মহান নিদৰ্শনঃ কৰ্কট ৰোগত মৃত্যু হোৱা কবিতা ভূঞা খাউণ্ডৰ মৰণোত্তৰ দেহদান

Posthumous body donation Elora Vigyan Mancha

হাওঁফাওঁৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ প্ৰায় ৪৫ বছৰ বয়সত বৃ্হস্পতিবাৰে মৃত্যু হয় ঢেকিয়াজুলিৰ সমীপৰ বালিশিহা অঞ্চলৰ নিবাসী কবিতা ভূঞা খাউণ্ডৰ। ইয়াৰ পিছতে মৃত খাউণ্ডৰ পৰিয়ালে দাঙি ধৰে এক মহান নিদৰ্শন।

কালি সন্ধিয়া তেজপুৰ চিকিৎসা মহাবিদ্যালয় আৰু হস্পিতালৰ এনাটমী বিভাগত ইলোৰা বিজ্ঞান মঞ্চৰ বৃহত্তৰ ঢেকিয়াজুলি শাখাৰ সহযোগত কবিতা ভূঞা খাউণ্ডৰ মৰণোত্তৰ দেহদান সম্পন্ন হৈ যায়।

মৃত কবিতা ভূঞা খাউণ্ডে ইলোৰা বিজ্ঞান মঞ্চৰ জৰিয়তে শেষ ইচ্ছা-পত্ৰত স্বাক্ষৰ কৰা নাছিল যদিও মৰণোত্তৰ দেহদান কৰাটো জীৱিত কালত তেখেতৰ শেষ ইচ্ছা আছিল। তেখেতৰ পুত্ৰ নৱাৰুণ খাউণ্ড তথা ভাতৃ নৱজিৎ ভূঞাৰ লগতে পৰিয়ালবৰ্গও তেখেতৰ দেহদানৰ ক্ষেত্ৰত যথেষ্ট তৎপৰ হয়।

এইখিনিতে উল্লেখযোগ্য যে মৃতকৰ ভাতৃ নৱজিৎ ভূঞা ইলোৰা বিজ্ঞান মঞ্চৰ আজীৱন সদস্য হোৱাৰ লগতে মঞ্চৰ জামুগুৰিহাট শাখাৰ সৈতে জড়িত।

তেখেতৰ মৃতদেহ দান কাৰ্যসূচী সম্পন্ন হোৱাৰ সময়ত তেজপুৰ চিকিৎসা মহাবিদ্যালয় আৰু হস্পিতালৰ এনাটমী বিভাগৰ মুৰব্বী অধ্যাপিকা ডাঃ এনী দলেৰ লগতে ইলোৰা বিজ্ঞান মঞ্চৰ বৃহত্তৰ ঢেকিয়াজুলি শাখাৰ নৱনিৰ্বাচিত সভাপতি অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী মীৰা জয়ছোৱাল চুণ্ডী, সম্পাদক প্ৰজিত নাথ, সহকাৰী সম্পাদক কাবেৰী ডেকা নাথ আৰু শাখাৰ নৱনিৰ্বাচিত কোষাধ্যক্ষ গড়মাৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান-শিক্ষক সুবোধ তালুকদাৰ আৰু মৃতকৰ পুত্ৰ নৱাৰুণ খাউণ্ড, ভাতৃ নৱজিৎ ভূঞাৰ উপৰিও মৃতকৰ পৰিয়ালটিৰ তথা অঞ্চলটোৰ বহুকেইজন লোক উপস্থিত থাকি শ্ৰদ্ধা নিবেদন কৰে।

ইলোৰা বিজ্ঞান মঞ্চৰ বৃহত্তৰ ঢেকিয়াজুলি শাখাৰ বিষয়-ববীয়াসকল উক্ত মৰণোত্তৰ দেহদানৰ কাৰ্যসূচীত উপস্থিত থাকি প্ৰয়াত কবিতা ভূঞা খাউণ্ডক শ্ৰদ্ধা জনোৱাৰ লগতে তেখেতৰ সমূহ পৰিয়ালবৰ্গৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰে আৰু প্ৰয়াত কবিতা ভূঞা খাউণ্ডৰ লগতে তেখেতৰ পৰিয়ালবৰ্গৰ এই বিজ্ঞানমনস্ক তথা প্ৰগতিশীল মনোভাৱক সন্মান জনায়।

তেখেতৰ এই মহৎ দেহদান কাৰ্যৰ ফলস্বৰূপে তেখেত চিৰস্মৰণীয় হৈ ৰ’ব। পৃথিৱীয়ে তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিব।