যোৱা লোকসভা নিৰ্বাচনত ৰাইজক দিয়া প্ৰতিশ্ৰুতি অনুসৰি যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে অন্যান্য বিষয়ৰ লগতে যোৰহাট-শিৱসাগৰৰ মাজৰ বিধ্বস্তপ্ৰায় ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ কাম ভালদৰে আৰম্ভ কৰি শেষ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক নিৰন্তৰ ভাবে দাবী জনাই আহিছে।
উক্ত পথচোৱা নিৰ্মাণৰ নামত যোৱা কেইবাবছৰ ধৰি কেন্দ্ৰীয় চৰকাৰৰ বিভাগ আৰু ঠিকাদাৰ সকলে চৰম অৱহেলা আৰু হেমাহি প্ৰদৰ্শন কৰি আহিছিল। যাৰ বাবে পথ নিৰ্মাণৰ নামত ৰাষ্ট্ৰীয় ঘাইপথটি পুখুৰী আৰু পথাৰৰলৈহে পৰ্যবসিত হৈছিল। ইয়াৰ পৰিণতিত যোৰহাট লোকসভাৰ লগতে সমগ্ৰ উজনি অসমৰ জনগণে যাতায়তৰ নামত জীয়াতু ভুগিছিল। ইতিমধ্যেই এই পথচোৱাৰ নিৰ্মাণৰ দায়িত্বত থকা ঠিকাদাৰ তিনিবাৰকৈ সলনি হৈছে।
গৌৰৱ গগৈ যোৰহাটৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাচতেই তেখেতে যোৱা ৩০ জুন,২০২৪ তাৰিখে যোৰহাট-জাঁজীৰ বিধ্বস্তপ্ৰায় পথচোৱাত নিজে খোজকাঢ়ি ৰাইজে ভূগি থকা যমৰ যাতনাৰ এজন নাগৰিকৰ সংবাদদাতা (citizen journalist) হিচাবে এক ভিডিঅ’ বাৰ্তাযোগে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াৰ সন্মুখত দাঙি ধৰিছিল। তাৰোপৰি নৱ-নিৰ্বাচিত সাংসদসকলৰ প্ৰথমখন বৰ্ষাকালীন অধিবেশনতে সাংসদ গগৈয়ে বিষয়টো উত্থাপন কৰিছিল আৰু ২৪ জুলাই, ২০২৪ তাৰিখে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰাৱস্হা আৰু বিভাগীয় বিষয়া তথা ঠিকাদাৰৰ চুড়ান্ত হেমাহিৰ বিষয়ে স্মাৰক প্ৰত্ৰ প্ৰদান কৰাৰ লগতে নিজে কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীক সাক্ষাৎ কৰি সবিশেষ অৱগত কৰিছিল়।
যাৰ ফলস্বৰূপে নীতিন গাডকাৰীয়ে নিজেই অসমলৈ আহি উক্ত পথচোৱা নিজে আহি পৰিদৰ্শন কৰাৰ কথা দিছিল। আৰু প্ৰয়োজন অনুসৰি নতুন ঠিকাদাৰক দায়িত্ব দি হলেও নিৰ্মাণৰ কাম কৰিব বুলি আশ্বাস দিছিল।
এইবাৰ শীতকালীন অধিবেশনত আজি পুনৰ সংসদত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উক্ত অংশটোৰ নিৰ্মানৰ কাম সম্পূৰ্ণ হোৱাত পলম হোৱাৰ বিষয়টো সাংসদ গৌৰৱ গগৈয়ে সংসদত উত্থাপন কৰে। ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় পথত ষ্ট্ৰীট লাইট আৰু ফগ লাইটৰ অভাৱে অঞ্চলটোত পথ দুৰ্ঘটনা বৃদ্ধিত অৰিহণা যোগোৱাৰ গভীৰ বিষয়টোও উত্থাপন কৰে।।
৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ সন্দৰ্ভত সংশ্লিষ্ট বিভাগৰ মন্ত্ৰী গাডকাৰীয়ে সদনত উল্লেখ কৰে যে পথছোৱা নিৰ্মাণৰ ক্ষেত্ৰত সৃষ্টি হোৱা ঠিকাদাৰৰ সমস্যা বৰ্তমান সমাধান হৈছে আৰু তেওঁ আশা ব্যক্ত কৰে যে অহা ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত এই পথছোৱাৰ কাম সম্পূৰ্ণ হ’ব। ইয়াৰোপৰি আনুষংগিক বিষয়ৰ প্ৰশ্নৰ উত্তৰতো মন্ত্ৰী গৰাকীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে ।