৰাই পুনৰ গা কৰি উঠিছে। সমান্তৰালকৈ চীনৰ ঘৰুৱা বজাৰত গঁড়, বাঘ, সিংহ, কস্তুৰী পহু আদিৰ অংগ প্ৰত্যংগৰ ব্যৱসায়ত সেউজ সংকেত দিবলৈ আগবাঢ়িছে চীন প্ৰশাসন। ফলস্বৰূপে চীনৰ চুবুৰীয়া দেশসমূহত এই বিৰল জীৱ সমূহৰ চোৰাং চিকাৰৰ মাত্ৰ বাঢ়ি যোৱাৰ আশংকা ব্যক্ত কৰিছে বিশ্বৰ বন্যপ্ৰাণী সংগঠনসমূহে। এই পৰিপ্ৰেক্ষিতত এটা ৰাজনৈতিক দসৰ দ্বাৰা এজন দুৰ্ঘৰ্ষ চোৰাং চিকাৰীক নিৰ্বাচনৰ টিকট দিয়াটোৱে এটা বিশেষ তাৎপৰ্য বহন কৰিছে।

শ্ৰী দলেই আজি গাঁও পঞ্চায়তৰ সভাপতি পদৰ বাবে নিজৰ প্ৰাৰ্থিত্ব আগবঢ়াই মনোনয়নপত্ৰ দাখিল কৰিছে। এজন অতি দুৰ্ধৰ্ষ চোৰাং চিকাৰী হিচাপে স্থানীয় আৰক্ষী থানাত গোচৰ ৰুজু থকা শ্ৰী দলেই পঞ্চায়ত সভাপতি হিচাপে আঞ্চলিক দলটোৰ পৰা নিৰ্বাচনী টিকট লাভ কৰা বিষয়টোৱে ইতিমধ্যে সচেতন মহলত ব্যাপক চৰ্চা লাভ কৰিছে।