অসম-পশ্চিম বংগৰ চাহ শ্ৰমিকৰ বাবে কেন্দ্ৰৰ ১০০০ কোটি টকাৰ পেকেজ

Govt proposes 1000 crore for welfare of tea workers in Assam and West Bengal

ভাৰত চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ ৰাজ্যিক মন্ত্ৰী অনুপ্ৰিয়া পেটেলে ২৯ আৰু ৩০ ছেপ্টেম্বৰ ২০২১ তাৰিখে গুৱাহাটী ভ্ৰমণ কৰে আৰু অসম – পশ্চিম বঙ্গৰ চাহ বাগিচাৰ শ্ৰমিকসকলৰ বিকাশৰ বাবে ১০০০ কোটি টকাৰ পেকেজ ঘোষণা কৰে।

এই ভ্ৰমণকালত মাননীয় মন্ত্ৰীগৰাকীয়ে ২৯ ছেপ্টেম্বৰ, ২০২১ তাৰিখে গুৱাহাটীত ইণ্ডিয়ান টি এছ’চিয়েশ্যনৰ (আইটিএ) সমৰ্থনত চাহ ব’ৰ্ড ইণ্ডিয়াৰ দ্বাৰা আয়োজিত এক মতবিনিময় অধিৱেশন অনুষ্ঠিত কৰে।

এই অনুষ্ঠানত ক্ষুদ্ৰ চাহ খেতিয়ক, উৎপাদক সংগঠন, পাত ক্ৰয় কৰা নিৰ্মাতা সংস্থা, চাহ গৱেষণা সংস্থা আৰু শ্ৰমিক সংঘকে ধৰি চাহ খণ্ডৰ সকলো অংশীদাৰে অংশগ্ৰহণ কৰে।

চৰকাৰে ২০২১-২২ বৰ্ষৰ পৰা ২০২৫-২৬ বৰ্ষলৈ চাহ উন্নয়ন আৰু প্ৰচাৰ আঁচনিত অনুমোদন জনাইছে।
সংগ্ৰহ, জৈৱিক কৃষি আৰু ৰপ্তানিৰ বাবে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ ওপৰত গুৰুত্ব দিয়াৰ বাবে ৯৬৭.৭৮ কোটি টকা, NERৰ পৰা ৰপ্তানিৰ লক্ষ্যৰে খণ্ড নিৰ্দিষ্ট পৰিকল্পনাৰ বাবে ৯৮.০৮ কোটি টকা। চাহ বোৰ্ড ইণ্ডিয়াৰ অমীমাংসিত ৰাজসাহায্য পৰিশোধ কৰাৰ বাবে ২৯৮.৭৬ কোটি টকা অনুমোদিত হৈছে।

অসম আৰু পশ্চিম বংগৰ চাহ বাগিচাৰ শ্ৰমিকসকলৰ সামগ্ৰিক বিকাশৰ বাবে বিশেষকৈ মহিলা শ্ৰমিক আৰু তেওঁলোকৰ সন্তানৰ স্বাস্থ্য, শিক্ষা আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত ১০০০ কোটি টকাৰ অনুমোদন জনোৱা হৈছে।

অৱশ্যে এইয়া কেৱল ঘোষণাতে সীমাবদ্ধ থাকে নে বাস্তৱ ক্ষেত্ৰতো কাৰ্যকৰী হয় সেইয়া লক্ষণীয় হ’ব।