NORTHEAST NOW (Assamese)

‘য়েছ্ চাৰ’ অতীত! বিদ্যালয়ৰ ৰোল-কলৰ সঁহাৰিত ছাত্ৰৰ মুখত ‘জয় শ্ৰী ৰাম’ ধ্বনি

January 12, 2024 5:07 pm · এন ই নাও নিউজ, গুৱাহাটী

উদ্বোধনৰ বাবে সাজু হৈ উঠিছে অযোধ্যাৰ ৰাম মন্দিৰ। দশক দশকজোৰা বিতৰ্কৰ অন্তত নিৰ্মাণ হৈ থকা ৰাম মন্দিৰ অহা ২২ জানুৱাৰীত প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধন কৰিব।

ইয়াৰ বাবে যথেষ্ট তৎপৰতা পৰিলক্ষিত হৈছে কেন্দ্ৰৰ বিজেপি চৰকাৰ তথা হিন্দুত্ববাদী সংগঠনসমূহৰ মাজত। হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ মাজতো পৰিলক্ষিত হৈছে উৎসাহ।

তাৰ মাজতে শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এক বিশেষ দৃশ্য। ভাইৰেল ভিডিঅ’টোত দেখিবলৈ পোৱা গৈছে এখন বিদ্যালয়ৰ শ্ৰেণীকোঠাত ৰাম মন্দিৰক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উদ্দীপনা।

সাধাৰণতে, শ্ৰেণীকোঠাত শিক্ষাৰ্থীৰ উপস্থিতিৰ ৰোল কলৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলে ৰোল কলৰ সঁহাৰি হিচাপে ‘য়েছ্ চাৰ’ বুলি সম্বোধন কৰা দেখিবলৈ পোৱা যায়।

কিন্তু ভাইৰেল ভিডিঅ’টোত এই পৰম্পৰাগত প্ৰথাৰ পৰিৱৰ্তে শিক্ষাৰ্থীসকলে ৰাল কলৰ সঁহাৰি হিচাপে ধৰ্মীয় ধ্বনি ‘জয় শ্ৰী ৰাম’ ব্যৱহাৰ কৰা দেখিবলৈ পোৱা গৈছে।

 

এই দৃশ্য গুজৰাটৰ। ৰাজ্যখনৰ বনসকান্থা জিলাৰ এখন বিদ্যালয়ৰ এই দৃশ্যই তোলপাৰ লগাইছে সামাজিক মাধ্যমত। ভিডিঅ’টোক কেন্দ্ৰ কৰি নানা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

প্ৰধানতঃ বিদ্যালয়ত এইদৰে ধৰ্মীয় ধ্বনি আওৰোৱা ঘটনাত আশ্চৰ্য প্ৰকাশ কৰিছে বিভিন্নজনে।

Related News