NORTHEAST NOW (Assamese)

“চৰকাৰৰ সস্তীয়া ৰাজনীতিৰ বাবে এন আৰ চিত বাদ পৰিল বহু খিলঞ্জীয়া”

September 4, 2019 8:51 pm · কল্পজ্যোতি শইকীয়া
দীঘলীপুখুৰী পাৰত সংগঠনটোৰ জোঁৰ সমদলৰ ছবি।

অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পৰা বহু খিলঞ্জীয়াৰ নাম বাদ পৰাৰ প্ৰতিবাদত মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰত বুধবাৰে জোঁৰ সমদল বাহিৰ কৰে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে।

কাৰ্য্যসূচীটোত অংশ লৈ সংগঠনটোৰ সভাপতি ৰুবুল দাসে এন আৰ চিৰ প্ৰক্ৰিয়া চলি থকা সময়ত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে লোৱা স্থিতিক সমালোচনা কৰে।

“কেন্দ্ৰীয় আৰু ৰাজ্যিক বিজেপি চৰকাৰে শেহতীয়াকৈ এন আৰ চি কৰ্তৃপক্ষৰ লগত অসহযোগিতা কৰাৰ বাবে বা সস্তীয়া ৰাজনীতি কৰাৰ বাবেই খিলঞ্জীয়া মানুহৰ নাম বাদ পৰি গ’ল,” দাসে কয়।

এন আৰ চিৰ আপত্তি-দাবী আবেদনৰ সময়ত ৰাজ্য চৰকাৰ শুই আছিল বুলি মন্তব্য কৰি দাসে কয়, “খিলঞ্জীয়া জনসাধাৰণক উপযুক্ত নথি-পত্ৰ যোগান ধৰি ৰাজ্য চৰকাৰে এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ বাবে সহায় কৰাৰ বিপৰীতে অসহযোগিতা কৰা দেখা গ’ল।’

দাসৰ মতে, এন আৰ চিত অনুসূচিত জাতিৰ প্ৰায় ৫ লাখ লোকৰ নাম বাদ পৰিছে আৰু ই হৈছে চৰকাৰৰ উক্ত ভূমিকাৰ “ফল”।

সংগঠনটোৱে বিদেশীৰ নামমুক্ত আৰু খিলঞ্জীয়াৰ নামযুক্ত এখন এন আৰ চি দাবী কৰে।

Related News