কৰ’না ভাইৰাছৰ বিষয়ে জানিবলৈ WhatsApp ব্যৱহাৰকাৰীৰ বাবে চৰকাৰৰ হেল্প ডেস্ক; এনেদৰে কৰক ব্যৱহাৰ

whatsapp

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

বৰ্তমানলৈ কৰ’না ভাইৰাছৰ কোনোধৰণৰ প্ৰতিষেধক আবিস্কাৰ হোৱা নাই যদিও ভাল খবৰটো হ’ল আপুনি সতৰ্কতা অৱলম্বন কৰি ইয়াৰ পৰা বাচি থাকিব পাৰে।

বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা আৰম্ভ কৰি ভাৰত আৰু বিশ্বৰ সকলো দেশে ঠায়ে ঠায়ে এই ভাইৰাছ বিধৰ সংক্ৰমণ ৰোধৰ বাবে বিভিন্ন নিৰ্দশনাৱলী জাৰি কৰিছে।

যদিহে আপুনি হোৱাটছ এপ ব্যৱহাৰ কৰে তেতিয়াহ’লে ভাৰতৰ স্বাস্থ্য মন্ত্ৰ্যালয়ে আপোনালোকৰ বাবে হেল্প ডেস্ক নম্বৰ মুকলি কৰিছে। এই হেল্প ডেস্ক নম্বৰটোত আপোনালোকে কৰ’না ভাইৰাছৰ সৈতে জড়িত প্ৰশ্ন সুধিব পাৰিব।

বৰ্তমানলৈ +৯১১১২৩৯৭৮০৪৬ আৰু ১০৭৫ নম্বৰৰ দুটা ৰাষ্ট্ৰীয় হেল্পলাইন নম্বৰ মুকলি কৰি কৰি দিয়া হৈছে।

চৰকাৰে ইয়াক মাইগোভ কৰ’না হেল্প ডেস্ক নাম দিছে যাৰ জৰিয়তে আপোনালোকে কৰ’না ভাইৰাছ সম্বন্ধীয় প্ৰশ্নৰ উত্তৰ লাভ কৰিব।

চৰকাৰৰ দ্বাৰা কৰ’না ভাইৰাছ সম্বন্ধীয় তথ্য জানিবলৈ বনোৱা হেল্প ডেস্কক এই ধৰণে ব্যৱহাৰ কৰিব পাৰি-