সজাগতা সৃষ্টি কৰিছে যদিও ৰাজ্য চৰকাৰে নিষিদ্ধ কৰিব নোৱাৰে চীনৰ পৰা অহা হোলীৰ ৰং!

জুম বান্ধি হোলী নেখেলিবলৈ ৰাজ্যবাসীক আহ্বান জনাইয়ে দায়িত্ব সামৰিলে মন্ত্ৰী পিযুষ হাজৰিকাই

99e73832-5a2a-4cd1-927e-ecae51635cdb

চীন দেশত কালৰূপ ধাৰণ কৰা মাৰাত্মক কৰ’না ভাইৰাছৰ পৰা হাত সাৰিবলৈ ৰাজ্য চৰকাৰে বিভিন্ন ধৰণে জনসাধাৰণক সজাগ কৰিবলৈ চেষ্টা কৰিছে।

কিন্তু এনেদৰে সজাগতা বৃদ্ধি কৰিছে যদিও নিষিদ্ধ নহয় চীনত নিৰ্মিত হোলীৰ আবিৰ বা ৰং। চীনত প্ৰস্তুত কৰা ৰঙৰ পৰা কৰ’না ভাইৰাছৰ সংক্ৰমণ হ’ব পাৰে বুলি সন্দেহ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য মন্ত্ৰ্যালয়ে।

বিশেষকৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ আশংকাত এইবাৰ হোলী উদযাপনৰ পৰা বিৰত থাকিব।

কিন্তু বৰ্তমানলৈকে বিপনীসমূহ চীনা হোলীৰ ৰং, ফিচকাৰী অথবা মুখাসমূহ বিক্ৰী হৈ আছে বা বিক্ৰী কৰিবলৈ সাজু কৰি ৰাখিছে। বৰ্তমানলৈকে কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰৰ পৰা চীনত নিৰ্মিত ফাকুৱা বিক্ৰী অথবা ব্যৱহাৰৰ ক্ষেত্ৰত কোনোধৰণৰ নিষেধাজ্ঞা দিয়া নাই বা কোনো নিৰ্দেশনা বৰ্তমানলৈকে দিয়া হোৱা নাই।

শণিবাৰে খ্ৰীষ্টানবস্তিস্থিত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ ৰাজ্যিক কাৰ্য্যালয়ত কৰ’ণা ভাইৰাছ সন্দৰ্ভত জনসাধাৰণক সজাগতা সৃষ্টি কৰা হেতুকে এক সংবাদমেল সম্বোধন কৰিছিল।

উক্ত সংবাদমেলতে সাংবাদিকে হোলীৰ ৰং ব্যৱহাৰৰ ফলত এই ভাইৰাছৰ সংক্ৰমণ হ’ব পাৰে নেকি প্ৰশ্ন উত্থাপন কৰিছিল ৰাজ্যিক স্বাস্থ্য মন্ত্ৰীগৰাকীক।

মন্ত্ৰীগৰাকীয়ে উত্তৰত কয় ‘কাৰোবাৰ ধৰ্মীয় অনুভুতিত আঘাত হানিব পাৰে যদিও বিনম্ৰতাৰে কৈছো হোলীৰ দিনাও ৰাইজ জুম বান্ধি থকা মানুহৰ পৰা আঁতৰত থাকিব লাগে। মই এইবাৰ হোলী নেখেলো।‘

চীনত নিৰ্মিত অন্য সামগ্ৰীৰ লগতে হোলীৰ ৰঙ, দৰব ইত্যাদি চীনৰ পৰা আমদানি হৈ আছে নেকি সাংবাদিকগৰাকীয়ে পুনৰ সোধাত মন্ত্ৰীগৰাকীয়ে কয় ‘বিশ্বৰ অৰ্থনীতিটো এনেকুৱা যে চীনৰ পৰা আমদানি একেদিনাই বন্ধ কৰি দিব নোৱাৰে।‘

চীনৰ পৰা অহা ফাকুৱা এইবাৰ নিষিদ্ধ কৰিব নেকি বুলি আমাৰ সাংবাদিকে সোধাত মন্ত্ৰীগৰাকীয়ে কয় ‘চীনৰ পৰা ৰং অসমৰ বজাৰলৈ আহে নে নাহে সেইটো মই নাজানো, যদি আহে এইক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত ল’ব।‘

জুম বান্ধি হোলী নেখেলিবলৈ ৰাজ্যবাসীক আহ্বান জনাইয়ে দায়িত্ব সামৰিলে মন্ত্ৰী পিযুষ হাজৰিকাই। মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত ল’ব বুলি কয় যদিও হোলীলৈ মাজত কেইটিমান ঘন্টাহে বাকী। তেনেক্ষেত্ৰত বৰ্তমানলৈকে তেনে কোনোধৰণৰ নিষেধাজ্ঞা আৰোপ কৰা নাই কেন্দ্ৰীয় চৰকাৰে। তাৰ বিপৰীতে যেন সজাগতা সৃষ্টিৰ নামত বিজ্ঞাপন প্ৰকাশ কৰিয়েই নিজৰ দায়িত্ব সামৰিছে কেন্দ্ৰীয় কিম্বা ৰাজ্য চৰকাৰে।

উল্লেখ কৰিব লাগিব যে ভাৰতত উৎপাদিত ৰঙেৰে চাহিদা পূৰণ কৰিব নোৱাৰে বাবেই চীনৰ পৰা এইসমূহ ৰং বেছিকৈ আমদানি হয় ।

বৰ্তমানলৈকে চীনকে ধৰি বিশ্বৰ ৮০ খনতকৈয়ো অধিক দেশৰ প্ৰায় ১ লাখ লোক এই কৰুণা ভাইৰাছত আক্ৰান্ত হৈছে। চীনত তিনি সহস্ৰাধিক লোকে ইতিমধ্যে প্ৰাণ হেৰুৱাইছে। খবৰ অনুসৰি ভাৰতত বৰ্তমানলৈকে ৩১ গৰাকী কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে যদিও কোনেও মৃত্যুক সাবটি লোৱা নাই।