বায়ুসেনা দিৱস উদযাপনত অংশ ল’লে ‘গ্ৰুপ কেপ্টেইন’ শচীন তেণ্ডুলকাৰে

jpg

বায়ুসেনাৰ গ্ৰুপ কেপ্টেইন শচীন তেণ্ডুলকাৰ। ফাইল ফটো

বায়ুসেনা দিৱস উদযাপন উপলক্ষে গাজিয়াবাদৰ হিংদন বিমানঘাটিত আয়োজন কৰা হৈছে উৎসৱ অনুষ্ঠানৰ। ইয়াতেই বায়ুসেনাৰ বিমানে আকাশ মাৰ্গত নিজৰ শক্তি প্ৰদৰ্শন কৰিছে।

মঙলবাৰে এই উপলক্ষে বায়ুসেনাৰ মুৰব্বী, সেনা প্ৰধানকে ধৰি বহু অতিথি গৈ তাত উপস্থিত হৈছে। কাৰ্যসূচীত অংশ লোৱা সকলৰ ভিতৰত দেখা গৈছে প্ৰাক্তন ক্ৰিকেটাৰ তথা বায়ুসেনাৰ গ্ৰুপ কেপ্টেইন (সন্মানীয়) শচীন তেণ্ডুলকাৰকো।

শচীন তেণ্ডুলকাৰে মঙলবাৰে পুৱা হিংদন বিমান ঘাটিত উপস্থিত হয় আৰু তেওঁ সম্পূৰ্ণ কাৰ্যসূচীত অংশ লয়। ইয়াৰ মাজতে তেওঁ বায়ুসেনাৰ বিষয়াসকলকো সাক্ষাৎ কৰে।

শচীনে ইয়াৰ পূৰ্বেও বায়ুসেনাৰ উৎসৱ তথা ডাঙৰ কাৰ্যসূচীসমূহত অংশ লৈ আহিছে। তদুপৰি, তেওঁক বহুবাৰ বায়ুসেনাৰ জোৱানসকলৰ সৈতে বাৰ্তালাপ কৰাও দেখা গৈছিল।

উল্লেখযোগ্য যে ২০১০ চনত শচীন তেণ্ডুলকাৰক বায়ুসেনাৰ ফালৰ পৰা গ্ৰুপ কেপ্টেইনৰ সন্মান আগবঢ়োৱা হৈছিল।

৮৭ সংখ্যক বায়ুসেনা দিৱস উপলক্ষে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি শীৰ্ষ নেতাসকলে বায়ুসেনাক অভিনন্দন জনাইছে আৰু জোৱানসকলৰ সাহসৰ প্ৰশংসা কৰিছে।

এইবাৰ বায়ুসেনা দিৱস এইবাবেও বিশেষ হিচাপে বিবেচিত হৈছে কিয়নো আজিৰ দিনটোতে বায়ুসেনাই ফ্ৰান্সৰ যুঁজাৰু বিমান ৰাফেল লাভ কৰিব।

এইবাৰৰ বায়ুসেনা দিৱসত হিংদন বিমান ঘাটিত বায়ুসেনাৰ কেইবাখনো যুঁজাৰু বিমানে আকাশ মাৰ্গত শক্তি প্ৰদৰ্শন কৰিব। ইয়াৰ ভিতৰত আছে মিৰাজ-২০০০, অপাচে, চিনুক হেলিকপ্টাৰৰ দৰে আধুনিক বিমান-হেলিকপ্টাৰ।

বায়ুসেনাৰ নতুন অধ্যক্ষ এয়াৰ মাৰ্শ্বাল আৰ কে এস ভদোৰিয়াই মঙলবাৰে ইয়াত জোৱানসকলৰ সামৰিক সম্ভাষণো গ্ৰহণ কৰে।