Sharbat Gula তালিবানৰ সন্ত্ৰাস! দেশ এৰিলে বিশ্বৰ পৰিচিত সেউজীয়া চকুৰ সেই আফগান নাৰীয়ে

sharbat-Gula

Sharbat Gula সমগ্ৰ বিশ্বৰে পৰিচিত এই মুখ। ৱাৰ ফটোগ্ৰাফাৰ ষ্টিভ মেককেৰীয়ে তোলা সেউজীয়া চকুৰ আফগান কিশোৰীৰ সেই ফটোখন চৰ্চিত হৈ পৰিছিল। বিশ্বত আফগান নাৰীৰ প্ৰতীক হিচাপে তুলি ধৰা হৈছিল সেই মুখ। নাম তেওঁৰ ছৰবত গুলা।

সেই ছৰবত গুলাই এইবাৰ তালিবানী শাসনত বিধ্বস্ত হৈ পৰা আফগানিস্তান এৰি গুচি গ’ল ইটালীলৈ। তাতেই বসবাস কৰিবলৈ সাজু ছৰবতক সহায় কৰিবলৈ আগবাঢ়ি আহিছে ইটালীৰ প্ৰশাসন।

১৯৮৪ চনত নেশ্যনেল ডিঅ’গ্ৰাফিক আলোচনীৰ প্ৰচ্ছদত প্ৰকাশ পাইছিল আফগান কিশোৰী ছৰবতৰ অবুজ চিন্তাৰে ভৰা সবুজ মুখৰ ছবি। তাৰ পাছতেই বিশ্বত ব্যাপক পৰিচিতি লাভ কৰে ছৰবতে।

Also Read: ১৫ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহণ সেৱা, ১৪ ৰাষ্ট্ৰলৈ চলাচল কৰিব বিমান

ফটোগ্ৰাফাৰ মেককেৰীয়ে ২০০২ চনত ছৰবতক পুনৰ বিচাৰি উলিয়ায়। ২০১৪চনত দেশ এৰি পাকিস্তানলৈ গৈছিল ছৰবত। কিন্তু তাতো সমস্যাৰ সন্মুখীন হয় আৰু ভুৱা পৰিচয়পত্ৰ ৰখাৰ অভিযোগ উঠাৰ পাছত পাকিস্তান ত্যাগ কৰি পুনৰ নিজ দেশলৈ প্ৰত্যাৱৰ্তন কৰে।

দেশলৈ ঘুৰি অহাৰ পাছত আফগানিস্তানৰ তদানীত্বন ৰাষ্ট্ৰপতিয়ে তেওঁৰ বাসভৱনত এক অনুষ্ঠানত ছৰবতক আদৰণি জনাইছিল আৰু থাকিবলৈ তেওঁক নতুন এটা ফ্লেট উপহাৰ দিছিল।

যোৱা আগষ্টত তালিবানে আফগানিস্তান দখল কৰাৰ পাছৰে পৰা দেশখনৰ অৰ্থনীতি প্ৰায় বিধ্বস্ত হোৱাৰ পথত আগবাঢ়িছে। লগতে বাঢ়িছে তালিবানী সন্ত্ৰাস। দেশখনত নাৰীসকল অসুৰক্ষিত হৈ পৰিছে আৰু দেশ ত্যাগ কৰাৰ বাবে উন্মুখ হৈ পৰিছে।

Also Read:২১ সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনৰ বাবে ৬ ডিচেম্বৰত ভাৰত ভ্ৰমণ কৰিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে

আফগান নাগৰিকসকলক আশ্ৰয় দিয়াৰ ক্ষেত্ৰত আমেৰিকাৰ লগতে পাশ্চাত্যৰ দেশসমূহৰ ভিতৰত ইটালীও আছে। দেশখনে ছৰবতক ৰোমলৈ অহাৰ সকলো বন্দবস্ত কৰি দিছে।

যুদ্ধ বিধ্বস্ত আফগানিস্তানৰ ইতিহাসৰ অসহায় পৰিস্থিতিৰ মূৰ্ত প্ৰতীক ৰূপত ধৰা দিয়া এই সেউজীয়া চকুৰ নাৰীগৰাকীক বিভিন্ন স্বেচ্ছাসেৱী সংস্থাৰ জৰিয়তে লাভ কৰা আবেদনৰ ভিত্তিত দেশখনলৈ আদৰণি জনাইছে ইটালীয়ে।