NORTHEAST NOW (Assamese)

বাজেট : এম এনৰেগাৰ পৰা ৩০ শতাংশ ধন কৰ্তন কৰিলে কেন্দ্ৰই

February 2, 2023 10:09 am · এন ই নাও নিউজ, গুৱাহাটী

যোৱা ১ ফ্ৰেব্ৰুৱাৰীৰ দিনা কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে লোকসভাত দাখিল কৰে দেশৰ বাৰ্ষিক বিত্তীয় বিৱৰণী তথা ২০২৩২০২৪ বৰ্ষৰ বাজেট। এই বাজেটে বহুতৰ বাবে আশা কঢ়িয়াই অনাৰ লগতে বহুতৰ বাবে লৈ আনিছে ক্ষোভ।

২০২৩২০২৪ বৰ্ষৰ বিত্তীয় বাজেটত চৰকাৰে হ্ৰাস কৰিছে এম এনেৰেগা তথা মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ নিয়োগ নিশ্চিত আঁচনিৰ ধন। এই আঁচনিৰ বাবে আবন্টিত ধনৰ ৩০ শতাংশ কৰ্তন কৰিছে কেন্দ্ৰীয় চৰকাৰে। এই আঁচনিৰ যোগেদি দেশৰ গ্ৰামাঞ্চলৰ দৰিদ্ৰ লোকক ১০০ দিনৰ বাবে চৰকাৰী শ্ৰমিক হিচাপে নিয়োগ কৰা হয়।

যোৱা বেলি এই আঁচনিৰ বাবে কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰিছিল ৮৯,১৫৪.৬৫ কোটি টকা। কিন্তু এই বেলি এই টকা হ্ৰাস কৰি কৰা হৈছে ৬১,০৩২.৬৫ টকা। অৰ্থাৎ ৩০ শতাংশ আবন্টিত ধন হ্ৰাস কৰিলে কেন্দ্ৰই। এইবাৰেই বুলি নহয় যোৱা বছৰো বাজেটত এই আঁচনিৰ পৰা কাটি দিয়া হৈছিল ২৫ শতাংশ ধন।

উল্লেখ্য যে এইবাৰ বাজেটত এনেদৰেই কৰ্তন কৰা হৈছে বিভিন্ন আঁচনিৰ বাবে পূৰ্বে আবন্টিত ধনৰ অংশ।

Related News