চেটজিপিটিৰ বৃহৎ জনপ্ৰিয়তাৰ বাবে গুগল আটাইতকৈ বেছি প্ৰভাৱিত হ’ব বুলি ধাৰণা কৰা হৈছিল। কিয়নো গুগলৰ চাৰ্চ ইঞ্জিনে য’ত য়ুজাৰক বিভিন্ন প্ৰকাৰৰ উৎস উলিয়াই দিয়েই ৰৈ যায়, চেটজিপিটিয়ে তাত লিটাৰেচাৰ ৰিভিউ কৰি দিয়ে। কিন্তু কৃত্ৰিম বুদ্ধিমত্তাৰ এই জগতত গুগলে যে পিছ পৰি থাকিব পাৰে সেয়া কেনেকৈ সম্ভৱ?
কৃত্ৰিম বুদ্ধিমত্তাৰ জগতত গুগলে ইয়াৰ চাৰ্চ ইঞ্জিনত চেটবট যোগ দিবলৈ আগবাঢ়িছে। কোম্পানীটোৰ মুখ্য কাৰ্যবাহী সুন্দৰ পিচাইয়ে কৈছে যে গুগলে পৰীক্ষামূলক ভিত্তিত বাৰ্ড (Bard) নামৰ এটা এ আই সেৱা আনি আছে। প্ৰথমতে ব্যৱহাৰকাৰীসকলৰ মতামত ল’বলৈ ইয়াক বজাৰত মুকলি কৰা হ’ব।
সুন্দৰ পিচাইয়ে কৈছে যে গুগলে ইয়াৰ চাৰ্চ ইঞ্জিনত কৃত্ৰিম বুদ্ধিমত্তা যোগ দিব যিয়ে বহুতো জটিল প্ৰশ্নৰ উত্তৰ দিবলৈ সক্ষম হ’ব। উদাহৰণ স্বৰূপে, গুগলৰ নতুন কৃত্ৰিম বুদ্ধিমত্তা বাৰ্ডে গীটাৰ নে পিয়ানো বজোৱা সহজ তেনে প্ৰশ্নৰো উত্তৰ দিব। বৰ্তমান গুগল চাৰ্চ ইঞ্জিনে কেৱল বিভিন্ন উৎসৰ পৰা সম্পৰ্কিত বিষয়ত বিদ্যমান পাঠহে বিচাৰি উলিয়াই দিয়ে।
গুগলে শীঘ্ৰেই চাৰ্চ ইঞ্জিন আপডেট মুকলি কৰিব, কিন্তু ইয়াক কেতিয়া মুকলি কৰা হ’ব সেয়া এতিয়ালৈকে কোৱা নাই।
অৱশ্যে, গুগলে কেনেদৰে বাৰ্ডক চেটজিপিটিৰ পৰা পৃথক কৰিব সেয়া এতিয়াও স্পষ্ট হোৱা নাই। পিচাইয়ে কয় যে গুগলৰ নতুন সেৱাই ইণ্টাৰনেটৰ পৰা তথ্য সংগ্ৰহ কৰিব, য’ত চেটজিপিটিৰ জ্ঞান ২০২১ চনলৈকে সীমিত।
গুগলে ইতিমধ্যে বাৰ্ডৰ প্ৰদৰ্শন আৰম্ভ কৰিছে। এইটো পোৱা গৈছে যে বাৰ্ডে ব্যৱহাৰকাৰীসকলক প্ৰশ্ন সুধিবলৈ বা কিবা ক’বলৈ উৎসাহিত কৰে। যেতিয়া ইয়াক মহাকাশ গৱেষণাত ব্যৱহৃত দূৰবীণৰ বিষয়ে সোধা হৈছিল, ই বুলেটৰ ৰূপত উত্তৰ দিছিল। অৱশ্যে, চেটজিপিটিৰ দৰে ই ব্যৱহাৰকাৰীসকলক সতৰ্ক কৰি দিয়ে যে এই উত্তৰ সঠিক নহ’বও পাৰে।
কোম্পানী হিচাপে, গুগলৰ বজাৰ মূল্য হৈছে ১ লাখ ১০ হাজাৰ কোটি ডলাৰ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিনিয়োগ প্ৰতিষ্ঠান ডি.এ. ডেভিডছনৰ মতে, গুগল চাৰ্চে কোম্পানী হিচাপে মূল্যাঙ্কন কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
গুগলে চাৰ্চৰ পৰা বছৰি ১২০ বিলিয়ন বা ১২ হাজাৰ কোটি ডলাৰ উপাৰ্জন কৰে। আনহাতে, বিঙৰ পৰা মাইক্ৰছফ্টৰ ৰাজহ মাত্ৰ ১১ বিলিয়ন ডলাৰ বা ১ হাজাৰ ১০০ কোটি ডলাৰ। যদি দীৰ্ঘম্যাদী সময়লৈ চেটজিপিটি যোগ দিয়ে তেতিয়া বিঙে গুগলৰ সৈতে প্ৰতিযোগিতা কৰিবলৈ সক্ষম হ’ব।
চেটজিপিটিৰ পৰীক্ষামূলক সংস্কৰণটো যোৱা নৱেম্বৰত মুকলি কৰা হৈছিল। তাৰ পিছত ই গোটেই পৃথিৱীত এক আলোড়নৰ সৃষ্টি কৰিছে। ডাটা এনালিটিক্স ফাৰ্ম ইউবিএছৰ মতে যোৱা ডিচেম্বৰত ৫ কোটি ৭০ লাখ ইউনিক ভিজিটৰে চেটজিপিটি ব্যৱহাৰ কৰিছিল।
২০১৯ চনত মাইক্ৰছফ্টে অপেন এ আইত ১০০ কোটি মাৰ্কিন ডলাৰ বিনিয়োগ কৰিছিল। মাত্ৰ সাত বছৰ আগতে চেম অল্টমেন, এলন মাস্ককে ধৰি কেইবাজনো প্ৰযুক্তি উদ্যোগীয়ে অপেন এ আই প্ৰতিষ্ঠা কৰিছিল। অৱশ্যে, মাইক্ৰছফ্টে প্ৰথমতে কোৱা নাছিল যে তেওঁলোকে তাত কিমান টকা বিনিয়োগ কৰিছিল। পিছত এমআইটি টেক ৰিভিউ নামৰ এটা অনলাইন ছাইটে ২০২০ চনত কৈছিল যে মাইক্ৰছফ্টে অপেন এ আইত নগদ ধন আৰু তেওঁলোকৰ ক্লাউড ব্যৱসায় এজুৰৰ সুবিধা মিলাই ১০০ কোটি ডলাৰ বিনিয়োগ কৰিছিল।
জানুৱাৰীৰ শেষত মাইক্ৰছফ্টে অপেন এ আইত ১০ বিলিয়ন বা ১০০০ কোটি মাৰ্কিন ডলাৰ বিনিয়োগৰ কথা ঘোষণা কৰে।