কেন্দ্ৰীয় চৰকাৰৰ বিত্ত মন্ত্ৰ্যালয়ৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগে দেশত কোভিড-১৯ৰ পৰিস্থিতিলৈ লক্ষ্য ৰাখি ক্ষুদ্ৰ সঞ্চয় আঁচনিত অহা ৩১জুলাইলৈকে বিভিন্ন শিথিলকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
এই শিথিলকৰণ নিৰ্দেশনাসমূহ হৈছে এনেধৰণৰ –
১. ৰেকাৰিং ডিপ’জিট একাউন্টৰ গ্ৰাহকসকলে মাৰ্চ, এপ্ৰিল, মে’ আৰু জুন মাহৰ কিস্তিসমূহ অহা ৩১জুলাই,২০২০ পৰ্যন্ত কোনো ৰিভাইভেল মাছুল অবিহনে জমা দিব পাৰিব।
২. যদি ৰেকাৰিং ডিপ’জিট একাউন্টত জমাকাৰীয়ে ৩১জুলাইৰ ভিতৰত বাকী থকা কিস্তিসমূহ আদায় দিয়ে তেনেক্ষেত্ৰত মাৰ্চ,এপ্ৰিল, মে’ আৰু জুনৰ বাবে কোনো ডিফল্ট চাৰ্জ লোৱা নহয়।
৩. ৰেকাৰিং ডিপ’জিট একাউন্টৰ গ্ৰাহকসকলে যিসকলে লকডাউনৰ সময়ত ৰেহাইৰ সুবিধা লাভৰ বাবে আগতীয়া কিস্তি জমা কৰিব নোৱাৰিলে তেওঁলোকে সেয়া ৩১জুলাই,২০২০ৰ ভিতৰত জমা দিব পাৰিব।
আগতীয়া কিস্তি জমা দিয়াৰ সময়ত আঁচনি অনুসৰি প্ৰযোজ্য ৰেহাইৰ সুবিধা লাভ কৰিব পাৰিব।
৪. পিপিএফ আৰু এছচিএছএছ একাউন্টৰ গ্ৰাহকসকলে যিসকলৰ সময় বৃদ্ধিৰ প্ৰপত্ৰ লকডাউনৰ বাবে দাখিল কৰিবলৈ বাকী আছে, তেওঁলোকে মেচ্যুৰিটিৰ পাছৰ এবছৰৰ গ্ৰেছ পিৰিয়ডৰ সৈতে সময় বৃদ্ধিৰ নিৰ্দিষ্ট প্ৰপত্ৰ ৩১জুলাই,২০২০ৰ ভিতৰত ৰেজিষ্টাৰ্ড মেইলৰ জৰিয়তে দাখিল কৰিব পাৰিব আৰু লকডাউন সম্পূৰ্ণ উঠি যোৱাৰ পাছত সংশ্লিষ্ট অপাৰেটিং সংস্থাক ইয়াৰ অৰিজিনেল কপি দাখিল কৰিব পাৰিব।
৫. একাউন্টৰ মেচ্যুৰিটিৰ উদ্দেশ্যে এটা একাউন্টৰ পৰা আন এটা একাউন্টলৈ বদলি কৰাৰ বাবে অহা ৩১ জুলাইলৈকে কোনো বদলিৰ মাছুল লোৱা নহয়।
৬. লকডাউনৰ সময়ছোৱাত অৰ্থাৎ ২৫ মাৰ্চ,২০২০ৰপৰা ৩০জুন ২০২০ৰ ভিতৰত যিবোৰ ছোৱালীৰ বয়স ১০বছৰ সম্পূৰ্ণ হৈছে সেইবোৰ ছোৱালীৰ নামত সুকন্যা সমৃদ্ধি যোজনা (এছএছৱাই)ৰ একাউন্ট অহা ৩১জুলাইৰ ভিতৰত খুলিব পাৰিব।
৭. পিপিএফ/এছএছএ একাউন্টৰ গ্ৰাহকসকলে তেওঁলোকৰ প্ৰতিটো একাউন্টত ২০১৯-২০ বিত্তীয় বৰ্ষৰ বাবে ৩১ জুলাইৰ ভিতৰত পিপিএফ/এছএছএ আঁচনিৰ নিয়ম তথা আন চৰ্ত অনুসৰি থকা সৰ্বোচ্চ জমাৰ ব্যৱস্থা অনুসৰি এবাৰ জমা কৰিব পাৰিব।