ভাৰত চৰকাৰে সামগ্ৰী আৰু সেৱা শুল্ক চমুকৈ জিএছটি ব্যৱস্থাত ডাঙৰ পৰিৱৰ্তন আনিছে। জিএছটি পৰিষদৰ ৫৬ সংখ্যক বৈঠকত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। নিত্য ব্যৱহাৰ্য্য সামগ্ৰীৰ জিএছটি ১২ৰ পৰা শতাংৰ পৰা ৫ শতাংশলৈ আৰু ইলেক্ট্ৰনিক্স আৰু বাহনত ২৮ শতাংশৰ পৰা ১৮ শতাংশ লৈ হ্ৰাস কৰা হৈছে। ২২ ছেপ্তেম্বৰ নৱৰাত্ৰিৰ প্ৰথম দিনৰ পৰাই কাৰ্যকৰী হ’ব পৰিৱৰ্তিত জিএছটি। ইয়াৰ লগতে জীৱন বীমা আৰু স্বাস্থ্য বীমাৰ পৰা GST সম্পূৰ্ণৰূপে আঁতৰোৱা হৈছে, শিক্ষাখণ্ডটো জিএছটি মুক্ত কৰা হৈছে ।
বিত্তমন্ত্ৰী সীতাৰমণে বৈঠকৰ পিছত সংবাদমেল সম্বোধন কৰি কয় যে, সাধাৰণ মানুহৰ বোজা লাঘৱ কৰা আৰু অৰ্থনীতিক গতি প্ৰদান কৰাৰ লক্ষ্যৰে এই সংস্কাৰ কৰা হৈছে। এই হ্ৰাসৰ ফলত খাদ্য, স্বাস্থ্য, শিক্ষা আৰু যাতায়তৰ দৰে খণ্ডত ডাঙৰ প্ৰভাৱ পৰিব বুলি উল্লেখ কৰে বিত্ত মন্ত্ৰীগৰাকীয়ে। শেহতীয়া সংস্কাৰ অনুসৰি-
নিত্য ব্যৱহাৰ্য সামগ্ৰীত ৰেহাইঃ
দৈনন্দিন জীৱনৰ অবিহনে চলিব নোৱাৰা কেইবাটাও সামগ্ৰীৰ GST হ্ৰাস কৰা হৈছে।
– তেল, চেম্পু, টুথপেষ্ট, চাবোন, টুথব্ৰাছ, শ্বেভিং ক্ৰীম আদি সামগ্ৰী।
– মাখন, ঘিউ, পনীৰ, দুগ্ধজাত সামগ্ৰী, নিমখ আৰু জলকীয়াৰ দৰে খাদ্য সামগ্ৰী।
– বাচন-বৰ্তন, নেপকিন, ডায়েপাৰ আৰু চিলাই মেচিনৰ দৰে ঘৰুৱা সামগ্ৰী।
এই সামগ্ৰী সমূহৰ পৰা GST ১২ শতাংশৰ পৰা ৫ শতাংশলৈ নমাই অনা হৈছে। ইয়াৰ লগে লগে এই সামগ্ৰীসমূহৰ দামত ৭ শতাংশলৈকে হ্ৰাস হ‘ব পাৰে।
স্বাস্থ্য খণ্ডত ৰেহাইঃ
স্বাস্থ্য বীমাৰ ওপৰত GST সম্পূৰ্ণৰূপে আঁতৰোৱা হৈছে, যাৰ ফলত প্ৰিমিয়ামৰ দাম কমিব আৰু অধিক মানুহে বীমা ল‘ব পাৰিব। ইয়াৰ উপৰিও স্বাস্থ্য সংক্ৰান্তীয় সামগ্ৰী যেনে থাৰ্মোমিটাৰ, অক্সিজেন, ডায়েগনষ্টিক কিট, ৰিএজেণ্ট, গ্লুক’মিটাৰ আৰু টেষ্ট ষ্ট্ৰিপৰ জিএছটি হ্ৰাস কৰা হৈছে। এই পৰিৱৰ্তনে চিকিৎসা খৰচ লাঘৱ কৰিব আৰু বিশেষকৈ দৰিদ্ৰ শ্ৰেণীৰ লোকসকলক সহায় কৰিব।
শিক্ষা খণ্ডত জিএছটি(GST) মুক্তঃ
শিক্ষাৰ সামগ্ৰীসমূহক সম্পূৰ্ণৰূপে GST মুক্ত কৰা হৈছে। ইয়াৰ অধীনত মানচিত্ৰ, চাৰ্ট, গ্লব, পেঞ্চিল, চাৰ্পেনাৰ, ক্ৰেয়ন, পেষ্টেল, কিতাপ, বহী আৰু ইৰেজাৰৰ দৰে বস্তু অন্তৰ্ভুক্ত। এই ঘোষণাই ছাত্ৰ-ছাত্ৰীসকলৰ বাবে শিক্ষা সামগ্ৰী অধিক সুলভ কৰিব।
ইলেক্ট্ৰনিক্স আৰু বাহনত ৰেহাইঃ
ইলেক্ট্ৰনিক সামগ্ৰীত ডাঙৰ পৰিৱৰ্তন। এয়াৰ কণ্ডিচনাৰ, টেলিভিছন (৩২ ইঞ্চিতকৈ ডাঙৰ LED আৰু LCD), মনিটৰ, প্ৰজেক্টৰ আৰু ডিচৱাছাৰৰ GST ২৮ শতাংশৰ পৰা ১৮ শতাংশলৈ হ্ৰাস কৰা হৈছে। ইয়াৰ ফলত এই সামগ্ৰীৰ দাম ১০ শতাংশলৈকে কমিব পাৰে।
একে সময়তে বাহন খণ্ডতো সুসংবাদ। পেট্ৰ’ল গাড়ী, ডিজেল গাড়ী, তিনিচকীয়া বাহন, মটৰ চাইকেল আৰু সামগ্ৰী কঢ়িওৱা বাহনৰ GST ২৮ শতাংশৰ পৰা ১৮ শতাংশলৈ নমাই অনা হৈছে। এই হ্ৰাসে অটোম‘বাইল উদ্যোগক গতি প্ৰদান কৰিব আৰু গ্ৰাহকসকলক সস্তাত বাহন কিনিবলৈ সহায় কৰিব।
কৃষি খণ্ডতৰেহাইঃ
কৃষকসকলৰ বাবে ডাঙৰ সকাহ। ট্ৰেক্টৰ, টায়াৰ, জৈৱ-কীটনাশক, ড্ৰিপ জলসিঞ্চন ব্যৱস্থা আৰু মাটি খান্দিবলৈ ব্যৱহাৰ কৰা মেচিনৰ GST হ্ৰাস কৰা হৈছে। ইয়াৰ ফলত কৃষি সামগ্ৰী অধিক সুলভ হ‘ব আৰু উৎপাদন বৃদ্ধি পাব।
এই GST সংস্কাৰসমূহে অৰ্থনীতিত নতুন গতি আনিব বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে। তথাপিও, বজাৰত এই পৰিৱৰ্তনৰ প্ৰভাৱ নিৰীক্ষণ কৰিব লাগিব। গ্ৰাহকসকলে ২২ ছেপ্তেম্বৰৰ পৰা এই লাভ উঠাব পাৰিব। অধিক বিৱৰণৰ বাবে GST পৰিষদৰ অফিচিয়েল ৱেবছাইট চাব পাৰে। https://www.gst.gov.in/