মেক্সিকোত সন্ত্ৰাসবাদী আক্ৰমণ; মেয়ৰসহ কমেও ১৯ জন লোক নিহত

Gunmen kill 19 including Mayor মেক্সিকোৰ চান মিগুৱেল টোটোলাপান চহৰত বন্দুকধাৰীৰ আক্ৰমণত মেয়ৰসহ কমেও ১৯ জন লোক নিহত হৈছে। স্থানীয় প্ৰশাসনৰ উদ্ধৃতি দি বিবিচিয়ে এই বাতৰি নিশ্চিত কৰিছে।

মৃত মেয়ৰগৰাকীৰ নাম কনৰাডো মেণ্ডোজা আলামেডা। তেওঁৰ পিতৃ জুয়ান মেণ্ডোজা একোষ্টাও চহৰখনৰ মেয়ৰ আছিল। আক্ৰমণৰ পূৰ্বে ঘৰত প্ৰৱেশ কৰি তেওঁকো গুলীয়াই হত্যা কৰা হয়।

লগতে পঢ়ক: চাইল্ডকেয়াৰ চেণ্টাৰত প্ৰাক্তন আৰক্ষী কৰ্মীৰ নিৰ্বিচাৰ গুলীচালনা; ২২ টি শিশুসহ নিহত ৩৪ জন

ঘটনাটোৰ পিছতে তেওঁৰ দল পিআৰডি-য়ে কনৰাডোৰ এই হত্যাকাণ্ডক গৰিহণা দিয়ে। তেওঁলোকে ঘটনাটোৰ উচিত বিচাৰ দাবী কৰিছে। তেওঁলোকে আক্ৰমণটোৰ বাবে লছ টাকুইলেৰোছ নামৰ এটা সন্ত্ৰাসবাদী গোটক দোষাৰোপ কৰিছে।

ইপিনে, আক্ৰমণৰ পিছত দেশখনৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ে কৈছে যে বন্দুকধাৰীসকলক বিচাৰি উলিওৱাৰ বাবে অঞ্চলটোত সেনা আৰু নৌসেনা মোতায়েন কৰা হৈছিল।

লগতে পঢ়ক: চৰিত্ৰ ঘুৰি আহিল সাংবাদিকৰ! প্ৰতিবাদৰ চাপত চৰকাৰে প্ৰত্যাহাৰ কৰিলে নিৰ্দেশনা

আক্ৰমণৰ কিছু পূৰ্বে “সন্ত্ৰাসবাদী গোট” লছ টেকুইলেৰোছৰ সদস্যসকলে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ বাৰ্তা মুকলি কৰি অঞ্চলটোলৈ উভতি অহাৰ কথা ঘোষণা কৰে। তেওঁলোকে সুৰক্ষা বাহিনীক চহৰখনত প্ৰৱেশ কৰাত বাধা দিবলৈ ডাঙৰ বাহনেৰে ঘাইপথ অৱৰোধ কৰি ৰাখিছিল।