প্ৰধান মন্ত্ৰী গতি শক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেনৰ অধীনত ১০১ টা প্ৰকল্প চিনাক্ত, জনালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

Sarbananda Sonowal

বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে ব্যৱহাৰ আৰু উৎপাদন কেন্দ্ৰৰ সৈতে বন্দৰ সংযোগ বৃদ্ধিৰ বাবে প্ৰধানমন্ত্ৰী গতি শক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেনৰ অধীনত ১০১ টা প্ৰকল্প চিনাক্ত কৰিছে। এই কথা সদৰী কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

উদ্যোগ সংস্থা CII এ আয়োজন কৰা এক অনুষ্ঠানত ভাষণ প্ৰসঙ্গত বন্দৰ, জাহাজ আৰু জলপথ বিভাগৰ মন্ত্ৰী সোণোৱালে লগতে কয় যে দেশৰ ২৪ খন ৰাজ্যত বিয়পি থকা প্ৰায় ১১১ টা জলপথক ৰাষ্ট্ৰীয় জলপথ হিচাপে ঘোষণা কৰা হৈছে।

“লজিষ্টিক ব্যয় হ্ৰাস কৰাটো ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ। আমাৰ চৰকাৰে সমগ্ৰ দেশতে লজিষ্টিক পৰিস্থিতিতন্ত্ৰ শক্তিশালী কৰিবলৈ কেইবাটাও পদক্ষেপ গ্ৰহণ কৰি আছে। বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে ব্যৱহাৰ আৰু উৎপাদন কেন্দ্ৰৰ সৈতে বন্দৰ সংযোগ বৃদ্ধিৰ বাবে প্ৰধানমন্ত্ৰী গাতি শক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেনৰ অধীনত ১০১ টা প্ৰকল্প চিনাক্ত কৰিছে।” ভাষণত এইদৰে উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে।

সমগ্ৰ ভাৰতত ঘাইপথৰ গ্ৰীড স্থাপন কৰা উদ্দেশ্যে গ্ৰহণ কৰা সাগৰমালা, ভাৰতমালা প্ৰকল্প আৰু ডেডিকেটেড ফ্ৰেইট কৰিডৰ (DFC) আদি চৰকাৰৰ আন্তঃগাঁথনি পৰিকল্পনা ৰূপায়ণৰ বিভিন্ন পৰ্যায়ত আছে।

সাগৰমালা প্ৰকল্পৰ অধীনত মন্ত্ৰালয়ে বন্দৰ আন্তঃগাঁথনি উন্নয়ন আৰু দক্ষতা বিকাশ কাৰ্যসূচীৰ বাবে ৰাজ্য চৰকাৰসমূহক বিত্তীয় সহায় আগবঢ়ায়।

জৱাহৰলাল নেহৰু বন্দৰ (JNPT) অন্যান্য ভাৰতীয় বন্দৰৰ সৈতে সংযোগ স্থাপন কৰিবলৈ সাজু বুলি সোণোৱালে সদৰী কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৩ অক্টোবৰত লজিষ্টিক ব্যয় হ্ৰাস আৰু অৰ্থনীতিৰ বিকাশৰ বাবে, আন্তঃগাঁথনি বিকাশৰ বাবে মাল্টি-মডেল সংযোগৰ বাবে ১০০ লাখ কোটি টকাৰ ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন মুকলি কৰিছিল।

সোণোৱালে লগতে কয় যে দেশৰ সামুদ্ৰিক খণ্ডই ইয়াৰ সামগ্ৰিক বাণিজ্য আৰু বিকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

ভাষণত সোণোৱালে উল্লেখ কৰে, “যোৱা কেইবছৰমানত আমাৰ প্ৰচেষ্টাই ফলাফল আনিবলৈ আৰম্ভ কৰিছে।যোৱা পাঁচ বছৰত বন্দৰসমূহত বিনিয়োগ বৃদ্ধি পাইছে।”