হাফলঙত বিজেপিক কঠোৰ সমালোচনা প্ৰদেশ কংগ্ৰেছৰ নেতা অপূৰ্বকুমাৰ ভট্টাচাৰ্যৰ

20190111_171121

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আজি হাফলঙত উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছৰ কমিটীৰ এক প্ৰতিনিধি দল। দলটোৰ নেতৃত্বত আছিল অপূৰ্বকুমাৰ ভট্টাচাৰ্য। হাফলং নঠাও ল’জত সংবাদমেল পাতি বিজেপি দলৰ সমালোচনাত মুখৰ হৈ পৰে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্বকুমাৰ ভট্টাচাৰ্য।

তেওঁ প্ৰথমতে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদ এলেকাত থকা টাউন কমিটী নিৰ্বাচন প্ৰসঙ্গ সন্দৰ্ভত নিজৰ বক্তব্য আগবঢ়ায়। বিশেষকৈ যোৱা কাইলৈ ভোট গণনাত শাসক দলৰ বাহুবলৰ কথা উত্থাপন কৰি গণনাত বিজেপি দলে চলোৱা গুণ্ডাৰাজক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। লগতে কাৰ্বি আংলঙৰ  ৰাইজে কংগ্ৰেছ দলক ভোট দিয়া কাৰণে ধন্যবাদ জ্ঞাপন কৰে।

ভট্টাচাৰ্যই অভিযোগ কৰে,  ”শাসনাধিষ্ঠ বিজেপি দলে কাৰ্বি পাহাৰৰ টাউন কমিটী নিৰ্বাচনত ধনবল আৰু প্ৰশাসন যন্ত্ৰক ব্যৱহাৰ কৰাৰ উপৰিও নিকৃষ্টতম পন্থা অৱলম্বন কৰি ক্ষমতা আহৰণৰ অপচেষ্টা চলায়। আনহাতে কংগ্ৰেছ দলৰ সম্বল আছিল জনসংযোগ আৰু জনসাধাৰণৰ প্ৰতি আস্থা।”

ভট্টাচাৰ্যই কয় যে কংগ্ৰেছ দল এটা ধৰ্ম নিৰপেক্ষ দল। যি দলে পাহাৰ ভৈয়ামৰ ৰাইজৰ মাজত বৈষম্য দূৰ কৰি সমমৰ্য্যদা , সমঅধিকাৰ আৰু সম-উন্নয়ন নিশ্চিত কৰাৰ ক্ষেত্ৰত দায়বদ্ধ।

ভট্টাচাৰ্যই ডিমা হাছাওৰ প্ৰতিগৰাকী ভোটাৰলৈ বিনম্ৰ নিবেদন জনাই কয়  ”মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰঞ্জিতকুমাৰ দাসৰ বিজেপি দল আৰু চৰকাৰে কু-অভিসন্ধি ৰচনা কৰিছে তাৰ বিৰুদ্ধে থিয় হব লাগিব।”

তেওঁ আৰু কয় যে পাৰ্বত্য পৰিষদত কংগ্ৰেছ দল ক্ষমতালৈ আহিলে জিলাখনৰ যোগাযোগ ব্যৱস্থাৰ উপৰিও খোৱাপানী সমস্যাৰ সমাধানত অধিক গুৰুত্ব দিব।

তেওঁ কয়, ‘‘উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত কংগ্ৰেছে এইবাৰ ভাল ফলাফল লাভ কৰিব। চৰকাৰ গঠনত কংগ্ৰেছ দল সক্ষম হ’ব বুলি মন্তব্য কৰে ভট্টাচাৰ্যই।

লগতে ডিমা হাছাও জিলাত লুণ্ঠন চলোৱা সকলক যি সকলে পৃষ্ঠপোষকতা কৰি আছে তেওঁলোকক সকীয়াই  দিয়ে ভট্টাচাৰ্যই।

ইয়াৰ উপৰি ৰাইজে যাতে মুকলি ভাবে যাতে নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰে তাৰ কাৰণে প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ কৰে।

তেওঁ কয় ডিমা হাছাওৰ ভোটাৰ ৰাইজৰ ওপৰত আস্থা আছে। ৰাইজে ভোটৰ জৰিয়তে বিজেপি দলক ক্ষমতাৰ পৰা অপসাৰিত কৰাত সক্ষম হব। লগতে তেওঁ কংগ্ৰেছৰ প্ৰাৰ্থীক বিজয়ী কৰাৰ আহ্বান জনায়।

সংবাদমেলত উপস্থিত আছিল প্ৰদেশ কংগ্ৰেছৰ সম্পাদক তথা ডিমা হাছাও কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত নেতা ৰমন্ন বৰুৱা, প্ৰদেশ কংগ্ৰেছৰ সম্পাদক চেমছন ইংতি, সুৰেশ বৰা, সম্পাদক প্ৰদেশ কংগ্ৰেছ ,ডিমা হাছাও জিলা কংগ্ৰেছৰ সম্পাদক তথা মিডিয়া চেলৰ দায়িত্বপ্ৰাপ্ত তুষাৰকান্তি দেব আৰু তুলশি প্ৰসাদ উপাধ্যায়।