নেচাই দালে গালে ঘাটি: বিবাহস্থলীত গুলী চলাই নিহত পিষ্টলধাৰী; আহত দৰাসহ তিনিজন

Groom Rajasthan

অসমীয়াত এষাৰ কথা আছে- নেচাই দালে, গালে ঘাটি। এই আপ্তবাক্য শাৰীৰেই প্ৰতিফলন ঘটিছে ৰাজস্থানৰ এখন বিবাহত। বিবাহৰ আনন্দ উদযাপনৰ নামত কৰা গুলীবৰ্ষণে বিবাহৰ সকলো আনন্দ মুহূৰ্ততে মষিমূৰ কৰিলে এই বিবাহখনত।

ৰাজস্থানৰ চিকাৰ জিলাত অনুষ্ঠিত এই বিবাহখনত এজন ব্যক্তিয়ে গুলী ফুটাই আনন্দ কৰাৰ সময়তে সেই গুলীয়ে আঘাত কৰিছে দৰাসহ তিনিজন ব্যক্তিক। আনহাতে নিজেই চলোৱা গুলীয়েই প্ৰাণ ল’লে পিষ্টলধাৰীজনৰো।

জানিব পৰা মতে , ঘটনাটোৰ সময়ত মানুহজনে এটা দেশীয় বন্দুক ব্যৱহাৰ কৰিছিল।

আৰক্ষীয়ে জনাইছে যে আহত তিনিজনৰে শ্যাম সিঙ নামৰ ব্যক্তিজনৰ অৱস্থা বৰ্তমান সংকটজনক আৰু তেওঁক জয়পুৰৰ চৱাই মান সিং চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

আনহাতে গুলীচালক সুৰেশ চেগাদৰ চিকিৎসালয়তে চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছে। তেওঁৰ গুলীয়ে তিনিজনক আঘাত কৰাৰ পিছতে দুৰ্ঘটনাক্ৰমে গুলীয়ে নিজৰ দেহতো আঘাত কৰিছিল।

আৰক্ষীয়ে ইতিমধ্যে গোটেই ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।

আনহাতে ঘটনা সন্দৰ্ভত ইতিমধ্যে দৰাসহ পাঁচজন লোকক জিম্মাত লৈছে আৰক্ষীয়ে।