চীন সীমান্তৰ গুৰুত্বপূৰ্ণ ৩২টা পথ নিৰ্মাণৰ কাম ক্ষিপ্ৰতাৰে সমাপ্ত কৰাৰ সিদ্ধান্ত লৈছে কেন্দ্ৰই

631915-bro new

চীনৰ সেনাৰ সৈতে ভাৰতীয় সেনাৰ সংঘাতৰ মাজতে কেন্দ্ৰীয় চৰকাৰে সীমান্ত আন্ত:গাঁথনি আৰু শক্তিশালী কৰি তোলাত গুৰুত্ব আৰোপ কৰিছে।

ভাৰত-চীন সীমান্তৰ বহুকেইটি গুৰুত্বপূৰ্ণ পথৰ নিৰ্মাণ কাৰ্য ইতিমধ্যে চলি আছে।

এতিয়া সীমান্তৰ কৌশলগতভাৱে চিহ্নিত ৩২টা পথৰ কামৰ নিৰ্মাণত ৭ইপ্ৰতা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে।

পথসমূহৰ কামৰ অগ্ৰগতি সম্পৰ্কে পৰ্যালোচনা কৰাৰ বাবে সোমবাৰে নতুন দিল্লীত এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়।

লাডাখ অঞ্চলত বহুকেইটা বাট-পথ বিভিন্ন কাৰণত উন্নত কৰি তোলাৰ সিদ্ধান্ত লৈছে চৰকাৰে। এইসন্দৰ্ভত চীনৰ চীনৰ আপত্তিক কোনো গুৰুত্ব দিব খোজা নাই ভাৰতে।

শেহতীয়াকৈ ভাৰতে চীনৰ আপত্তিক উলাই কৰি বহুকেইটা পদক্ষেপ গ্ৰহণ কৰিছে।

ভাৰত চৰকাৰে বাট-পথসমূহৰ কাম ক্ষিপ্ৰভাৱে সমাপ্ত কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে।

সোমবাৰৰ এই কামকাজৰ পৰ্যালোচনা বৈঠকত চেন্ট্ৰেল পাব্লিক ৱৰ্কছ, আইটিবিপি তথা বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যনকে ধৰি সংশ্লিষ্ট চৰকাৰী বিভাগসমূহৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।

উল্লেখ্য যে কৌশলগতভাৱে গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত সীমান্তৰ ৩২টা পথৰ কাম যোৱা বছৰেই শেষ হোৱাৰ কথা আছিল। সেই পথসমূহৰ কাম কি পৰ্যায়ত আছে সেই বিষয়ে বৈঠকত পৰ্যালোচনা কৰা হয়।

তদুপৰি, অৰুণাচল প্ৰদেশ, ছিকিম তথা উত্তৰা খণ্ডত যিবোৰ কাম চলি আছে তাৰো অগ্ৰগতি সম্পৰ্কে বৈঠকত পৰ্যালোচনা কৰা বুলি জানিব পৰা গৈছে।