“পাৰ্টি কৰো, ধূমপান আৰু মদ্যপানো কৰো।”- নিজকে ‘ভ্ৰষ্ট’ বুলি ক’লে অভিনেতা গোবিন্দাই, কিয়?

বলিউডৰ জনপ্ৰিয় অভিনেতা গোবিন্দাই শেহতীয়াকৈ নিজকে ‘ভ্ৰষ্ট আৰু তিক্ত’ বুলি অভিহিত কৰিছে।

আনহাতে নিজৰ পুৰণি সময়ছোৱাত তেওঁ ‘সংস্কাৰী’ আছিল বুলিও তেওঁ কয়।

বলিউডত তেওঁৰ বিৰুদ্ধে এটা ষড়যন্ত্ৰ চলি থকা বুলি অভিযোগ কৰি তেওঁ কয় যে চিনেমা উদ্যোগটেৰ পৰা তেওঁক আঁতৰাবৰ বাবে তেওঁ ভাল চিনেমাৰ অফাৰ দিয়া হোৱা নাই।

তদুপৰি তেওঁৰ চিনেমাসমূহ মুক্তিলাভৰ ক্ষেত্ৰতো বাধাগ্ৰস্ত হোৱা বুলি জনায়।

টাইমছ অৱ ইণ্ডিয়াই লোৱা এটা সাক্ষাৎকাৰত গোবিন্দাই কয় যে তেওঁ শেহতীয়া দিনবোৰত ব্যৱসায়ীৰ দৰে হৈ পৰিছে আৰু হৃদয়ৰ আৱেগেৰে নিজৰ কামসমূহ কৰিব পৰা নাই।

”মই বহু ভ্ৰষ্ট আৰু তিক্ত হৈ পৰিছো। শেহতীয়া দিনবোৰ, মই পাৰ্টি কৰো, ধূমপান কৰো আৰু মদ্যপান কৰো। পুৰণি গোবিন্দা সংস্কাৰী আছিল।”- অভিনেতাজনে কয়।

তেওঁ নিবিচৰা ধৰণৰ চিনেমাও তেওঁক ষড়যন্ত্ৰমূলকভাৱে অফাৰ কৰা হৈছে বুলিও তেওঁ কয়।

”মই ভাল নোপোৱা যৌনগন্ধী আৰু হিংসাত্মক চিনেমাসমূহ মোক ষড়যন্ত্ৰমূলকভাৱে অফাৰ কৰা হৈছে।”- তেওং কয়।

”যদি তুমি অত্যধিক যৌনতা থকা চিনেমা নিৰ্মাণ কৰিব বিচাৰা, তেন্তে পৰ্ণ চিনেমা কিয় নবনোৱা?”- গোবিন্দাই কয়।

উল্লেখযোগ্য যে নবৈৰ দশকৰ অন্যতম শীৰ্ষ তাৰকা গোবিন্দাৰ শেহতীয়া চিনেমাসমূহ ফ্লপ হোৱাৰ উপৰিও তেওঁৰ পূৰ্বৰ পৰিচালক ডেভিড ধাৱানৰ স’তে ৰাজহুৱা সংঘাততো অভিনেতাজন লিপ্ত হৈছে।