কাজিৰঙাত গুজৰাটৰ সংবাদ মাধ্যমৰ দল, অৰ্কিড পাৰ্কৰ প্ৰশংসা

বৃহস্পতিবাৰে গুজৰাটৰ সাতজনীয়া সাংবাদিকৰ এটা দলে ‘ইউনেস্কোৰ বিশ্ব ঐতিহ্যক্ষেত্ৰ’ ‘কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ প্ৰকল্প এলেকা’ (কেএনপিটিআৰ) পৰিদৰ্শন কৰে। ৰাজ্যখনত ঔদ্যোগিক, কাৰিকৰী, প্ৰাকৃতিক, সাংস্কৃতিক আৰু আন্তঃগাঁথনিগত বিকাশৰ তথ্য অন্বেষণৰ বাবে ‘প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰো’য়ে আয়োজন কৰা অসম ভ্ৰমণৰ অংশ আছিল এই ভ্ৰমণ। 

দলটোক ‘কেএনটিপিআৰ’-ৰ এক সামগ্ৰিক দৃশ্য প্ৰত্যক্ষ কৰোৱা হৈছিল।  সাংবাদিকসকলে এশিঙীয়া গঁড়ৰ বাসস্থান, ইয়াৰ বিশেষত্ব আৰু চোৰাং চিকাৰ আৰু বাসস্থান হেৰুওৱাকে ধৰি গঁড়ৰ সংৰক্ষণৰ বাবে সন্মুখীন হোৱা গুৰুত্বপূৰ্ণ ভাবুকিসমূহৰ সম্যক বুজ লয়। দলটোক উদ্যানৰ বিষয়াসকলে কাজিৰক্ষা কৰ্তৃপক্ষই গ্ৰহণ কৰা সংৰক্ষণ ব্যৱস্থাৰ বিষয়ে অৱগত কৰে। এনে ধৰণৰ ব্যৱস্থাৱলীৰ সুবাদত গঁড়ৰ সংখ্যা যথেষ্ট বৃদ্ধি পোৱাৰ কথাও তেওঁলোকে জানিবলৈ দিয়ে।

সাংবাদিকৰ প্ৰতিনিধি দলটোৱে জীপ আৰু হাতী ছাফাৰী পৰিচালনাত দক্ষতা বৃদ্ধিৰ বাবে প্ৰশিক্ষণ লৈ থকা ‘ফ্ৰণ্টলাইন ফৰেষ্ট গাইড’সকলৰ সৈতেও বাৰ্তালাপ কৰে। উদ্যানখনে প্ৰতি বছৰে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশৰ পৰা লাখ লাখ পৰ্যটকক আকৰ্ষিত কৰি আহিছে আৰু ২০২৪ চনৰ ১ অক্টোবৰৰ পৰা উদ্যানখন পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হ’ব।

পিছত, দলটোৱে ‘অৰ্কিড পাৰ্ক’ পৰিদৰ্শন কৰে আৰু বিভিন্ন ধৰণৰ অৰ্কিড প্ৰত্যক্ষ কৰি পাৰ্কৰ শলাগ লয়।