• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাৱধান! অসমত ঔষধে আপোনাক মাৰিও পেলাব পাৰে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 25, 2018 7:13 pm
Drugs_2

সম্পূৰ্ণ প্ৰতিবেদনটোৰ প্ৰতিলিপি ভিতৰত দিয়া হৈছে।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৰকাৰী চিকিৎসালয়ত ঔষধ যোগানৰ ঠিকা লাভ কৰা স্বাস্থ্য মন্ত্ৰীৰ ঘনিষ্ঠৰ ঔষধ কোম্পানিয়ে অসমৰ ৰোগীক খুৱাই আহিছে ভেজাল ঔষধ। এই ভেজাল ঔষধ ৰোগীক দিয়াৰ অনুপযুক্ত বুলি প্ৰতিবেদন দিয়া বাবে আৰ ডি টি এল (Regional Drug Testing Laboratory)ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ তথা ড্ৰাগ এনালিষ্ট ডাঃ পাৰ্থজ্যোতি গগৈক জম্মুলৈ শাস্তিমূলক বদলি কৰা হৈছিল।

ডাঃ গগৈয়ে ৰাষ্ট্ৰীয় স্বাস্থ্য মিশ্যনৰ এই অন্যায় নিৰ্দেশৰ বিৰুদ্ধে কেন্দ্ৰীয় প্ৰশাসনিক ন্যায়াধিকৰণত (Central Administrative Tribunal) আপত্তি দিয়াত তেওঁৰ বদলৰি নিৰ্দেশ তিনি মাহৰ বাবে স্থগিত কৰা হ’ল। গগৈয়ে ড্ৰাগ এনালিষ্ট হিচাপে মুঠ ৪৩বিধ ঔষধ মানুহে খোৱাৰ অনুপযুক্ত বুলি প্ৰতিবেদন দিছিল।

ইয়াৰ সমান্তৰালভাৱে যোৱা ২১ আগষ্টত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমে (NHM, Assam) ৰাজ্যখনৰ ১৫জনকৈ জিলা ঔষধ ভঁৰাল পৰিচালক (district drug store manager)ক বিভিন্ন স্থানলৈ বদলি কৰিছে। এজন-দুজন নহয়, ১৫ জনকৈ স্বাস্থ্য বিষয়াক একেবাৰতে এইদৰে বিভিন্ন স্থানলৈ বদলি কৰাটো এটা নজিৰবিহীন ঘটনা আৰু ইয়াৰ আঁৰত ভেজাল দৰবৰ তথ্য ফাদিলেৰে চৰকাৰক বিপদত পেলোৱাটোৱেই কাৰণ বুলি গুৰুতৰ অভিযোগ আনিছে দুৰ্নীতি বিৰোধী যুৱশক্তি অসমে।

আজি গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল দি দুৰ্নীতি বিৰোধী যুৱশক্তি অসমে তথ্য সহকাৰে সমগ্ৰ বিষয়টো সাংবাদিকসকলৰ দৃষ্টিগোচৰ কৰে।

দুৰ্নীতি বিৰোধী যুৱশক্তিয়ে অভিযোগ কৰা মতে, জিলা ঔষধ ভঁৰাল পৰিচালকসকলক কৰা এই বদলি সম্পূৰ্ণ প্ৰতিশোধমূলক।

তেওঁলোকে সংবাদমেলত কয়, “নৱ কুমাৰ ডেকা নামৰ জিলা ঔষধ ভঁৰাল পৰিচালকগৰাকীক যোৱা ২১ আগষ্টৰ দিনা বাক্সা জিলা কাৰ্য্যালয়ৰ পৰা কামৰূপ মেট্ৰ’ৰ ঔষধৰ গুদাম ঘৰলৈ বদলি কৰিছে। লগতে ভাস্কৰজ্যোতি পাঠক নামৰ অন্য এগৰাকী ভঁৰাল পৰিচালকক বৰপেটাৰ পৰা কামৰূপ গ্ৰাম্যৰ জিলা ঔষধ গুদামঘৰলৈ বদলি কৰিছে।”

