NORTHEAST NOW (Assamese)

শিৱসাগৰত ছাইনবোৰ্ডতে সীমাৱদ্ধ হৈ আছে দেশৰ প্ৰথম খন সমবায় বিশ্ববিদ্যালয়, আছুৰ প্ৰতিবাদ

August 11, 2021 3:20 pm · পাৰ্শ্বজ্যোতি গগৈ

এক দশক অতিক্ৰম কৰাৰ পিছতো পূৰ্ণাংগ পৰ্যায়ত  গঢ় লৈ নুঠিল শিৱসাগৰত স্থাপন কৰা  ৰাজীৱ গান্ধী পেট্ৰ’লিয়াম প্ৰযুক্তি প্ৰতিষ্ঠান আৰু অসম ৰাজীৱ গান্ধী সমবায় বিশ্ববিদ্যালয়।

শিক্ষা প্ৰতিষ্ঠান দুখনক পূৰ্ণাংগ পৰ্যায়ত গঢ়ি তোলাৰ দাবীত আজি আছুৱে অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰে ৷

চৰকাৰৰ হেমাহিৰ বাবে এই দুয়োখন শৈক্ষিক প্ৰতিষ্ঠানে লাভ কৰা নাই পূৰ্ণাংগ ৰূপ।

ছাইনবোৰ্ডতে সীমাৱদ্ধ হৈ আছে জেৰেঙা পথাৰৰ সমীপৰ ডিমৌ পথাৰত ২০১০ চনত ২৫০ বিঘা মাটি অধিগ্ৰহণ কৰি  আধাৰশিলা স্থাপন কৰা  দেশৰ প্ৰথম খন সমবায় বিশ্ববিদ্যালয়।

ইয়াৰ পৰিপ্ৰেক্ষিতত বুধবাৰে শিৱসাগৰ মহকুমা ছাত্ৰ সন্থাই জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট পালন কৰে।

আছুৰ শতাধিক কৰ্মী তথা বিষয়ববীয়াই হাতে হাতে প্লে কাৰ্ড, পোষ্টাৰ লৈ অৱস্থান ধৰ্মঘট কৰি শৈক্ষিক প্ৰতিষ্ঠান দুখনকলৈ চৰকাৰে চৰম হেমাহী আৰু ল’ৰা ধেমালি কৰি থকা বুলি ক্ষোভ প্ৰকাশ কৰে।

ছাত্ৰ ছাত্ৰী সকলক স্বাৱলম্বী কৰা তথা মানৱ সম্পদ গঢ় দিয়াত দুয়োখন শৈক্ষিক প্ৰতিষ্ঠানে গুৰুত্বপূৰ্ণ ভূমিকা ল’ব বুলি আশা কৰা হৈছিল যদিও চৰকাৰৰ অৱহেলাৰ বাবেই ফুটুকাৰ ফেনত পৰিণত হোৱা বুলিও ক্ষোভ প্ৰকাশ কৰে  আছুৱে ।

Related News