বিখ্যাত পদাৰ্থ বিজ্ঞানী Albert Einstein এ”পৰীৰ সাধু আৰু শিশুৰ বুদ্ধিমত্তা” সম্পৰ্কে কৈছিল :–“If you want your children to be intelligent, read them fairy tales, If you want them to be more intelligent, read them more fairy tales “….
শিক্ষাৰ আদিপাঠ হিচাবে সাধু কোৱা আৰু শুনা, শিশুৰ বাবে বৰ উপকাৰী…. আমাৰ সাতাম পুৰুষীয়া সভ্যতাৰ বাহক এই সাধুকথাবোৰেৰে সদায় জীপাল আমাৰ শৈশৱ। জনা- নজনা , বুজা – নুবুজাৰ সন্ধিক্ষণত মাতৃ আৰু ককা -আইতাৰ মৰমৰ আবেশত সংপৃক্ত হৈ ব্যক্ত হোৱা সাধুকথাই শিশুৰ মনত এখনি কল্পজগতৰ সৃষ্টি কৰে । এক মায়াময় জগতৰ সৈতে একান্তভাবে অনুভৱ কৰায় এই সাধুকথা সমূহে। শিশুৰ কোমল মনত শৈশৱতে শুনা এই সাধু সমূহে এনে এক সাঁচ বহুৱাই যি পৰিপক্ক বয়সতো চকুৰ আগত ভাস্বত হৈ ফুৰে।
সাধুকথা আমাৰ লোকসাহিত্যৰ এক বিশিষ্ট অঙ্গ। মানৱ সভ্যতাৰ জন্মৰ সমান্তৰালকৈ লোকসাহিত্যৰো জন্ম হয়। মানৱ সভ্যতাৰ ইতিহাস যিমান পুৰণি ,লোকসাহিত্যৰ ইতিহাসো সিমানেই প্ৰাচীন।
অন্যান্য সাহিত্যৰ দৰে অন্তৰ্ভুক্ত লোকসাহিত্যও নিজস্ব বৈশিষ্টৰে সমৃদ্ধ। উদাহৰণস্বৰূপে ইয়াৰ মৌখিকতা, ই লোকবিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত,ইয়াত লোক জীৱনৰ মনঃস্বত্ব বিশেষৰূপত প্ৰকাশিত হয়, প্ৰকাশৰীতিৰ সৰলতা আৰু গ্ৰাম্য কথনৰীতি পৰিপূৰ্ণ লোকসাহিত্যৰ উপলব্ধি আৰু আবেদন। সাধাৰণতে বিশ্বজনীন লোক সাহিত্যৰ এই বৈশিষ্ট্য বোৰ সাধুকথাৰ মাজতো স্পষ্ট হৈ আছে বাবেই সাধুকথাও লোক সাহিত্যৰ এক বিশিষ্ট অঙ্গ।
সাধুকথাৰ আভিধানিক অৰ্থ হ’ল সন্ত কথা , উপাখ্যান। সন্তসকলে কয় — কোনো জ্ঞান বা উপদেশ দিবৰ কাৰণে মনে সজা কথা বা উপকথা, সচাঁ বা মিছা পুৰণি উপাখ্যান ইত্যাদি। অসমীয়া সাধুকথা শব্দটোৱে ইংৰাজী ভাষাৰ Tales, Lexends , Fables, Myth আদিকো সামৰি লয়। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ভাষাত সাধুকথা মানে ” সজ কথা সন্ত সাধুৰ উপদেশ বাক্য”। ডঃ মহেশ্বৰ নেওগৰ ভাষাৰে আকৌ “লোককথা বা সাধুকথাৰ কোনো নিদিষ্ট ৰূপ নাথাকে যদিহে গীতৰ ছন্দত বদ্ধ নহয়। ভাল একোটা কাহিনীৰে একোটা সজ নীতি শিক্ষা কথাক অসমীয়াত সাধুকথা বোলে”।
