গ্ৰেমী বঁটা ২০২২: জিলিকিল ভাৰতীয় মূলৰ শিল্পী ফাল্গুনী শ্বাহ, সংগীত পৰিচালক ৰিকি কেজ

প্ৰেমৰ গীত গাই বঁটা আজুৰিলে পাকিস্তানৰ শিল্পীয়ে

দেওবাৰে লাছ ভেগাছৰ এমজিএম গ্ৰেণ্ড গাৰ্ডেন এৰেনাত অনুষ্ঠিত ৬৪ তম বাৰ্ষিক গ্ৰেমী বঁটাত জিলিকি উঠিল ভাৰতীয় মূলৰ গায়িকা ফাল্গুনী শ্বাহ।

ফাল্গুনীয়ে শিশুসকলক উদ্দেশ্যি গোৱা ‘এ কালাৰফুল ৱৰ্ল্ড ‘ এলবামৰ বাবে এইবেলি ‘চিল্ড্ৰেনছ মিউজিক শাখা’ত শ্ৰেষ্ঠ শিল্পীৰ বঁটা লাভ কৰে গ্ৰেমী বঁটা লাভ কৰাৰ পিছত ফাল্গুনীয়ে ইনষ্টাগ্ৰামত লিখিছে’মই আজিৰ দিনটো কেতিয়াও পাহৰিব নোৱাৰিম। সকলো কথাই মোৰ বাবে যাদুৰ দৰে হৈ পৰিছে’।

ফাল্গুনীয়ে তেওঁৰ প্ৰথম এলবাম ২০০৭ চনত মুক্তি দিছিল। ফাল্গুনীয়ে প্ৰখ্যাত সংগীত পৰিচালক এ আৰ ৰহমানৰ সৈতেও বহু সৃষ্টি কৰিছে।

ভাৰতীয় মূলৰ ফাল্গুনীৰ উপৰি আন এগৰাকী ভাৰতীয় সংগীত পৰিচালক ৰিকি কেজেও এইবেলি গ্ৰেমী জিকিবলৈ সক্ষম হয়। ৰিকিয়ে ‘ডিভাইন টাইডছ’ এলবামৰ বাবে গ্ৰেমী বঁটা লাভ কৰে।

এইবেলি প্ৰথমবাৰৰ বাবে এগৰাকী পাকিস্তানী গায়িকাই গ্ৰেমী লাভ কৰিছে।

আৰোজ আফতাব নামৰ পাকিস্তানৰ গায়িকাগৰাকীয়ে তেওঁৰ ‘মহব্বত’ শীৰ্ষক গীতটিৰ বাবে সংগীত জগতৰ সন্মানীয় গ্ৰেমী বঁটা লাভ কৰিছে ।

আৰোজ আফতাব বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাসিন্দা।

 

২০০৫ চনতে তেওঁ পাকিস্তানৰ পৰা আমেৰিকালৈ গৈছিল আৰু বাৰ্কলে কলেজ অৱ মিউজিকত সংগীতৰ শিক্ষা গ্ৰহণ কৰিছিল। ২০১৪ চনত তেওঁৰ প্ৰথম সংগীতৰ এলবাম ‘বাৰ্ড আণ্ডাৰ ৱাটাৰ’ মুক্তি পাইছিল।

গ্ৰেমী বঁটা  ৩১ জানুৱাৰীত লছ এঞ্জেলছত প্ৰদান কৰাৰ কথা আছিল যদিও সেই অনুষ্ঠান ৩ এপ্ৰিললৈ পিছুৱাই দিয়া হৈছিল।

সেইমৰ্মে  লাছ ভেগাছত গ্ৰেমী বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত ভাৰতীয় সংগীতজ্ঞ এ আৰ ৰহমানেও অংশগ্ৰহণ কৰে।