ভেকচিন নোলোৱা লোকসকলৰ ক্ষেত্ৰত ১৫ জানুৱাৰীৰ পৰা কঠোৰ হ’ব চৰকাৰ, কেনেধৰণৰ কঠোৰ ব্যৱস্থা?

ভেকচিনৰ প্ৰথম পালি গ্ৰহণ কৰা অথচ দ্বিতীয় পালিৰ সময় নোহোৱা লোকসকলৰ ক্ষেত্ৰত স্থিতি স্পষ্ট নহয় চৰকাৰৰ

সমগ্ৰ দেশৰ লগতে অসমতো কোভিডৰ এতিয়া ভয়াৱহ ৰূপত সংক্ৰমণ ঘটিছে। এনে পৰিস্থিতিত কোভিডৰ পৰা ৰক্ষা পোৱাৰ একমাত্ৰ উপায় হিচাবে ভেকচিন গ্ৰহণকে মূল কথা হিচাবে গণ্য কৰা হৈছে।

ৰাজ্যৰ যিসকল লোকে এতিয়ালৈকে কোভিডৰ এটাও ভেকচিন লোৱা নাই বা যিসকলে সময় উকলি যোৱাৰ পিছতো কোভিডৰ দ্বিতীয়টো ভেকচিন ল’বলৈ হেলা কৰিছে তেনে লোকসকলৰ ক্ষেত্ৰত কাইলৈ অৰ্থাৎ ১৫ জানুৱাৰীৰ পৰা অধিক কঠোৰ হ’ব চৰকাৰ।

চৰকাৰী নিৰ্দেশনাত প্ৰকাশ পোৱামতে যিসকল লোকে এতিয়ালৈকে কোভিডৰ এটাও ভেকচিন লোৱা নাই বা যিসকলে সময় উকলি যোৱাৰ পিছতো কোভিডৰ দ্বিতীয়টো ভেকচিন গ্ৰহণ কৰা নাই তেনে লোকে বৈধ টিকাকৰণ প্ৰমাণপত্ৰ অবিহনে কাইলৈৰ পৰা কেৱল চিকিৎসালয়ক বাদ দি আন কোনো ৰাজহুৱা স্থানত উপস্থিত থাকিব নোৱাৰিব।

হোটেল, ৰেষ্টুৰেণ্ট, মল আদিত টিকাকৰণ নকৰা ব্যক্তিৰ প্ৰৱেশ নিষেধ আৰু এই ক্ষেত্ৰত কোনো বিসংগতি দেখিলে সংশ্লিষ্ট ব্যৱসায়িক প্ৰতিষ্ঠানৰ কৰ্তৃপক্ষক বৃহৎ মাত্ৰাত জৰিমনা বিহা হ’ব। যিসকল লোকে টিকাকৰণ কৰা নাই বা যিসকলে সময় হোৱা সত্বেও দ্বিতীয় পালি টিকা লোৱা নাই তেওঁলোকে চিকিৎসালয়ত ভৰ্তি হ’লে চৰকাৰে কোনো বিনামূলীয়া চিকিৎসা প্ৰদান নকৰে।

যিসকল চৰকাৰী কৰ্মচাৰীয়ে টিকাকৰণ কৰা নাই বা যিসকলে সময় হোৱা সত্বেও দ্বিতীয় পালি টিকা লোৱা নাই তেওঁলোকক কাৰ্যালয়ত উপস্থিত থাকিবলৈ দিয়া নহ’ব আৰু এনে অনুপস্থিতিৰ সময়ত তেওঁলোকৰ দৰ্মহা কৰ্তন কৰা হ’ব।

চৰকাৰে অৱশ্যে ভেকচিনৰ প্ৰথম পালি গ্ৰহণ কৰা অথচ দ্বিতীয় পালিৰ সময় নোহোৱা লোকসকলৰ ক্ষেত্ৰত কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেই বিষয়ত স্পষ্টকৈ একো কোৱা পৰিলক্ষিত হোৱা নাই।