মণ্ডপত অপেক্ষা কৰি থাকিল কইনাই; সাজি-কাচি দৰা পালেগৈ ভোটিং কেন্দ্ৰ

মূৰত বিয়াৰ পাগুৰি, শ্বেৰৱানী, ডিঙিত মালা। ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হ’ল এজন যুৱক। কেৱল সেয়াই নহয়, দৰাৰ সৈতে ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত থাকিল বেণ্ড পাৰ্টিও। বুথত দৰাই দিলে ভোট। তাৰ পাছত পোনে পোনে দৌৰি গ’ল বিয়া পাতিবলৈ!

আৰম্ভ হৈছে লোকসভা নিৰ্বাচন। শুকুৰবাৰে দেশৰ ১০২টা সমষ্টিত প্ৰথম ৰাউণ্ডৰ নিৰ্বাচন অনুষ্ঠিত হয়। সেই তালিকাত জম্মু-কাশ্মীৰৰ পৰাও এখন আসন আছিল। সুশীল কুমাৰ নামৰ এজন যুৱকে বিয়ালৈ যোৱাৰ আগতে ভৰদেৱা অঞ্চলৰ এটা বুথত ভোট দিবলৈ আহিছিল। সেই অঞ্চলৰ সিটো মূৰত তেওঁৰ বিবাহ অনুষ্ঠান অনুষ্ঠিত হৈছিল। তাত কইনাই বিয়াৰ সাজ পিন্ধি দৰালৈ অপেক্ষা কৰি আছিল। কিন্তু দৰা সময়মতে বিয়াঘৰত উপস্থিত নোহোৱাত কইনাৰ চিন্তাত পৰিল।

পিছলৈ অৱশ্যে সোধা-পোছাত গম পোৱা গ’ল যে সুশীল বিয়া হ’বলৈ অহাৰ আগতে ভোট দিবলৈ গৈছিল। সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত তেওঁ কয় যে বিয়াৰ আগতে তেওঁ ভোটাধিকাৰ সাব্যস্ত কৰাটো সঠিক কাম বুলি ভাবিছিল। তেওঁৰ ভাষাত “বিবাহ আৰম্ভ হোৱাৰ আগতে কিছু সময় আছিল।গতিকে মই প্ৰথমে ভোট দিয়াৰ সিদ্ধান্ত লৈছিলো।

এনে উদাহৰণ সুশীলৰ ক্ষেত্ৰত অকলশৰীয়া নহয়, শুকুৰবাৰে জম্মু-কাশ্মীৰৰ আন কেইবাজনো লোকেও এনে ঘটনা সংঘটিত কৰে। বৃহস্পতিবাৰে নিশা উধমপুৰত কপিল গুপ্তা নামৰ এজন যুৱক বিবাহপাশত আবদ্ধ হয়। শুকুৰবাৰে পুৱাৰে পৰা দৰাৰ কাপোৰ পিন্ধি ভোট দিবলৈ শহুৰেকৰ ঘৰৰ পৰা পোনে পোনে বুথ পায়গৈ।নৱবিবাহিত দম্পতীয়ে নিজৰ বিয়াৰ সাজত ভোট দিয়ে। জম্মু-কাশ্মীৰৰ বাহিৰেও উত্তৰ প্ৰদেশটো প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ সময়ত অনুৰূপ ঘটনা পোহৰলৈ আহিছে।