• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৰু ২৫ জন ভাৰতীয়ক মৃত্যুদণ্ড আমিৰশ্বাহীত! কিমান প্ৰবাসী বিদেশৰ কাৰাগাৰত বন্দী, তথ্য দিলে কেন্দ্ৰই

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
March 21, 2025 9:08 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সংযুক্ত আৰব আমিৰশ্বাহীত আৰু ২৫ জন ভাৰতীয়ক মৃত্যুদণ্ডৰ শাস্তি দিয়া হৈছে। অৱশ্যে তেওঁলোকৰ মৃত্যুদণ্ড এতিয়াও সম্পন্ন হোৱা নাই। বৃহস্পতিবাৰে সংসদত এই কথা সদৰী কৰে কেন্দ্ৰই।

যোৱা মাহত সংযুক্ত আৰব আমিৰশ্বাহীত একেদিনাই তিনিজন ভাৰতীয়ক ফাঁচী দিয়া হৈছিল। প্ৰথমে ৰাজহুৱা কৰা হৈছিল উত্তৰ প্ৰদেশৰ শ্বাহজাদী খানক ফাঁচী দিয়াৰ কথা। ইয়াৰ পিছত কেৰালাৰ দুজন যুৱক মহম্মদ ৰিনাশ আৰংগিলোট্টু আৰু মুৰালিধৰণ পেৰামাট্টাট্টা ভেলাপিলকো ফাঁচী দিয়াৰ খবৰ পোৱা গৈছিল।

Apply Now

এইবাৰ ৰাজ্যসভাত বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী কীৰ্তি বৰ্ধন সিঙে কয় যে সংযুক্ত আৰব আমিৰশ্বাহীত আৰু ২৫ জন ভাৰতীয়ৰ এতিয়াও মৃত্যুদণ্ড কাৰ্যকৰী কৰিবলৈ বাকী আছে।

কোন দেশৰ কাৰাগাৰত কিমানজন ভাৰতীয় বন্দী আছে সেই কথা জানিবলৈ সংসদত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ক সোধা হৈছিল। ইয়াৰে কিমানজনক এতিয়াও ফাঁচী দিয়া হোৱা নাই আৰু তেওঁলোকৰ জীৱন ৰক্ষাৰ বাবে কেন্দ্রই কি পদক্ষেপ লৈছে বুলিও প্রশ্ন কৰা হয়৷

ইয়াৰ উত্তৰত বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমান বিভিন্ন দেশত মুঠ ১০,১৫২ জন ভাৰতীয় বন্দী আছে। ইয়াৰে বহুতেই বিচাৰাধীন বন্দী। মৃত্যুদণ্ডৰ শাস্তি পোৱা ভাৰতীয়ৰ তথ্য প্ৰদান কৰাৰ সময়ত কীৰ্তি বৰ্ধনে বিশেষভাৱে আঠখন দেশৰ কথা উল্লেখ কৰে।

সংযুক্ত আৰব আমিৰশ্বাহীত আছে সৰ্বাধিক মৃত্যুদণ্ডৰ শাস্তি পোৱা ভাৰতীয় কয়দী। ইয়াৰ উপৰিও ছৌদি আৰবত ১১ জন, মালয়েছিয়াত ৬ জন, কুৱেইটত ৩ জন আৰু ইণ্ডোনেছিয়া, কাটাৰ, আমেৰিকা, য়েমেনত এজনকৈ ভাৰতীয়ৰ এতিয়াও ফাঁচী কাৰ্যকৰী হোৱা নাই।

ৰাজ্যসভাত মন্ত্ৰীগৰাকীয়ে কয় যে বিদেশৰ কাৰাগাৰত থকা ভাৰতীয়কে ধৰি সকলো প্ৰবাসী লোকৰ সুৰক্ষা আৰু নিৰাপত্তাক কেন্দ্ৰই সৰ্বোচ্চ গুৰুত্ব দিয়ে। ভাৰতীয় দূতাবাস আৰু অন্যান্য কূটনৈতিক মিছনে বিদেশত মৃত্যুদণ্ডৰ শাস্তি পোৱা প্ৰবাসী আৰু অন্যান্য বন্দীসকলক সকলো ধৰণৰ সহায় আগবঢ়ায়। আইনী সাহায্যও প্ৰদান কৰা হয়।

কেন্দ্ৰই সংসদক অৱগত কৰে যে তেওঁলোকক উচ্চ ন্যায়ালয়ত আবেদন কৰিবলৈ বা দয়া আবেদন দাখিল কৰিবলৈও আইনী সাহায্য প্ৰদান কৰা হয়। বিগত পাঁচ বছৰত (২০২০-২০২৪) বিদেশত কোনো প্ৰবাসী ভাৰতীয়ক ফাঁচী দিয়া হৈছে নেকি বুলিও বিদেশ মন্ত্ৰালয়ক প্ৰশ্ন কৰা হয়।

ইয়াৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে ২০২৪ চনত কুৱেইট আৰু চৌদি আৰৱত তিনিজনকৈ ভাৰতীয়ক ফাঁচী দিয়া হৈছে। ২০২৩ চনত কুৱেইট আৰু চৌদি আৰৱত পাঁচজন ভাৰতীয়ক ফাঁচী দিয়া হৈছে। ইয়াৰ উপৰিও ২০২৩ চনত মালয়েছিয়াত এজন আৰু ২০২৪ চনত জিম্বাবুৱেত এজনক ফাঁচী দিয়া হৈছে।

কিন্তু ইউ এ ই প্ৰশাসনৰ পৰা ভাৰতক কোনো তথ্য প্ৰদান কৰা হোৱা নাছিল। কিন্তু সেই দেশত থকা ভাৰতীয় দূতাবাসৰ ওচৰত উপলব্ধ তথ্য অনুসৰি বিগত পাঁচ বছৰত কোনো ভাৰতীয়ক তাত ফাঁচী দিয়া হোৱা নাই।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

September 23, 2026 8:40 pm
বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

September 23, 2026 7:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd