NORTHEAST NOW (Assamese)

নিজ পিতৃয়ে নৃশংসভাৱে হত্যা কৰিলে পুত্ৰক; বজালীত চাঞ্চল্য

January 22, 2020 7:39 am · শশাংক তালুকদাৰ

বজালীত সংঘটিত এক লোমহৰ্ষক হত্যাকাণ্ডত এটি ১২ বছৰীয়া শিশুক নিজ পিতৃয়ে নৃশংসভাৱে মৰিয়াই হত্যা কৰে। বজালীৰ শাউলিয়াবাৰীত সংঘটিত এই ঘটনাই গোটেই অঞ্চলতোটে তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে।

হত্যাকাৰী পিতৃ আমিৰ আলীক বজালী আৰক্ষীয়ে কালি গ্ৰপ্তাৰ কৰিছে। প্ৰাপ্ত তথ্য মতে আমিৰ আলীয়ে আন কেইজন লোকৰ সৈতে মিলি নিজ পুত্ৰ আলী হুছেইনক হত্যা কৰি পিছত ওচৰৰ এটা পুখুৰীৰ কাষত পেলাই থৈ যায়।

পিছত স্থানীয় লোকে শৰীৰৰ বিভিন্ন ঠাইত আঘাতপ্ৰাপ্ত আলী হুছেইনৰ নিথৰ দেহ উদ্ধাৰ কৰে। ঘটনা সম্পৰ্কত খবৰ পাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ স্নিফাৰ কুকুৰৰ লগাই অনুসন্ধান আৰম্ভ কৰে।

উল্লেখযোগ্য যে হত্যাকাণ্ডৰ মূল অভিযুক্ত আমিৰ আলীয়ে প্ৰথম অৱস্থাত স্থানীয় লোকৰ সৈতে সৰুপেটা আৰক্ষী চকীত উপস্থিত হৈ ঘটনাটো অন্যফালে নিবলৈ চেষ্টা চলাইছিল যদিও পিছত আৰক্ষীৰ জেৰাত তেওঁ হত্যা কৰাৰ কথা স্বীকাৰ কৰে।

জানিব পৰা মতে নিহত আলী হুছেইন আমিৰ আলীৰ দ্বিতীয় গৰাকী পত্নীৰ পূৰ্বৰ স্বামীৰ ফালৰ পুত্ৰ। পিছত শিশুটিৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ প্ৰেৰণ কৰা হয়।

ঘটনা সম্পৰ্কত আৰক্ষীয়ে এতিয়াও তদন্ত অব্যাহত ৰাখিছে।

Related News