সংযুক্ত আৰব আমিৰশ্বাহীত আৰু ২৫ জন ভাৰতীয়ক মৃত্যুদণ্ডৰ শাস্তি দিয়া হৈছে। অৱশ্যে তেওঁলোকৰ মৃত্যুদণ্ড এতিয়াও সম্পন্ন হোৱা নাই। বৃহস্পতিবাৰে সংসদত এই কথা সদৰী কৰে কেন্দ্ৰই।
যোৱা মাহত সংযুক্ত আৰব আমিৰশ্বাহীত একেদিনাই তিনিজন ভাৰতীয়ক ফাঁচী দিয়া হৈছিল। প্ৰথমে ৰাজহুৱা কৰা হৈছিল উত্তৰ প্ৰদেশৰ শ্বাহজাদী খানক ফাঁচী দিয়াৰ কথা। ইয়াৰ পিছত কেৰালাৰ দুজন যুৱক মহম্মদ ৰিনাশ আৰংগিলোট্টু আৰু মুৰালিধৰণ পেৰামাট্টাট্টা ভেলাপিলকো ফাঁচী দিয়াৰ খবৰ পোৱা গৈছিল।
এইবাৰ ৰাজ্যসভাত বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী কীৰ্তি বৰ্ধন সিঙে কয় যে সংযুক্ত আৰব আমিৰশ্বাহীত আৰু ২৫ জন ভাৰতীয়ৰ এতিয়াও মৃত্যুদণ্ড কাৰ্যকৰী কৰিবলৈ বাকী আছে।
কোন দেশৰ কাৰাগাৰত কিমানজন ভাৰতীয় বন্দী আছে সেই কথা জানিবলৈ সংসদত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ক সোধা হৈছিল। ইয়াৰে কিমানজনক এতিয়াও ফাঁচী দিয়া হোৱা নাই আৰু তেওঁলোকৰ জীৱন ৰক্ষাৰ বাবে কেন্দ্রই কি পদক্ষেপ লৈছে বুলিও প্রশ্ন কৰা হয়৷
ইয়াৰ উত্তৰত বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমান বিভিন্ন দেশত মুঠ ১০,১৫২ জন ভাৰতীয় বন্দী আছে। ইয়াৰে বহুতেই বিচাৰাধীন বন্দী। মৃত্যুদণ্ডৰ শাস্তি পোৱা ভাৰতীয়ৰ তথ্য প্ৰদান কৰাৰ সময়ত কীৰ্তি বৰ্ধনে বিশেষভাৱে আঠখন দেশৰ কথা উল্লেখ কৰে।
সংযুক্ত আৰব আমিৰশ্বাহীত আছে সৰ্বাধিক মৃত্যুদণ্ডৰ শাস্তি পোৱা ভাৰতীয় কয়দী। ইয়াৰ উপৰিও ছৌদি আৰবত ১১ জন, মালয়েছিয়াত ৬ জন, কুৱেইটত ৩ জন আৰু ইণ্ডোনেছিয়া, কাটাৰ, আমেৰিকা, য়েমেনত এজনকৈ ভাৰতীয়ৰ এতিয়াও ফাঁচী কাৰ্যকৰী হোৱা নাই।
ৰাজ্যসভাত মন্ত্ৰীগৰাকীয়ে কয় যে বিদেশৰ কাৰাগাৰত থকা ভাৰতীয়কে ধৰি সকলো প্ৰবাসী লোকৰ সুৰক্ষা আৰু নিৰাপত্তাক কেন্দ্ৰই সৰ্বোচ্চ গুৰুত্ব দিয়ে। ভাৰতীয় দূতাবাস আৰু অন্যান্য কূটনৈতিক মিছনে বিদেশত মৃত্যুদণ্ডৰ শাস্তি পোৱা প্ৰবাসী আৰু অন্যান্য বন্দীসকলক সকলো ধৰণৰ সহায় আগবঢ়ায়। আইনী সাহায্যও প্ৰদান কৰা হয়।
কেন্দ্ৰই সংসদক অৱগত কৰে যে তেওঁলোকক উচ্চ ন্যায়ালয়ত আবেদন কৰিবলৈ বা দয়া আবেদন দাখিল কৰিবলৈও আইনী সাহায্য প্ৰদান কৰা হয়। বিগত পাঁচ বছৰত (২০২০-২০২৪) বিদেশত কোনো প্ৰবাসী ভাৰতীয়ক ফাঁচী দিয়া হৈছে নেকি বুলিও বিদেশ মন্ত্ৰালয়ক প্ৰশ্ন কৰা হয়।
ইয়াৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে ২০২৪ চনত কুৱেইট আৰু চৌদি আৰৱত তিনিজনকৈ ভাৰতীয়ক ফাঁচী দিয়া হৈছে। ২০২৩ চনত কুৱেইট আৰু চৌদি আৰৱত পাঁচজন ভাৰতীয়ক ফাঁচী দিয়া হৈছে। ইয়াৰ উপৰিও ২০২৩ চনত মালয়েছিয়াত এজন আৰু ২০২৪ চনত জিম্বাবুৱেত এজনক ফাঁচী দিয়া হৈছে।
কিন্তু ইউ এ ই প্ৰশাসনৰ পৰা ভাৰতক কোনো তথ্য প্ৰদান কৰা হোৱা নাছিল। কিন্তু সেই দেশত থকা ভাৰতীয় দূতাবাসৰ ওচৰত উপলব্ধ তথ্য অনুসৰি বিগত পাঁচ বছৰত কোনো ভাৰতীয়ক তাত ফাঁচী দিয়া হোৱা নাই।