NORTHEAST NOW (Assamese)

জন্মদিনত আশিস বিচাৰি ৰাজ্যপাল জগদীশ মুখীয়ে আজি উপস্থিত হয় বশিষ্ঠ মন্দিৰত

December 1, 2018 1:51 pm · কল্পজ্যোতি শইকীয়া
বশিষ্ঠ মন্দিৰত উপস্থিত ৰাজ্যপাল জগদীশ মুখী। ফটো : নৰ্থইষ্ট নাও

আজি নিজৰ ওপজা দিনটোত অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে বশিষ্ঠ মন্দিৰত কাহিলী পুৱাতে পত্নী সহ উপস্থিত হৈ পূজা অৰ্চনা কৰে।

নিজৰ জন্মদিন উপলক্ষে ‘বশিষ্ঠ বাবা’ৰ আশিস ল’বলৈ ৰাজ্যপাল গৰাকী বশিষ্ঠ মন্দিৰত উপস্থিত হোৱাৰ পাছত ৰাজ্যপাল গৰাকীক কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বীৰেন্দ্ৰ মিট্টাল আৰু মন্দিৰ পৰিচালনা সমিতিয়ে আদৰণি জনায়।

মন্দিৰত পূজা অৰ্চনা আগবঢ়োৱাৰ পাছত ৰাজ্যপাল গৰাকীয়ে ‘দেশৰ ভিন্ন প্ৰান্তৰ তুলনাত অসমৰ মানুহ ধাৰ্মিক’ বুলি মন্তব্য কৰে।

ৰাজ্যপাল গৰাকীয়ে লগতে অসমৰ মঠ-মন্দিৰ সমূহৰ উন্নয়নৰ বাবে চৰকাৰে প্ৰচেষ্টা হাতত লোৱা বুলি জানিব দিয়ে।

উল্লেখযোগ্য যে বিগত বৰ্ষত নিজৰ জন্মদিনত উমানন্দত সেৱা লোৱাৰ পাছত এইবাৰ বশিষ্ঠ মন্দিৰত সেৱা জনায় ৰাজ্যপাল গৰাকীয়ে।

প্ৰায় ৩০ মিনিটোতকৈয়ো অধিক সময় বশিষ্ঠ মন্দিৰত পূজা অৰ্চনা কৰাৰ পাছত ৰাজ্যপাল মুখী বশিষ্ঠৰ পৰা ৰাজভৱনলৈ উভতি যায়।

Related News