ডিজিটেল ইণ্ডিয়া! : ভাৰতত ৭৫ হাজাৰ কোটি টকা বিনিয়োগ কৰিব Google এ

sundar-pichai_web

গুগলৰ চি ই অ' সুন্দৰ পিচাই

ভাৰতত বিশাল পৰিমাণৰ ধন বিনিয়োগ কৰিব গুগলএ।

সোমবাৰে এক টুইটৰ যোগে এই কথা জনাইছে গুগলৰ চি ই অ’ সুন্দৰ পিচাই-এ।

ভাৰতত ৭৫ হাজাৰ কোটি টকা বিনিয়োগ কৰিব বুলি টুইটাৰ যোগে ঘোষণা কৰিছে গুগলৰ চি ই অ’ গৰাকীয়ে।

ভাৰতত ডিজিটেল অৰ্থনীতি উন্নয়ন অৰ্থে এই ধনৰাশি বিনিয়োগ কৰা হ’ব বুলি জনাইছে গুগলৰ চি ই অ’ গৰাকীয়ে।

ক’ৰ’নাতংকৰ বাবে দেশত বলৱৎ কৰা ল’কডাউনৰ ফলত বিধ্বস্ত হোৱা দেশৰ অৰ্থনীতিক এই বিনিয়োগে কিছু পৰিমাণৰ সকাহ আৰু নতুন কৰ্ম সংস্থাপনৰো সৃষ্টি কৰিব বুলি আশা কৰিছে বিশেষজ্ঞ মহলে।

ইফালে গুগলৰ চি ই অ’ পিচাই-এ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিজিটেল ইণ্ডিয়া নিৰ্মাণৰ প্ৰচেষ্টাক প্ৰশংসা কৰি এই ধন ৰাশি বিনিয়োগ কৰাৰ কথা জানিবলৈ দিছে।

আগন্তুক পাঁচ-ছয় বছৰৰ ভিতৰত পৰ্যায়ক্ৰমে এই ধনৰাশি ভাৰতত বিনিয়োগ কৰিব গুগলএ।

যৌথ উদ্যোগ, পৰিকাঠামো নিৰ্মাণ, ইকুইটিৰ মাধ্যমেৰে এই ধনৰাশি বিনিয়োগ কৰা হ’ব বুলি জনাইছে সুন্দৰ পিচাই-এ।