দেহ ব্যৱসায়ৰ বাবে হেঁচা : কিশোৰীগৰাকীৰ আইতাককো আটক

Jamaluddin_Torture_daughter

নিজৰ জীয়েকক দেহ ব্যৱসায়ত লিপ্ত কৰাব নোৱাৰি নিৰ্মমভাৱে প্ৰহাৰ কৰা জামালুদ্দিন নামৰ ব্যক্তিজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত পৰিয়ালটোৰ আন এগৰাকী সদস্য, ছোৱালীগৰাকীৰ আইতাককো আটক কৰিছে চামগুৰি আৰক্ষীয়ে। আইতাকেও জামালুদ্দিনক সহযোগ কৰা তথা কিশোৰীগৰাকীক দেহ ব্যৱসায়ত জড়িত কৰোৱাৰ চেষ্টা কৰিছিল বুলি অভিযোগ।

জানিব পৰামতে, বগৰাই বগৰাই নিৰ্মমভাৱে নিজৰ কন্যাক প্ৰহাৰ কৰা জামালুদ্দিনে ফেৰীৱালা হিচাপে জীৱিকা উলিয়ায় যদিও তেওঁৰ দেহ ব্যৱসায়ীৰ সৈতে দীৰ্ঘদিনৰ পৰা সম্পৰ্ক আছিল।

আনহাতে অভিযোগমতে, আৰক্ষীয়ে আটক কৰা আইতাক ৰেজিয়া খাতুনৰো সহযোগ আছে জামালুদ্দিনৰ এই নিষিদ্ধ কাৰবাৰত। এই তথ্যৰ ভিত্তিতে আৰক্ষীয়ে ৰেজিয়া খাতুনক আটক কৰি নিজৰ জিম্মাত ৰাখিছে।

স্থানীয় ৰাইজে জনোৱা মতে, জামালুদ্দিনে নিজৰ পত্নী আৰু কন্যাক দেহ ব্যৱসায়ত জড়িত কৰাবলৈ বহু দিনৰ পৰা জোৰ কৰি আহিছিল। কিন্তু সন্মত নোহোৱা বাবেই যোৱা বৃহস্পতিবাৰে নিজৰ কন্যাক চোতালত পেলাই লৈ নিৰ্মমভাৱে প্ৰহাৰ কৰে।

১ আগষ্টৰ ঘটনাটো পোৰহলৈ অহাৰ পিছতে চামগুৰিৰ মোৱামাৰীত উপস্থিত হৈ আৰক্ষীয়ে জামালুদ্দিনক গ্ৰেপ্তাৰ কৰিছিল। স্থানীয় লোকে জনোৱামতে, জামালুদ্দিনৰ দেউতাকো এজন কুখ্যাত ডকাইত আছিল আৰু প্ৰায় ১৫ বছৰ পূৰ্বে গণপ্ৰহাৰত মৃত্যু হৈছিল।