সন্ধিয়া সময়ত জোনাকী চোতালত অসহনীয় গৰমৰ পৰা ৰক্ষা পাবলৈ ঢাৰি- পাটিত বহি ককা – আইতাৰ মুখত শুনা কল্পজগতৰ কাহিনীবোৰকেই সাধু বা সাধুকথা শব্দটোৱে সামৰি লয়। লোকমনে লোকসমাজৰ মনোৰঞ্জন আৰু নীতিশিক্ষাৰ বাবে স্বতঃস্ফুৰ্তভাবে প্ৰকাশ কৰা কল্প বা বাস্তৱ জগতৰ মনেসজা অলৌকিক কাহিনীয়েই সাধুকথা।
সাধুকথাৰ উৎপত্তিস্থল আদিম সমাজ । হাবি-জঙ্গলত মানুহে চিকাৰ কৰি ঘূৰি ফুৰোঁতে ঘটা বিভিন্ন ঘটনা , বিপদ- বিঘিনী অতিক্ৰম কৰাৰ অভিজ্ঞতা আৰু কেতিয়াবা আমোদ-প্ৰমোদৰ কাহিনীক নানা অঙ্গীভঙ্গীৰে এটা দলৰ আগত দেখুৱাই দিয়াৰ সময়ৰ পৰাই সাধুকথাৰ জন্ম বুলি ভাবি ল’ব পাৰি।
অসমীয়া সাধুকথাৰ উৎপত্তি সাধাৰণতে সাউদৰ পৰা হোৱা বুলি কোৱা হয়।অৰ্থাৎ সাধুকথা সাউদৰ মুখৰ পৰা শুনা কথা। প্ৰাচীন কালত এখন দেশৰ পৰা আন এখন দেশলৈ গৈ ব্যৱসায় বাণিজ্য কৰা সাউদ সকলে বিভিন্ন অভিজ্ঞতা, ঠাইৰ বৰ্ণনা আদি কথা সমূহ খুব ৰসাল ভাবে কাহিনীৰ নিচিনাকৈ বৰ্ণনা কৰিছিল। অসমত পুৰণি কালত সাউদক সাধু বুলিহে কোৱা হৈছিল।১৫শ শতিকাৰ ‘মনসা কাব্য’ লৈ লক্ষ্য কৰিলে দেখা যায় যে তাত বণিক সাউদ ‘ছান্দো’ ক সাধু বুলিহে আক্ষায়িত কৰিছে।
মানুহৰ অস্তিত্বক আকাৰ দিয়াৰ এক মাধ্যম হৈছে সাধুকথা। সাধু কোৱাৰ প্ৰক্ৰিয়াই আমাক মানৱীয়তাৰ সৈতে যুক্ত কৰে।ই আমাক অতীতৰ সৈতে সংযোগ কৰি ভৱিষ্যতত তাৰ প্ৰতিফলন ঘটায়। মানুহে সাধুকথা সমূহক আমাৰ অস্তিত্বক গঢ় দিয়াৰ মাধ্যম হিচাপেই বিচাৰ কৰি আহিছে। মানুহৰ ওচৰত এক অদ্বিতীয় দৃষ্টিকোণ আছে যি আমাৰ কাহিনী সমূহক ৰীলৰ দৰে গাঁথিবলৈ শিকায় ।কাহিনীকাৰে এই কথা তেতিয়াই বুজি পাইছিল যে এটি কাহিনীৰ আৰম্ভনি ,মধ্য আৰু অন্ত অনুসৰিহে মানুহে শুনিবলৈ ভাল পায়।
সাধুকথা নিভাঁজ মনৰ মুকলি প্ৰকাশ।
মুঠৰ ওপৰত সাধুকথা সমূহে আমাৰ শৈশৱটোক সুন্দৰ আৰু আলোকিত কৰি তোলে আৰু এই সাধু শুনাৰ প্ৰবণতাই শিশু সকলক সাধু পঢ়াৰ প্ৰতিও আসক্ত কৰে। কিতাপ পঢ়াৰ প্ৰৱণতা ইয়াৰ পৰাই এটি শিশুৰ মাজত গঢ় লৈ উঠে। কল্পনা প্ৰৱণ শিশুৰ বাবে ৰজা-ৰাণী, ৰাজকুমাৰ- ৰাজকুমাৰী , পৰী, বাঘ,শিয়াল, বান্দৰ ,চিলনী ,যখিনী, ভুতুনী আদিৰ সাধু সমূহ একো একোখন ছবিৰ দৰে ভাঁহি উঠে। এক মায়াময় জগতৰ সৈতে শিশুটিক একান্তভাৱে অনুভৱ কৰািই মাক অথবা ঘৰৰ জেষ্ঠজনৰ মুখেৰে নিৰ্গত এই সাধুকথাবোৰে।
শিশুৰ কোমল মনটোত সেই কম বয়সতে শুনা সাধুবোৰে এনে এক সাঁচ বহায় যি পৰিপক্ক বয়সতো চকুৰ আগত ভাস্বত হৈ ফুৰে। শিশুৰ জিজ্ঞাসু মনটোৱে সদায় কল্পনাৰ জগতত উৰিব বিচাৰে । বিচাৰে এখন বিশাল নীলা আকাশ । আকলুৱা মনটোত সপোনে বাহ সাজে আৰু সপোনৰ বোকোচাত উঠি সিহঁত উৰি যায় কল্পনাৰ সোনোৱালী দিগন্ত বিচাৰি। শিশুৰ সৰল মনটোক সাধুকথা সমূহে সহজতে আকৰ্ষিত কৰে, এক শিহৰণৰ সৃষ্টি কৰে।ইয়াৰ অন্যতম লক্ষ্যই হৈছে শিশুসকলক এখন কাল্পনিক পৃথিৱীৰ সৈতে পৰিচয় কৰোৱা। বাস্তৱ- অবাস্তৱ আদি শব্দবোৰ শিশু মনে বিচাৰি নাপায়।শিশুৰ মনৰ সৰলতা , কৌতুহল আৰু জিজ্ঞাসা স্বাভাৱিকভাবে নিজৰ মনত ধাৰণ কৰি শিশুৰ ভাষাত তাক ৰচনা কৰিব পৰাটোতেই সাধুকথাৰ সাৰ্থকতা।
মনোবিজ্ঞানীসকলৰ দৃষ্টিৰেও সাধুকথা সমূহে শিশুৰ মনস্তাত্বিক বিশ্লেষণত অৰিহনা যোগায়। ই শিশুৰ চিন্তাৰ পৰিসৰতা বৃদ্ধি কৰাৰ লগতে ইয়াৰ ঘটনা ,সংঘাত আদিৰ সহায়ত শিশুৱে নিজা অভ্যন্তৰীণ সংঘাত সমূহ বুজিবলৈ চেষ্টা কৰে আৰু ইয়াক দূৰ কৰিবৰ বাবে বুদ্ধি কৌশল আদিৰ প্ৰয়োগ কৰিবলৈ সক্ষম হয়। আন্না ফ্ৰয়ডে উল্লেখ কৰিছিল যে “কণ কণ শিশুসকলৰ অহমিকাৰ ভাব বাহ্যিক পৃথিৱীখনক বিৰোধ বা প্ৰত্যাহ্বান জনাব পৰাকৈ শক্তিশালী নহয়, সেয়ে সিহঁতে অলৌকিক কল্পনাৰ সহায়ত বাহ্যিক পৃথিৱীৰ লগত মোকাবিলা কৰিবলৈ সক্ষম হয় আৰু এই ক্ষেত্ৰত অৰিহনা যোগায় এই সাধুকথা -ৰূপকথা বোৰে। সাধুসমূহৰ সফল আৰু সুখকৰ পৰিসমাপ্তিয়ে শিশুক সমস্যাৰ সৈতে যুঁজাৰ কৌশল প্ৰদান কৰে।
সাধুকথাৰ কাল্পনিক চৰিত্ৰ সমূহে শিশুমনৰ বিকাশ ঘটোৱাৰ লগতে চিন্তাৰ পৰিসৰো বঢ়ায়। এই সাধু সমূহত একো একোটা নৈতিক শিক্ষা সোমাই থাকে আৰু এই শিক্ষা মানুহৰ জীৱনৰ পাথেয়। পৰোক্ষভাবে ইয়াত নৈতিক জীৱনৰ আদৰ্শ আৰু শিক্ষাদান জড়িত হৈ থাকে।
কোনো অখ্যাত চহা সাহিত্যিকৰ কল্পনা প্ৰৱণ মনৰ সাৰ্থক প্ৰতিচ্ছবি এই সাধুকথা বোৰ জনজীৱনৰ প্ৰতিচ্ছবি, নিভাঁজ মনৰ মুকলি প্ৰকাশ। লোকমনৰ প্ৰতিচ্ছবি। মানুহৰ বিশ্বাস আৰু অনুভূতিৰ মধুৰ সমন্বয় সাধুকথাত পৰিস্ফুত হয়।
