পৌৰসভালৈ উন্নীত কৰা হ’ল গোৰেশ্বৰ নগৰ সমিতি; খবৰত উৎফুল্লিত গোৰেশ্বৰবাসী

Goreswar

প্ৰতিনিধিত্বমূলক চিত্ৰ

গোৰেশ্বৰবাসীৰ বাবে সু খবৰ। দীৰ্ঘদিনৰ পৰা দাবী কৰি অহাৰ সুবাদত অসম চৰকাৰৰ পৌৰসভাৰ তালিকাত ১০০ নম্বৰত  অন্তৰ্ভুক্ত হ’ল গোৰেশ্বৰৰ নাম।

বাক্সা জিলাৰ গোৰেশ্বৰ নগৰ সমিতিয়ে বিচৰা ধৰণেই গোৰেশ্বৰ নগৰক পৌৰসভালৈ উন্নীতকৰণ কৰাত সমিতিৰ বিষয়ববীয়াৰ লগতে সাধাৰণ ৰাইজৰ মনত আনন্দৰ লহৰ উঠা পৰিলক্ষিত হয়।

নগৰ সমিতিয়ে এই আনন্দৰ খবৰটো পোৱাৰ লগে লগে আনন্দত মতলীয়া হৈ নগৰৰ মাজ মজিয়াত ফটকা ফুটাই হৰ্ষোল্লাস কৰে। গোৰেশ্বৰবাসীৰ এই আনন্দৰ সময়ত ৰাজহ চক্ৰ বিষয়া অলকানন্দ মেধিও উপস্থিত থাকে।

ইফালে গোৰেশ্বৰ পৌৰসভাৰ পৌৰপতি ধনঞ্জয় বসুমতাৰীয়ে চৰকাৰৰৰ এই সিদ্ধান্তক আদৰণি জনায়। তেওঁ লগতে অসম চৰকাৰ আৰু বি টি চি প্ৰশাসনে অতি কম দিনৰ ভিতৰতে গোৰেশ্বৰ নগৰক পৌৰসভালৈ উন্নীতকৰণ কৰাত অশেষ ধন্যবাদ জ্ঞাপন কৰে।

আনহাতে পৌৰপতিগৰাকীয়ে লগতে কয় যে নগৰখন পৌৰসভালৈ উন্নীতকৰণ কৰা হ’ল সঁচা কিন্তু এতিয়া উন্নয়নৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গুৰুত্ব প্ৰদান কৰিব লাগিব তথা স্থানীয় ৰাইজেও গোৰেশ্বৰৰ উন্নয়নৰ বাবে সহায় সহযোগিতা আগবঢ়াব লাগিব।