• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মণিপুৰৰ কুকি-জো উগ্ৰপন্থী সংগঠনসমূহৰ সৈতে ‘অভিযান স্থগিত’ চুক্তি নবীকৰণৰ পথত কেন্দ্ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 4, 2025 7:43 pm
22
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰত চলি থকা অশান্তিৰ মাজতে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে কুকি-জো উগ্ৰপন্থী সংগঠনৰ সৈতে অভিযান স্থগিত বা ‘চাচপেনচন অৱ অপাৰেচন’ (SoO) চুক্তি নবীকৰণৰ আলোচনাত যথেষ্ট অগ্ৰগতি লাভ কৰিছে। ৩ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা বৈঠকখন আজি অৰ্থাৎ ৪ ছেপ্টেম্বৰত সমাপ্ত হোৱাৰ কথা।

নিৰ্ভৰযোগ্য সূত্ৰই দাবী কৰিছে যে তীব্ৰ আপত্তি সত্ত্বেও কেন্দ্ৰীয় চৰকাৰে চুক্তি নবীকৰণৰ দিশত আগবাঢ়িছে। ৰাজ্যৰ বিভিন্ন মেইটেই সংগঠনে বাৰে বাৰে এই চুক্তি বাতিল কৰিবলৈ দাবী জনাই আহিছে। তেওঁলোকৰ অভিযোগ যে কুকি-জো উগ্ৰপন্থী সংগঠনে SoO নিয়ম উলংঘা কৰি ২০২৩ চনৰ মে’ মাহৰ পৰা আৰম্ভ হোৱা গোষ্ঠীগত সংঘৰ্ষত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছে।

Apply Now

৩ ছেপ্টেম্বৰত দুপৰীয়া দিল্লীত কুকি-জো কাউন্সিলৰ নেতাসকলে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ বিষয়াসকলক সাক্ষাৎ কৰে। পিছত বিয়লি প্ৰায় ৩ বজাত SoO-ৰ সৈতে জড়িত কুকি-জো সংগঠনৰ প্ৰতিনিধিৰ সৈতে আলোচনা কৰা হয়। যদিও আলোচনাত চূড়ান্ত সিদ্ধান্তত উপনীত নহ’ল, তথাপিও দুয়োপক্ষই প্ৰাথমিক চুক্তিত উপনীত হৈছে আৰু নবীকৰণৰ স্বাক্ষৰ হ’ব বুলি সূত্ৰই প্ৰকাশ কৰিছে।

কেন্দ্ৰীয় চৰকাৰৰ হৈ বৈঠকত নেতৃত্ব দিয়ে যুটীয়া সঞ্চালক (উত্তৰ-পূব) ৰাজেশ কাম্বলে আৰু উত্তৰ-পূবৰ বাবে কেন্দ্ৰৰ উপদেষ্টা তথা আলোচনাকাৰী এ. কে মিশ্ৰই আৰু মণিপুৰ চৰকাৰক প্ৰতিনিধিত্ব কৰে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান আশুতোষ কুমাৰ আৰু ৰাজ্যিক গৃহ বিভাগৰ মুৰব্বী অশোকে। অৱশ্যে মণিপুৰ চৰকাৰৰ প্ৰতিনিধিসকলক ৰাজনৈতিক আলোচনাত অংশগ্ৰহণৰ পৰা বিৰত ৰখা হৈছে।

কুকি-জোৰ ফালৰ পৰা কুকি নেচনেল অৰ্গেনাইজেশ্যন (কে এন অ’) আৰু ইউনাইটেড পিপলছ ফ্ৰণ্টৰ চাৰিজনকৈ প্ৰতিনিধিয়ে আলোচনাত অংশগ্ৰহণ কৰে। জানিব পৰা মতে, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিবেও তেওঁলোকৰ সৈতে নবীকৰণ চুক্তিত স্বাক্ষৰ কৰিব।

নবীকৰণৰ উপৰিও মণিপুৰৰ পৰা পৃথক প্ৰশাসনিক কাঠামোৰ দাবী পুনৰবাৰ উত্থাপন কৰিছে কুকি-জো সংগঠনসমূহে। ২০২৩ চনৰ সংঘাতৰ পিছৰে পৰা এই দাবী প্ৰবল হৈ পৰিছে। অৱশ্যে ৰাজনৈতিক দাবীত কেন্দ্রীয় চৰকাৰে এতিয়াও কোনো প্রতিশ্রুতি দিয়া নাই৷