মানৱ জীৱনৰ আটাইতকৈ মধুৰ সময়খিনিয়েই হৈছে শিশুকাল। জীৱনৰ প্ৰিয় সময়।এই সময়ছোৱাই হৈছে কৈশোৰৰ দুৱাৰডলি। সাম্প্ৰতিক যান্ত্ৰিক যুগৰ হেচাঁত শিশুকালৰ ৰসাল জীৱন ম্লান পৰিবলৈ আৰম্ভ কৰিছে। সময় আৰু চৌপাশৰ পৰিবেশে বৰ্তমানৰ শিশুসকলৰ ৰুচি- অভিৰুচি , অৱসৰ -বিনোদন আদি সকলো দিশতে পৰিবৰ্তন আনিছে । আমি ভালকৈ লক্ষ্য কৰিলে দেখিম যে বিংশ শতিকাৰ আশী-নব্বৈ দশকৰ এটি শিশুৰ আৰু বৰ্তমান এটি শিশুৰ শিশুকালৰ মাজত বৃহৎ তফাৎ। ইয়াৰ মূল কাৰণো সকলোৰে জ্ঞাত।
জোনাকে দলিছা পৰা চোতালত বহি আকাশৰ জিলিকা তৰা চাই আইতাৰ মুখেৰে সাধু শুনাৰ কথাবোৰ লাহে লাহে অতীত হৈছে। জোনাকী চোতালত আজি আৰু ৰৈ নাথাকে হেঁপাহেৰে কোনো আইতাৰ হাঁচতিত বান্ধি ৰখা সাধুকথাৰ পৰীজনীৰ লগত আকাশলৈ উৰিবলৈ, জোনাকী পৰুৱা পিছে পিছে ঘূৰি নেজাল তৰা বিচাৰিবলৈ কাৰো আহৰি নাই,নিচুকণি গীতৰ শিয়ালীৰ ভয়ত কোনেও ফুটগধূলিতেই ঘুমতি নাযায়।সময়ৰ লগে লগে সকলো সলনি হ’ল। আগৰ সাধুকথা কোৱা আইতা গৰাকীও এতিয়া পাবলৈ নাই ,নাইবা নাতিৰো আহৰি নাই সাধু শুনিবলৈ। ঢাৰি পাতি বহিবলৈ চোতালখনো চোন ঠেক হৈ আহিল। নাৰিকল গছৰ পাতৰ ফাঁকেৰে জোনবাই চাবলৈ নাৰিকল গছো কমি আহিল।
প্ৰতিযোগিতামূলক আচৰণ ,যান্ত্ৰিক আচৰণ,প্ৰযুক্তি বিদ্যাৰ মাত্ৰাধিক পয়োভৰে শিশুৰ চিন্তাধাৰাক এটা আবেষ্টনিৰ মাজত বান্ধি পেলাইছে,বৈদ্যুতিক মাধ্যমে শিশুসকলক যিমানে আধুনিক হবলৈ শিকাইছে সিমানেই অন্তৰ্মূখী কৰিছে। শিশুৰ মনৰ সহজ সৰল চিন্তাধাৰাই জটিল ৰূপ লবলৈ লৈছে । বহিঃ জগতৰ সৈত্যে নিজক বিচ্ছেদ কৰি এটি শিশুৱে বন্ধ কোঠাৰ ভিতৰত যন্ত্ৰৰ সৈতে সময় অতিবাহিত কৰি ভাল পোৱা হ’ল। যুগৰ পৰিবৰ্তনেই পিছে ইয়াৰ এটা মূল কাৰক।
ব্যস্তসময় আৰু যান্ত্ৰিকতাৰ কৰাল গ্ৰাসত ক্ৰমাগতভাবে হ্ৰাসমান হৈ পৰা এই সাধুকোৱা বা শুনা কলাবিধৰ পুনৰোদ্ধাৰৰ লগতে মূলৰ পৰিবৰ্ত্তন নোহোৱাকৈয়ে কিছু আধুনিকতাৰ পৰশ দি ,কিছু অন্য পন্থাৰে বৰ্তমানৰ শিশুসকলৰ মনোগ্ৰাহী হোৱাকৈ, তেওঁলোকক আকৃষ্ট কৰিব পৰাকৈ পৰিবেশন কৰিব পাৰিলে নিশ্চয় সফল হ’ব পাৰিম।কিয়নো টেলিভিচনৰ অতিবাস্তৱ চৰিত্ৰৰ সমাহাৰ কাৰ্টুন সমূহতকৈ এটি শিশুৱে সপোনৰ পাখিলগা ঘোঁৰাত উঠি কল্পলোকত বিচৰণ কৰিবলৈ নিশ্চয়কৈ বেছি ভাল পাব এই সাধুকথাসমূহৰ যোগেদি।
এই পৌৰাণিক কাহিনী সমূহে শিশুৰ সৰল মনটোক অধিক প্ৰভাব পেলাৱাৰ লগতে পূৰ্বৰ দৰেই আকৰ্ষণ কৰিব। কিয়নো সময়ৰ দ্ৰুত পৰিবৰ্তনৰ ধাম- খুমীয়াত আমি সকলো পাহৰি গ’লেও শৈশৱৰ সেই সাধুকথা- ৰূপকথাবোৰ পাহৰি যাব নোৱাৰো।