অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ বাবে আবণ্টিত আবাসত বাস কৰা চাকৰিয়াল সন্তানে লাভ নকৰিব HRA- ছুপ্ৰীম কোৰ্ট

অৱসৰপ্ৰাপ্ত চৰকাৰী চাকৰিয়াল পিতৃক আবণ্টিত বাসস্থানত ভাড়াবিহীনভাৱে বাস কৰা চৰকাৰী চাকৰিয়ালে ঘৰ ভাড়া ভাট্টা (এইচ আৰ এ) দাবী কৰিব নোৱাৰে।এই কথা উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিছে। শেহতীয়াকৈ এটা গোচৰত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি আৰ গাভাই আৰু সন্দীপ মেহতাই এই নিৰ্দেশ দিয়ে।

এইচ আৰ এৰ ধন ঘূৰাই দিয়াৰ জাননীক প্ৰত্যাহ্বান জনাই আদালতৰ কাষ চাপিছিল এজন আবেদনকাৰী। কেৱল সেয়াই নহয়, উচ্চতম ন্যায়ালয়ে জাননীখন বৈধ বুলি কয়, কিন্তু এইচ আৰ এৰ বাবে ৩ লাখ ৯৬ হাজাৰ ৮১৪ টকাৰ দাবী শুদ্ধ নাছিল। উক্ত ধন ঘূৰাই দিবলৈ তেওঁক জাৰি কৰা জাননীখন জম্মু-কাশ্মীৰ অসামৰিক সেৱা (গৃহ ভাড়া ভাট্টা আৰু চহৰ ক্ষতিপূৰণ ভাট্টা) নিয়ম, ১৯৯২ৰ অধীনত বৈধ।

আদালতে কয় যে আবেদনকাৰী চৰকাৰী চাকৰিয়াল। আগতে তেওঁ অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী দেউতাকক আবণ্টিত ভাড়া বিনামূলীয়াকৈ থকা ঘৰ এটাত বাস কৰিছিল। সেই হিচাপে তেওঁ ভাড়াঘৰৰ বাবে আবণ্টন অনুদান লাভ কৰাৰ যোগ্য নহয়।গোচৰৰ সূত্ৰ অনুসৰি আবেদনকাৰীজন জম্মু-কাশ্মীৰ আৰক্ষীৰ টেলিকম বিভাগৰ পৰিদৰ্শক। ২০১৪ চনৰ ৩০ এপ্ৰিলত অৱসৰ গ্ৰহণ কৰে। তাৰ পাছত ঘৰৰ ভাড়াৰ বাবে আবণ্টিত ধন ঘূৰাই দিবলৈ জাননী পালে।

ইয়াৰ পাছতে তেওঁ প্ৰথমে জম্মু-কাশ্মীৰ আৰু লাডাখ উচ্চ ন্যায়ালয়ৰ একক বিচাৰপীঠত আৰু তাৰ পাছত সংমণ্ডল বিচাৰপীঠত আবেদন জনায় যদিও বিফল হয়। আইনী সংবাদ মাধ্যম লাইভ ল’ই এই খবৰ প্ৰকাশ কৰিছিল, তাৰ পাছত তেওঁ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। গোচৰৰ শুনানিৰ সময়ত এই কথা পোহৰলৈ আহে যে লোকজনে থকা ঠাইখন তেওঁৰ অৱসৰপ্ৰাপ্ত পিতৃক আবণ্টন দিয়া হৈছিল।পূৰ্বতে তেওঁৰ দেউতাকে ডি এছ পি হিচাপে কাম কৰিছিল।

আইন অনুসৰি এনে ক্ষেত্ৰত চৰকাৰী অনুমোদিত বাসগৃহত একেলগে থাকিলে মাত্ৰ এজন চৰকাৰী কৰ্মচাৰীকহে এইচ আৰ এৰ বাবে যোগ্য বুলি গণ্য কৰা হ’ব। যিটো এই ক্ষেত্ৰত হোৱা নাছিল।