যুদ্ধবিৰতিৰ সময়সীমা বৃদ্ধিৰ ক্ষেত্ৰত সীমাবদ্ধ হৈ আছে আলোচনা। এই চুক্তিৰ ৰাজনৈতিক তাৎপৰ্যও অধিক। কাৰণ এই মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰ ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে। অহা ১৩ ছেপ্টেম্বৰত চুবুৰীয়া অসম ভ্ৰমণৰ কথা। যদি মণিপুৰ ভ্ৰমণ নিশ্চিত হয় তেন্তে ২০২৩ চনৰ মে’ মাহত আৰম্ভ হোৱা ভয়ানক গোষ্ঠীগত সংঘৰ্ষৰ পিছত প্ৰধানমন্ত্ৰীৰ প্ৰথম ভ্ৰমণ হ’ব।

২০২৩ চনৰ মে’ মাহৰ পৰা আৰম্ভ হোৱা সংঘৰ্ষত ২৬০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে। হাজাৰ হাজাৰ লোকে জীৱিকা হেৰুৱাইছে, আৰু প্ৰায় ৬০ হাজাৰ লোকে স্থানচ্যুত হৈ অস্থায়ী শিবিৰত আশ্ৰয় লৈছে। এতিয়াও অনিশ্চিত ভৱিষ্যত লৈ বহু লোকে শিবিৰত বাস কৰি আছে। ৰাজ্যখন কাৰ্যতঃ দুটা সম্প্ৰদায়ৰ ভিত্তিত বিভক্ত। ফেব্ৰুৱাৰী মাহৰ পৰাই মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন চলি আছে। এনে পৰিস্থিতিত SoO চুক্তিৰ নবীকৰণ কেৱল নিৰাপত্তা বা শান্তিৰ প্ৰশ্নই নহয়, আগন্তুক প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ প্ৰেক্ষাপটতো ৰাজনৈতিক বাৰ্তাও বহন কৰিছে।

মণিপুৰৰ বৰ্তমানৰ সংকট বুজিবলৈ হ’লে SoO চুক্তি কেৱল প্ৰশাসনিক পদক্ষেপ নহয়, ৰাজ্যখনৰ দীৰ্ঘম্যাদী ৰাজনৈতিক সংঘাতৰ প্ৰতিফলন। কুকি-জো সংগঠনসমূহে তেওঁলোকক যুদ্ধবিৰতিৰ অধীনত ৰাখিবলৈ দাবী জনাইছে, কিয়নো ইয়াৰ দ্বাৰা অন্ততঃ সাময়িক শান্তি বজাই ৰখা হৈছে। কিন্তু মেইটেই সংগঠনসমূহে অভিযোগ উত্থাপন কৰিছে যে এই চুক্তিয়ে বিদ্ৰোহী গোটসমূহক নিৰাপদ আশ্ৰয় দিছে আৰু পৰোক্ষভাৱে হিংসাক উৎসাহিত কৰিছে। ফলত মণিপুৰ সমাজত এক প্ৰকাৰৰ গভীৰ অনাস্থাৰ সৃষ্টি হৈছে।

বিশেষজ্ঞসকলৰ মতে, কেন্দ্ৰীয় চৰকাৰে এফালে শান্তি আলোচনাক বৰ্তাই ৰাখিব বিচাৰে, আনফালে মেইটেই সম্প্ৰদায়ৰ ক্ষোভক সম্পূৰ্ণৰূপে আওকাণ কৰিব নোৱাৰে। এই সংঘাতে মণিপুৰৰ ৰাজনৈতিক সমীকৰণ আৰু অধিক জটিল কৰি তুলিছে। ৰাজ্য প্ৰশাসন আৰু নিৰাপত্তা বাহিনীৰ ওপৰতো হেঁচা বাঢ়িছে, কিয়নো সামান্যতম সিদ্ধান্ত গ্ৰহণৰ ভুলে পুনৰ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে। গতিকে SoO নবীকৰণৰ সিদ্ধান্ত কেৱল কাগজৰ স্বাক্ষৰ নহয়, মণিপুৰৰ ভৱিষ্যতৰ স্থিতিশীলতাৰ বাবে এক পৰীক্ষামূলক পদক্ষেপ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

August 15, 2026 9:15 pm
শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

August 15, 2026 8:50 pm
চৰকাৰৰ সাহস-সদিচ্ছাৰ অভাৱত আজিও সম্পূৰ্ণকৈ ৰূপায়ণ নহ’ল অসম চুক্তি, সমাধান নহ’ল বিদেশী সমস্যাৰ

চৰকাৰৰ সাহস-সদিচ্ছাৰ অভাৱত আজিও সম্পূৰ্ণকৈ ৰূপায়ণ নহ’ল অসম চুক্তি, সমাধান নহ’ল বিদেশী সমস্যাৰ

August 15, 2026 7:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

August 15, 2026 9:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd