সংযুক্ত মুক্তি বাহিনী অসমৰ প্ৰায় ৪০ বছৰীয়া ইতহিাসত এইবাৰেই প্ৰথম সংগঠনটোৱে ১৫ আগষ্টৰ স্বাধীনতা দিৱসৰ দিনা বন্ধ ঘোষণা অথবা সশস্ত্ৰ প্ৰতিবাদৰ পৰা বিৰত থাকিব বুলি ঘোষণা কৰিছে।
আলফা স্বাধীন প্ৰেৰণ কৰা এক বিবৃতিত এইবুলি উল্লেখ কৰিছে যে বৰ্তমান সমগ্ৰ বিশ্বতে কভিড ১৯ ৰ তৃতীয় লহৰ চলি থকাৰ মাজতে ঔপনিৱেশিক ভাৰত ৰাষ্ট্ৰই ভূতৰ ওপৰত দানহৰ দৰে ইয়াৰ ৭৫ সংখ্যক তথাকথিত স্বাধীনতা দিৱস পালন কৰিবলৈ লৈছে।
ঔপনিৱেশিক শাসকৰ এনে চুকতে থাকি বুকত কামোৰ মৰা স্বভাৱ চূড়ান্ত অন্যায় আৰু অসমত যিটো ঐতিহাসিক ভাবে সম্পূৰ্ণ অপ্ৰাংগিক ।
বিবৃতিটোত আলফা (স্বাধীনে)-এ লগতে ইয়াণ্ডাবু সন্ধিৰ প্ৰসংগ উল্লেখ কৰি কয় যে ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত মানৰ বিৰুদ্ধে ব্ৰিটিছৰ যুদ্ধৰ পৰিণতিত হোৱা চুক্তিত উভয় পক্ষই অসমৰ সাৰ্বভৌমত্বৰ বিষয়টো মানি লৈছিল।
১৮২৪ চনৰ ১৭ এপ্ৰিলত মানৰ সৈতে হোৱা যুদ্ধৰ পূৰ্বে ব্ৰিটিছে বাংলা ভাষাত প্ৰকাশ কৰা প্ৰচাৰ পত্ৰতো এইবুলি কৈছিল যে ‘ৰাজ্য জয়ৰ লালসাৰে আমি তেওঁলোকৰ দেশত প্ৰৱেশ কৰা নাই…’।
ভাৰতে অসমৰ সাৰ্বভৌমত্ব খৰ্ব কৰাৰ বিৰুদ্ধে খাম ডাঠ থলগিৰি জনতাই পূৰ্বৰে পৰা যি সংগ্ৰাম আৰম্ভ কৰিছিল তাৰ ধাৰা আজিও অব্যাহত আছে বুলি বিবৃতি খনত কোৱা হৈছে।
শেহতীয়া কভিড পৰিস্থিতি আৰু দক্ষিণ-পূব এছিয়াৰ দেশ সমূহত দেখা দিয়া সীমা বিবাদ, বান সমস্যা , নিৱনুৱা সমস্যা আদিৰ বাবেই ভাৰতৰ ১৫ আগষ্টৰ স্বাধীনতা দিৱসত আলফা(স্বাধীন)-এ কোনো সশস্ত্ৰ প্ৰতিবাদ অথবা বন্ধ ঘোষণাৰ পৰা বৰিত থকা বুলি বিবৃতিটোত কোৱা হৈছে।