এনেদৰে ১৫গৰাকী ভঁৰাল পৰিচালকক অন্য জিলালৈ বদলি কৰাৰ বিষয়টোত ৰহস্য আছে বুলি দুৰ্নীতি বিৰোধী যুৱশক্তি অসমৰ সভাপতি ধৰ্মকান্ত গগৈয়ে দাবী কৰে।

বদলিৰ নিৰ্দেশ পোৱা আনকেইগৰাকী জিলা ঔষধ ভঁৰাল মেনেজাৰ হৈছে : নবকুমাৰ ডেকা, ভাস্কৰজ্যোতি পাঠক, ফুলুৱাৰ আহমেদ, সমীৰণ শৰ্মা, ত্ৰিদিপ চাংমাই, খনীন তালুকদাৰ, ৰিয়াজুদ্দিন আহমেদ, ৰাতুল আলী, ৰাজ্জালাৰ ৰহমান, সঞ্জয় বৈশ্য, নূপুৰ গোহাঁই, মঃ ময়দুল ইছলাম, দিব্যজ্যোতি সন্দিকৈ, মনোজ কুমাৰ তায়েং, দ্বীপজ্যোতি বড়ো।

দুৰ্নীতি বিৰোধী যুৱশক্তি সভাপতিগৰাকীয়ে কয় যে আৰ টি আই আৱেদনৰ তথ্য প্ৰদান কৰাৰ বাবেই জিলা দৰব ভঁৰালৰ মেনেজাৰক বদলিকৰণৰ নিৰ্দেশ জাৰি কৰিছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমে।

তেওঁ লগতে কয়, “বদলিকৰণৰ উদ্দেশ্য এটাই– ভেজাল দৰব যোগানৰ কেলেংকাৰি গাপ দিয়া।”

আনহাতে, উক্ত সংবাদমেলতে সভাপতি গগৈয়ে কয় “ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত বিতৰণ কৰা ভেজাল দৰব খুওৱা বাবে ৰাজ্যখনত বহুতো ৰোগীৰে পাকস্থলী বেয়া হৈছে।”

তেওঁ লগতে কয় যে বৰপেটাত একেদিনাই ১২টাকৈ শিশু মৃত্যু মুখত পৰিব লগীয়া হৈছিল, কিন্তু তাৰ কোনোধৰণৰ তদন্ত ৰাজ্যৰ স্বাস্থ্য বিভাগে নকৰিলে।

সংবাদমেলত তেওঁ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ সঞ্চালক জে ভি এন সুব্ৰমনিয়মক পোনপটীয়া প্ৰশ্ন কৰি কয় “এসপ্তাহৰ ভিতৰত ১৫ গৰাকীকৈ জিলা দৰব ভঁৰাল মেনেজাৰক বদলি কৰা হ’ল কিয়? পূৰ্বতে এনেকুৱাধৰণৰ বদলি কৰা হোৱা নাছিল কিয়? এওঁলোকৰ কি দোষ আছিল?”

স্বাস্থ্য বিভাগৰ এনে প্ৰতিশোধমূলক বদলিকৰণৰ বিৰুদ্ধে অহা ২৮ আগষ্টৰ পৰা দুৰ্নীতি বিৰোধী যুৱশক্তি, অসমৰ উদ্যোগত জিলা স্বাস্থ্য যুটীয়া সঞ্চালকৰ কাৰ্য্যালয়সমূহত এলানি প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰাৰ কথা ঘোষণা কৰে সংগঠনটোৰ সভাপতি ধৰ্মকান্ত গগৈয়ে। উক্ত প্ৰতিবাদী কাৰ্য্যসূচীত তেওঁলোকে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ মিছন সঞ্চালক আৰু স্বাস্থ্য মন্ত্ৰীৰ জুমুঠি দাহ কৰিব বুলিও তেওঁ জনায়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm
ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm
জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

September 14, 2025 7:03 pm
৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

September 14, 2025 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm
ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd